পি এম ইণ্ডিয়া
গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইজী, জনপ্ৰিয় যুৱ মুখ্যমন্ত্ৰী বৈদ্য প্ৰমোদ সাৱন্তজী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালজী, শ্ৰীপদ নায়ক জী, ড০ মহেন্দ্ৰভাই মুঞ্জাপাৰা জী, শ্ৰী শেখৰজী, বিশ্ব আয়ুষৰ ক্ষেত্ৰৰ সকলো পণ্ডিত আৰু বিশেষজ্ঞ, সমগ্ৰ বিশ্বৰ ভদ্ৰমহিলা আৰু গণ্যমান্য ব্যক্তিসকল!
গোৱাৰ সুন্দৰ ভূমিত বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ বাবে ভাৰত আৰু বিদেশৰ পৰা সমবেত হোৱা সকলো বন্ধুক মই স্বাগতম জনাইছো। বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সফলতাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। এই অনুষ্ঠানটো এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া ভাৰতৰ স্বাধীনতাৰ ‘অমৃত কাল’ (সোণালী যুগ) যাত্ৰা আৰম্ভ হৈছে। আমাৰ জ্ঞান, বিজ্ঞান আৰু সাংস্কৃতিক অভিজ্ঞতাৰ জৰিয়তে বিশ্বৰ কল্যাণৰ সংকল্প হৈছে ‘অমৃত কাল’ৰ এক ডাঙৰ লক্ষ্য আৰু আয়ুৰ্বেদ ইয়াৰ বাবে এক শক্তিশালী আৰু কাৰ্যকৰী মাধ্যম। ভাৰতেও এই বছৰ জি-২০ গোটৰ আয়োজন আৰু অধ্যক্ষতা কৰিছে। জি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে – “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”! বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত সমগ্ৰ বিশ্বৰ স্বাস্থ্যৰ সৈতে আপোনালোক সকলোৱে এনে বিষয়ৰ ওপৰত আলোচনা কৰিব। মই সুখী যে বিশ্বৰ ৩০ খনতকৈও অধিক দেশে আয়ুৰ্বেদক পৰম্পৰাগত ঔষধৰ ব্যৱস্থা হিচাপে স্বীকৃতি দিছে। আমি একেলগে আয়ুৰ্বেদৰ স্বীকৃতিৰ বাবে ইয়াক অধিক সংখ্যক দেশলৈ লৈ যাব লাগিব।
বন্ধুসকল,
আজি মই আয়ুষ সম্পৰ্কীয় তিনিটা প্ৰতিষ্ঠান দেশবাসীলৈ উৎসৰ্গা কৰাৰ সুযোগ পাইছো। মই বিশ্বাস কৰোঁ যে সৰ্বভাৰতীয় আয়ুৰ্বেদ-গোৱা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ইনষ্টিটিউট অৱ ইউনানী মেডিচিন-গাজিয়াবাদ আৰু নেচনেল ইনষ্টিটিউট অৱ হোমিঅ’পেথি-দিল্লীয়ে আয়ুষ স্বাস্থ্য সেৱা প্ৰণালীক এক নতুন গতি প্ৰদান কৰিব।
বন্ধুসকল,
আয়ুৰ্বেদ হৈছে এনে এক বিজ্ঞান যাৰ দৰ্শন আৰু মূলমন্ত্ৰ হৈছে- ‘सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः’ অৰ্থাৎ, ‘সকলো সুখী হওক, সকলো ৰোগৰ পৰা মুক্ত হওক’। অৰ্থাৎ, যেতিয়া কোনো ৰোগ হয়, ইয়াৰ চিকিৎসা কৰাটো এক বাধ্যবাধকতা নহয়, কিন্তু জীৱন ৰোগৰ পৰা মুক্ত হ’ব লাগে। সাধাৰণ ধাৰণাটো হ’ল যে যদি কোনো স্পষ্ট ৰোগ নাথাকে তেন্তে আমি স্বাস্থ্যৱান। কিন্তু আয়ুৰ্বেদ অনুসৰি স্বাস্থ্যৱান হোৱাৰ সংজ্ঞা বহুত বহল। আপুনি সকলোৱে জানে যে আয়ুৰ্বেদে কয় सम दोष समाग्निश्च, सम