পি এম ইণ্ডিয়া
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০-২৩ মে’ ২০২৬ তাৰিখে চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। ইউৰোপীয় সংঘৰ পৰিষদৰ চাইপ্ৰাছৰ অধ্যক্ষতাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।তেওঁৰ এই ভ্ৰমণে ২০২৫ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণৰ আনি দিয়া ঐতিহাসিক গতিক অধিক শক্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ যি ভ্ৰমণে এক কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল আৰু ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কক ফলাফলমুখী তথা কাৰ্যকৰীকৰণ-চালিত পৰ্যায়লৈ লৈ গৈছিল। ৰাজনৈতিক আলোচনাৰ অগ্ৰগতি , ব্যৱসায়িক সংযোগ বৃদ্ধি, প্ৰতিৰক্ষা, যোগাযোগ বৃদ্ধি, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ২০২৫ চনত জাৰি কৰা যৌথ ঘোষণাপত্ৰখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়। বিকশিত ভূ-ৰাজনৈতিক পৰিবেশ আৰু ভাৰত-চাইপ্ৰাছৰ অংশীদাৰিত্বৰ গভীৰতাক স্বীকৃতি দি নেতাদ্বয়ে দ্বিপাক্ষিক সৰ্বাংগীন অংশীদাৰিত্বক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বিষয়ত সহমতত উপনীত হয়, যাতে নতুন বাস্তৱতা আৰু সুযোগসমূহৰ অন্বেষণ কৰিব পাৰি। ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডছক ২০২৬ চনৰ ২২ মে’ত ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনায় ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ।তেওঁ ৰাজঘাটত মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই চৰকাৰী ভোজৰো আয়োজন কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ২০২৬ চনৰ ২২ মে’ত নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত ব্যাপক আলোচনা কৰে আৰু বিভিন্ন খণ্ডত দ্বিপাক্ষিক সংযোগৰ নৱীকৃত গতিবেগক লৈ সন্তুষ্টি প্রকাশ কৰে৷ তেওঁলোকে ভাৰত আৰু চাইপ্ৰাছৰ মাজত ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ঘনিষ্ঠ তথা বিশ্বাসযোগ্য অংশীদাৰিত্বৰ কথা পুনৰ দৃঢ় কৰে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা বিশ্বজোৰা বিষয়সমূহতো তেওঁলোকে মত বিনিময় কৰে।
ভাৰত-চাইপ্ৰাছ সৰ্বাংগীন অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে উচ্চ ৰাজনৈতিক পৰ্যায়ত নিয়মীয়াকৈ হোৱা যোগাযোগক দুয়োগৰাকী নেতাই আদৰণি জনায়। ২০২৫ চনত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত ঘোষণা কৰা ভাৰত-চাইপ্ৰাছ যুটীয়া কাৰ্য্য পৰিকল্পনা ২০২৫-২০২৯ ৰূপায়ণৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিকো তেওঁলোকে আদৰণি জনায়।দুয়ো পক্ষই ২০২৭ চনত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬৫ বছৰীয়া জয়ন্তী উপলক্ষ্যে বিশেষ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ২০২৬ চনৰ এ আই ইমপেক্ট ছামিট সফলতাৰে আয়োজন কৰাৰ বাবে প্রধানমন্ত্রী মোদীক অভিনন্দন জনায়৷ দুয়োগৰাকী নেতাই এআইৰ নিৰাপদ, বিশ্বাসযোগ্য আৰু সৰ্বাংগীন বিকাশৰ দিশত কাম কৰাৰ ক্ষেত্ৰত নিজৰ মতামত ব্যক্ত কৰে।
ভাগ-বাটোৱাৰা কৰা মূল্যবোধ আৰু বহুপক্ষীয় সহযোগিতা
