Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চন্দ্ৰায়ন-২ৰ চূড়ান্ত পৰ্যায়ৰ ক্ষণ প্ৰত্যক্ষ কৰিব প্ৰধানমন্ত্ৰীয়ে


 

ছেপ্টেম্বৰ, ২০১৯ত চন্দ্ৰযান২ৰ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চূড়ান্ত পর্যায়ৰ অৱতৰণ প্ৰত্যক্ষ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ মুখ্য কাৰ্যালয়লৈ যাত্ৰা কৰিব৷

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে মহাকাশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাত বিজয়ী দেশৰ বিভিন্ন স্থান অষ্টমৰ পৰা দশম শ্রেণীৰ ছাত্ৰছাত্রীসকলৰ সৈতে মত বিনিময় কৰিব৷

 

বিজ্ঞান আৰু ইয়াৰ বিভিন্ন গৱেষণাৰ বিষয়ত প্ৰধানমন্ত্রী সদায় উৎসাহী ইছৰোৰ বিজ্ঞানীসকলৰ এই প্ৰচেষ্টাত উৎসাহ যোগোৱাৰ লগতে তৰুণ প্ৰজন্মৰ মাজত উদ্ভাৱনী চিন্তাজিজ্ঞাসু ভাৱ বিকাশ কৰাত সহায় কৰিব

 

চন্দ্ৰযান প্ৰচেষ্টাত প্ৰধানমন্ত্রীয়ে সকলো সময়তে ব্যক্তিগতভাৱে উৎসাহিত হৈ আহিছে এই প্ৰচেষ্টাৰ সন্দৰ্ভত তেওঁ কয়,অন্তৰত তথা আত্মাত ভাৰতীয় সম্পূর্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা প্ৰচেষ্টাই প্ৰতিগৰাকী ভাৰতীয়কে আনন্দিত কৰিব৷

 

ইছৰোৰ এক বিবৃতিত উল্লেখ কৰে ছেপ্টেম্বৰৰ মাজনিশা ১ৰ পৰা ২বজাৰ ভিতৰত লেণ্ডাৰ বিক্ৰমে ইয়াৰ কাম আৰম্ভ কৰিব চন্দ্ৰপৃষ্ঠত ভাৰতীয় সময় .৩০বজাৰ পৰা .৩০ বজাৰ ভিতৰত চন্দ্ৰযানে অৱতৰণ কৰিব৷

*****

VRRK/AK/DB