धातु मल क्रियाः। प्रसन्न आत्मेन्द्रिय मनाः, स्वस्थ इति अभिधीयते অৰ্থাৎ, যাৰ শৰীৰ সন্তুলিত, সকলো কাৰ্যকলাপ সন্তুলিত, আৰু মন সুখী, তেওঁ স্বাস্থ্যৱান। সেইকাৰণে আয়ুৰ্বেদ চিকিৎসাৰ বাহিৰত যায় আৰু সুস্থতাৰ বিষয়ে কয় আৰু সুস্থতা বৃদ্ধি কৰে। পৃথিৱীখনো এতিয়া সকলো পৰিৱৰ্তন আৰু প্ৰৱণতাৰ পৰা ওলাই আহিছে আৰু জীৱনৰ এই প্ৰাচীন দৰ্শনলৈ ঘূৰি আহিছে। আৰু মই বহুত সুখী যে ভাৰতে ইয়াৰ ওপৰত বহু আগতে কাম কৰা আৰম্ভ কৰিছিল। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ পালন কৰিছিলো, আমি আয়ুৰ্বেদৰ প্ৰচাৰৰ বাবে বহুতো প্ৰচেষ্টা আৰম্ভ কৰিছিলো। আমি আয়ুৰ্বেদ সম্পৰ্কীয় প্ৰতিষ্ঠানসমূহৰ প্ৰচাৰ কৰিছিলো আৰু গুজৰাট আয়ুৰ্বেদ বিশ্ববিদ্যালয়ৰ আধুনিকীকৰণ কৰিছিলো। ইয়াৰ ফলাফল হৈছে যে আজি বিশ্বৰ পৰম্পৰাগত ঔষধৰ বাবে একমাত্ৰ গোলকীয় কেন্দ্ৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা মুকলি কৰা হৈছে। আমি চৰকাৰত আয়ুষৰ এটা পৃথক মন্ত্ৰালয় স্থাপন কৰিছিলো যাৰ ফলত আয়ুৰ্বেদৰ প্ৰতি উৎসাহ আৰু বিশ্বাস বৃদ্ধি পাইছিল। আজি এইমছৰ আৰ্হিত ‘সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান’ মুকলি কৰা হৈছে। বিশ্ব ব্যাপী আয়ুষ উদ্ভাৱন আৰু বিনিয়োগ সন্মিলনো এই বছৰ সফলতাৰে আয়োজন কৰা হৈছিল আৰু বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ প্ৰচেষ্টাকো প্ৰশংসা কৰিছিল। সমগ্ৰ বিশ্বই এতিয়া স্বাস্থ্য আৰু সুস্থতাৰ এক গোলকীয় উৎসৱ হিচাপে আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰে। অৰ্থাৎ, যোগ আৰু আয়ুৰ্বেদ, যাক আগতে উপেক্ষা কৰা হৈছিল, আজি সমগ্ৰ মানৱতাৰ বাবে এক নতুন আশা হৈ পৰিছে।
বন্ধুসকল,
আয়ুৰ্বেদৰ সৈতে সম্পৰ্কিত আন এটা দিশ আছে, যিটো মই নিশ্চিতভাৱে বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত উল্লেখ কৰিব বিচাৰো। অনাগত শতিকাত আয়ুৰ্বেদৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এইটো সমানে প্ৰয়োজনীয়।
বন্ধুসকল,
আয়ুৰ্বেদ সম্পৰ্কে বিশ্বব্যাপী সহমত আৰু গ্ৰহণযোগ্যতাৰ বাবে ইমান সময় লাগিছিল কিয়নো প্ৰমাণক আধুনিক বিজ্ঞানৰ আধাৰ হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদৰ ক্ষেত্ৰত আমাৰ ফলাফলৰ লগতে প্ৰভাৱো আছিল, কিন্তু প্ৰমাণৰ ক্ষেত্ৰত আমি পিছ পৰি আছিলো। আৰু সেয়েহে, আজি আমাৰ বাবে ‘ডাটা-আধাৰিত প্ৰমাণ’ৰ নথিপত্ৰ কৰাটো অত্যাৱশ্যকীয়। আমি এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি একেৰাহে কাম কৰিব লাগিব। আমি আমাৰ চিকিৎসা তথ্য, গৱেষণা আৰু আলোচনীবোৰ একেলগে আনিব লাগিব আৰু আধুনিক বৈজ্ঞানিক মাপকাঠিৰ ওপৰত