দুয়োগৰাকী নেতাই শান্তি, গণতন্ত্ৰ, আইনৰ শাসন, ফলপ্ৰসূ বহুপক্ষীয়তাবাদ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি তেওঁলোকৰ ভাগ-বাটোৱাৰা কৰা দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ ওপৰত ভিত্তি কৰি নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি সমৰ্থনৰ কথা পুনৰ দৃঢ় কৰে, ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন চুক্তি (UNCLOS)ৰ বিষয়তো বিশেষ গুৰুত্ব আৰোপ কৰে, যাতায়াত আৰু আকাশমাৰ্গেৰে উৰণৰ স্বাধীনতা, নিৰৱচ্ছিন্ন বাণিজ্য আৰু সাৰ্বভৌম সামুদ্ৰিক অধিকাৰৰ ক্ষেত্ৰতো তেওঁলোকে মত প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই বিশ্বজুৰি সৃষ্টি হোৱা জৰুৰী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে আৰু সংস্কাৰিত তথা ফলপ্ৰসূ বহুপাক্ষিক সম্পৰ্কৰ জৰিয়তে সেই বোৰৰ মোকাবিলা কৰিবলৈ বিশ্বক প্ৰস্তুত হোৱাৰ আহ্বান জনায় । এই প্ৰসংগত তেওঁলোকে ৰাষ্ট্ৰসংঘ আৰু কমনৱেলথৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভিতৰতো সমন্বয় শক্তিশালী কৰাৰ বিষয়ে মত প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক অধিক ফলপ্ৰসূ, কাৰ্যক্ষম আৰু সমসাময়িক ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত প্ৰতিনিধিত্বমূলক কৰি তোলাৰ উপায়কে ধৰি সংস্কাৰৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়ত আন্তঃচৰকাৰী আলোচনা সমাপ্ত কৰাৰ প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিবলৈ তেওঁলোকে সন্মত হয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে চাইপ্ৰাছে দৃঢ় সমৰ্থনৰ কথা পুনৰবাৰ প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ লগতে অন্যান্য বহুপক্ষীয় মঞ্চতো দুয়োপক্ষই ঘনিষ্ঠ সহযোগিতা বজাই ৰখা আৰু ইখন দেশে সিখনক সমৰ্থন কৰি যাবলৈ সন্মত হয়।
সাৰ্বভৌমত্ব আৰু শান্তিৰ প্ৰতি সমৰ্থন
ৰাষ্ট্ৰসংঘৰ কাঠামো আৰু সংশ্লিষ্ট ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি ৰাজনৈতিক সমতা থকা দ্বিমণ্ডলীয় ফেডাৰেচনৰ ভিত্তিত চাইপ্ৰাছ সম্পৰ্কীয় প্ৰশ্নৰ এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী নিষ্পত্তি সাধনৰ বাবে আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে চাইপ্ৰাছ আৰু ভাৰতে নিজৰ দৃঢ় দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে। তেওঁলোকে চাইপ্ৰাছত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনী (UNFICYP)ৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু ইয়াৰ প্ৰতি তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থনৰ বিষয়তো আলোকপাত কৰে। ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ইউএনএফআইচিআইপিলৈ ভাৰতৰ মূল্যৱান অৱদানৰ শলাগ লয়৷
ভাৰতে চাইপ্ৰাছ গণৰাজ্যৰ স্বাধীনতা, সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু ঐক্যৰ প্ৰতি অটল তথা ধাৰাবাহিক সমৰ্থনৰ কথা পুনৰবাৰ প্ৰকাশ কৰে। দুয়োপক্ষই ৰাষ্ট্ৰসংঘৰ সংশ্লিষ্ট প্ৰস্তাৱ আৰু আন্তঃৰাষ্ট্ৰীয় আইনক সম্পূৰ্ণ সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, যাতে আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণ সমাধানৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টা বাধাগ্ৰস্ত নহয়।
নিৰাপত্তা, প্ৰতিৰক্ষা আৰু সন্ত্ৰাসবাদ বিৰোধী অৱস্থান
