Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঘৰুৱা এলপিজিত হোৱা লোকচানৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহক ক্ষতিপূৰণ হিচাপে ৩০,০০০ কোটি টকাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ঘৰুৱা এলপিজি বিক্ৰীত হোৱা লোকচানৰ ক্ষতিপূৰণৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী (iocl, bpcl আৰু hpcl) লৈ ৩০,০০০ কোটি টকাৰ ক্ষতিপূৰণ অনুমোদন জনাইছে৷ তৈল বিপণন কোম্পানীসমূহৰ মাজত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ক্ষতিপূৰণ বিতৰণ কৰিব। ১২টা কিস্তিত ক্ষতিপূৰণ প্ৰদান কৰা হব।

ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী যেনে iocl, bpcl, hpcl গ্ৰাহকসকলক ঘৰুৱা এলপিজি চিলিণ্ডাৰ নিয়ন্ত্ৰিত মূল্যত যোগান ধৰি আহিছে।

২০২৪২৫ বৰ্ষত এলপিজিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য উচ্চ পৰ্যায়ত আছ আৰু সেয়া অব্যাহত আছে। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় এলপিজি মূল্য উঠা-নমাৰ ৰা গ্ৰাহকসকলক সুৰক্ষা দিবলৈ ঘৰুৱা এলপিজিৰ উপভোক্তা ব্যয় বৃদ্ধি কৰা হোৱা নাছিল যাৰ ফলত তিনিটা তৈল বিপণন কোম্পানীৰ বৃহ লোকচান হৈছিল। লোকচানৰ সত্ত্বেও ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে সুলভ মূল্যত ঘৰুৱা এলপিজি যোগান নিশ্চিত কৰিছে।

এই ক্ষতিপূৰণে তৈল বিপণন কোম্পানীবোৰক খাৰুৱা আৰু এলপিজি ক্ৰয়, ঋণৰ সেৱা আৰু তেওঁলোকৰ মূলধন ব্যয় অব্যাহত ৰখাৰ লগতে সমগ্ৰ দেশৰ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিব।

তদুপৰি এই পদক্ষেপে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীবোৰ বিত্তীয় অৱস্থা সুস্থিৰ কৰি ৰখাৰ সমান্তৰালভাৱে গ্ৰাহকসকলক গোলকীয় শক্তি বজাৰৰ উঠা-নমাৰ পৰা গ্ৰাহকসকলক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰৰ অংগীকাৰো দাঙি ধৰিছেপ্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দৰে ধ্বজাবাহী আঁচনিসমূহকে ধৰি ঘৰুৱা এলপিজিৰ সকলো উপভোক্তালৈ প্ৰদূষণবিহীন ৰন্ধন ইন্ধনৰ ব্যাপক উপলব্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যও ই পুনৰ নিশ্চিত কৰে

 

***

MJPS/BM/HS