প্ৰতিটো দাবী প্ৰমাণিত কৰিব লাগিব। বিগত কেইবছৰমানত ভাৰতত এই দিশত বৃহৎ পৰিমাণে প্ৰচেষ্টা কৰা হৈছে। আমি প্ৰমাণ-আধাৰিত গৱেষণা তথ্যৰ বাবে এটা আয়ুষ গৱেষণা পৰ্টেলো সৃষ্টি কৰিছো। ইয়াত প্ৰায় ৪০,০০০ গৱেষণা অধ্যয়নৰ তথ্য আছে। ক’ৰোনা কালতো আয়ুষ সম্পৰ্কীয় প্ৰায় ১৫০ টা নিৰ্দিষ্ট গৱেষণা অধ্যয়ন আমাৰ আছে। সেই অভিজ্ঞতাক আগুৱাই লৈ আমি এতিয়া ‘ৰাষ্ট্ৰীয় আয়ুষ গৱেষণা কনচৰ্টিয়াম’ গঠনৰ দিশত আগবাঢ়িছো। যোগ আৰু আয়ুৰ্বেদ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গৱেষণা এইমছৰ চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মেডিচিনৰ দৰে প্ৰতিষ্ঠানতো কৰা হৈছে। মই সুখী যে ইয়াৰ পৰা আয়ুৰ্বেদ আৰু যোগ সম্পৰ্কীয় গৱেষণা পত্ৰসমূহ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত হৈছে। শেহতীয়াকৈ, আমেৰিকান কলেজ অফ কাৰ্ডিঅ’লজী আৰু নিউৰোলজী জাৰ্নেলৰ দৰে সন্মানীয় আলোচনীত বহুতো গৱেষণা পত্ৰ প্ৰকাশিত হৈছে। মই বিচাৰো যে বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সকলো অংশগ্ৰহণকাৰী য়ে আয়ুৰ্বেদৰ বাবে বিশ্বব্যাপী মৰ্যাদা নিশ্চিত কৰিবলৈ ভাৰতৰ সৈতে আহিব, সহযোগিতা কৰক আৰু অৱদান আগবঢ়াওক।
ভাতৃ আৰু ভগ্নীসকল,
আয়ুৰ্বেদৰ আন এটা বৈশিষ্ট্য আছে যিটো খুব কমকৈ আলোচনা কৰা হয়। কিছুমান লোকে ভাবে যে আয়ুৰ্বেদ কেৱল চিকিৎসাৰ বাবে, কিন্তু ইয়াৰ গুণ হৈছে যে আয়ুৰ্বেদে আমাক জীৱন কেনেদৰে জীয়াই থাকিব লাগে সেয়া শিকায়। মই আপোনাক এটা উদাহৰণ দিওঁ যদি মই আধুনিক পৰিভাষা ব্যৱহাৰ কৰি এইটো ব্যাখ্যা কৰিব লগা হয়…. আপুনি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ কোম্পানীৰ পৰা সৰ্বশ্ৰেষ্ঠ গাড়ী ক্ৰয় কৰে। এখন মেনুৱেল কিতাপ আছে যিখন সেই গাড়ীখনৰ সৈতে আহে। আমি মনত ৰাখিব লাগিব ইয়াত কোনবিধ ইন্ধন ব্যৱহাৰ কৰিব লাগে, কেতিয়া আৰু কেনেদৰে সেৱা প্ৰদান কৰিব লাগে আৰু ইয়াক কেনেদৰে বৰ্তাই ৰাখিব লাগে। যদি পেট্ৰ’ল ডিজেল ইঞ্জিনৰ গাড়ীত ব্যৱহাৰ কৰা হয়, তেন্তে সমস্যা হোৱাটো নিশ্চিত। একেদৰে, যদি আপুনি কম্পিউটাৰ এটা চলাই আছে, তেন্তে ইয়াৰ সকলো হাৰ্ডৱেৰ আৰু ছফ্টৱেৰে সঠিকভাৱে কাম কৰিব লাগে। যেতিয়া আমি আমাৰ যন্ত্ৰবোৰৰ যত্ন লওঁ, আমি কেনে ধৰণৰ খাদ্য খাব লাগে, আমি কেনে ধৰণৰ ৰুটিন মানি চলিব লাগে আৰু কি পৰিহাৰ কৰিব লাগে সেই বিষয়ে আমাৰ শৰীৰৰ প্ৰতি মনোযোগ নিদিও। আয়ুৰ্বেদে আমাক শিকায় যে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ দৰে, শৰীৰ আৰু মন একেলগে স্বাস্থ্যৱান হ’ব লাগিব আৰু সেইবোৰ একেলগে থাকিব লাগিব। উদাহৰণ স্বৰূপে, আজি সঠিক টোপনি চিকিৎসা বিজ্ঞানৰ বাবে এক ডাঙৰ বিষয়। কিন্তু আপুনি জানেনে, মহৰ্ষি চৰকৰ দৰে আচাৰ্যসকলে শতিকা পূৰ্বে এই বিষয়ে বিতংভাৱে লিখিছে। এয়া হৈছে আয়ুৰ্বেদৰ গুণ।
বন্ধুসকল,
আমাৰ দেশত এটা প্ৰবাদ আছে: ‘स्वास्थ्यम् परमार्थ साधनम्’ অৰ্থাৎ স্বাস্থ্য হৈছে উদ্দেশ্য আৰু প্ৰগতিৰ মাধ্যম। এই মন্ত্ৰটো আমাৰ ব্যক্তিগত জীৱনৰ বাবে যিমান অৰ্থপূৰ্ণ, ই অৰ্থনীতিৰ দৃষ্টিকোণৰ পৰাও সমানে প্ৰাসংগিক। আজি, আয়ুষৰ ক্ষেত্ৰত সীমাহীন নতুন সম্ভাৱনা আছে। আয়ুৰ্বেদিক বনৌষধিৰ খেতি, আয়ুষ ঔষধৰ উৎপাদন আৰু যোগান, বা ডিজিটেল সেৱাই হওক, আয়ুষ ষ্টাৰ্ট-আপৰ বাবে যথেষ্ট সুযোগ আছে।
ভাতৃ আৰু ভগ্নীসকল,
আয়ুষ উদ্যোগৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে যে সকলোৰে বাবে বিভিন্ন ধৰণৰ সুযোগ উপলব্ধ আছে। উদাহৰণ স্বৰূপে, প্ৰায় ৪০,০০০ এমএছএমই, ক্ষুদ্ৰ উদ্যোগবোৰে বিভিন্ন সামগ্ৰী আগবঢ়াইছে আৰু ভাৰতত আয়ুষৰ ক্ষেত্ৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ই স্থানীয় অৰ্থনীতিক উৎসাহিত কৰিছে। প্ৰায় আঠ বছৰ আগতে দেশত আয়ুষ উদ্যোগ আছিল কেৱল ২০,০০০ কোটি টকাৰ। আজি আয়ুষ উদ্যোগ প্ৰায় ১.৫ লাখ কোটি টকাৰ। ইয়াৰ অৰ্থ হৈছে ৭-৮ বছৰত প্ৰায় ৭ গুণ বৃদ্ধি। আপুনি কল্পনা কৰিব পাৰে যে আয়ুষ নিজেই এটা ডাঙৰ উদ্যোগ আৰু এটা ডাঙৰ অৰ্থনীতি হিচাপে উদীয়মান হৈছে। ই অদূৰ ভৱিষ্যতে বিশ্ববজাৰত আৰু অধিক সম্প্ৰসাৰিত হ’বলৈ বাধ্য। আপুনি এইটোও জানে যে বিশ্বব্যাপী ভেষজ ঔষধ আৰু মচলাৰ বজাৰ প্ৰায় ১২০ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১০ লাখ কোটি টকা। পৰম্পৰাগত ঔষধৰ এই খণ্ডটো নিৰন্তৰ ভাৱে সম্প্ৰসাৰিত হৈ আছে আৰু আমি প্ৰতিটো সম্ভাৱনাৰ সম্পূৰ্ণ সুবিধা লোৱা উচিত। কৃষিৰ এক সম্পূৰ্ণ নতুন খণ্ড গ্ৰাম্য অৰ্থনীতিৰ বাবে, আমাৰ কৃষকসকলৰ বাবে মুকলি হৈ আছে, আৰু তেওঁলোকে অতি ভাল মূল্য লাভ কৰিব পাৰে। এই খণ্ডত যুৱসকলৰ বাবে লাখ লাখ নতুন চাকৰি সৃষ্টি কৰা হ’ব।
বন্ধুসকল,
আয়ুৰ্বেদৰ বৰ্ধিত জনপ্ৰিয়তাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল আয়ুৰ্বেদ আৰু যোগ পৰ্যটন। গোৱাৰ দৰে ৰাজ্যত, যি হৈছে পৰ্যটনৰ কেন্দ্ৰ, আয়ুৰ্বেদ আৰু নেচাৰোপেথিৰ প্ৰচাৰৰ দ্বাৰা পৰ্যটন খণ্ডক এক নতুন উচ্চতা প্ৰদান কৰিব পাৰি। সৰ্বভাৰতীয় আয়ুৰ্বেদ-গোৱা প্ৰতিষ্ঠান এই দিশত এক গুৰুত্বপূৰ্ণ আৰম্ভণি হিচাপে প্ৰমাণিত হ’ব পাৰে।
বন্ধুসকল,
আজি ভাৰতে বিশ্বৰ সন্মুখত ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ এক ভৱিষ্যত দৰ্শন আগবঢ়াইছে। ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ অৰ্থ হৈছে স্বাস্থ্যৰ বাবে এক সাৰ্বজনীন দৃষ্টি। পানীত বাস কৰা জন্তু, বন্য জন্তু, মানুহ বা উদ্ভিদৰ স্বাস্থ্য আন্তঃসংযোগিত। তেওঁলোকক এককভাৱে চোৱাৰ পৰিৱৰ্তে, আমি তেওঁলোকক সামগ্ৰিকভাৱে চাব লাগিব। আয়ুৰ্বেদৰ এই সামগ্ৰিক দৃষ্টিভংগী ভাৰতৰ পৰম্পৰা আৰু জীৱনশৈলীৰ এটা অংশ হৈ আহিছে। গোৱাত অনুষ্ঠিত হোৱা এই বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত এনে সকলো দিশৰ বিষয়ে বিতংভাৱে আলোচনা কৰাটো মই বিচাৰো। আমি কেনেকৈ আয়ুৰ্বেদ আৰু আয়ুষক সামগ্ৰিকভাৱে আগুৱাই নিব পাৰোঁ তাৰ ওপৰত এখন ৰোডমেপ প্ৰস্তুত কৰা উচিত। মই নিশ্চিত যে আপোনাৰ প্ৰচেষ্টা নিশ্চিতভাৱে এই দিশত কাৰ্যকৰী হ’ব। এই বিশ্বাসৰ সৈতে, আপোনালোক সকলোলৈ অশেষ ধন্যবাদ! আৰু আয়ুষ আৰু আয়ুৰ্বেদলৈ অশেষ শুভকামনা থাকিল।
***
DS/VK/AK/MANN
Addressing 9th World Ayurveda Congress in Goa. It is a noteworthy effort to further popularise India’s traditions. https://t.co/8f8lyuqY1f
— Narendra Modi (@narendramodi) December 11, 2022
The motto of Ayurveda is: सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः pic.twitter.com/Xe8fmb7dNG
— PMO India (@PMOIndia) December 11, 2022
Ayurveda promotes wellness. pic.twitter.com/agp2vPcV52
— PMO India (@PMOIndia) December 11, 2022
हमारे पास आयुर्वेद का परिणाम भी था, प्रभाव भी था, लेकिन प्रमाण के मामले में हम पीछे छूट रहे थे।
— PMO India (@PMOIndia) December 11, 2022
इसलिए, आज हमें ‘डेटा बेस्ड एविडेंसेस’ का डॉक्युमेंटेशन करना होगा। pic.twitter.com/cvJLtLFn2p
आयुर्वेद हमें जीवन जीने का तरीका सिखाता है। pic.twitter.com/CXuhmfAzTW
— PMO India (@PMOIndia) December 11, 2022
One Earth, One Health. pic.twitter.com/86kM5LJJB1
— PMO India (@PMOIndia) December 11, 2022
चाहे पानी में रहने वाले जीव-जंतु हों, चाहे वन्य पशु हों, चाहे इंसान हो, चाहे वनस्पति हो, इन सबकी हेल्थ interconnected है। pic.twitter.com/vd3mumAlJw
— PMO India (@PMOIndia) December 11, 2022
During the World Ayurveda Congress, highlighted how Ayurveda furthers wellness and how India is making great strides in this sector. pic.twitter.com/vpHP18skkQ
— Narendra Modi (@narendramodi) December 11, 2022
Emphasised on the need to showcase the salient points of Ayurveda in a manner that the global audience understands. Also spoke about using data and tech in the Ayurveda sector. pic.twitter.com/N7sRVnkGWV
— Narendra Modi (@narendramodi) December 11, 2022