দুয়োগৰাকী নেতাই সীমান্ত অতিক্ৰম কৰি হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰভাবে আৰু নিৰ্দ্বিধায় নিন্দা কৰে । সীমান্ত অতিক্ৰম কৰি হোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ খনত চাইপ্ৰাছে সংহতি আৰু অদম্য সমৰ্থনৰ কথা প্ৰকাশ কৰে।
নেতাদ্বয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২০২৫ চনৰ ১০ নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত সন্ত্ৰাসবাদী কূটাঘাতক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ।তেনে আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা উচিত বুলিও তেওঁলোকে দৃঢ়তাৰে কয় । দুয়োগৰাৰী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যাপক তথা স্থায়ী আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি নিৰ্ণায়ক আৰু সংহত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়।
সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এক ব্যাপক, সমন্বিত আৰু স্থায়ী পদ্ধতিৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁলোকে দ্বিপাক্ষিক তথা বহুপক্ষীয় ব্যৱস্থাৰ ভিতৰত সহযোগিতামূলকভাৱে কাম কৰাৰ গুৰুত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
এই প্ৰেক্ষাপটত নেতাদ্বয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ বহুপক্ষীয় প্ৰচেষ্টা শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ কাঠামোৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সম্পৰ্কীয় বিস্তৃত সন্ধিখন ক্ষিপ্ৰতাৰে চূড়ান্ত আৰু গ্ৰহণৰ আহ্বান জনায়। তেওঁলোকে ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় ইউনিয়নে ঘোষণা কৰা সকলো সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সত্তাৰ বিৰুদ্ধে শক্তিশালী তথা সংহত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়, য’ত ১২৬৭ ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা সমিতিৰ অধীনত থকাসকল, তেওঁলোকৰ সংশ্লিষ্ট গোট, সুবিধা প্ৰদানকাৰী, পৃষ্ঠপোষক, বিত্তীয় আৰু সমৰ্থকসকলো অন্তৰ্ভুক্ত হৈ আছে ।
তেওঁলোকে হিংসাত্মক উগ্ৰবাদ আৰু উগ্ৰবাদক প্ৰতিহত কৰা , সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক ধন সৰবৰাহৰ জৰিয়তে বিত্তীয় সাহায্য প্ৰদান কৰাৰ লগতে সন্ত্ৰাসবাদী উদ্দেশ্যৰ বাবে নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰ ৰোধ কৰিবলৈ তথা সন্ত্ৰাসবাদী নিযুক্তিৰ দৰে বিষয়ৰ সৈতে মোকাবিলা কৰিবলৈ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। দুয়োপক্ষই ৰাষ্ট্ৰসংঘ আৰু বিত্তীয় কাৰ্য্য টাস্ক ফ’ৰ্চ (এফ এ টি এফ)ক সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল আৰু আন্তঃগাঁথনি নিৰ্মূল কৰাৰ লগতে সন্ত্ৰাসবাদী নেটৱৰ্কসমূহ বিঘ্নিত কৰা, সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য প্ৰদান ৰোধ কৰাৰ বাবে যুঁজ দিয়াৰ আহ্বান জনায় ।
তেওঁলোকে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰ কথা পুনৰবাৰ উল্লেখ কৰে, যিকোনো পৰিস্থিতিতেই দ্বৈত মান, ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হৈ থকা সন্ত্ৰাসবাদ আৰু এনে কাৰ্য্যৰ যিকোনো ন্যায্যতাক নাকচ কৰে। তথ্য আৰু জ্ঞান বিনিময় তথা সামৰ্থ্য বিকাশৰ জৰিয়তে সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ কাঠামো প্ৰদান কৰিব পৰা সন্ত্ৰাসবাদ বিৰোধী যুটীয়া কৰ্মগোট (জে ডব্লিউ জি) গঠনৰ চুক্তি স্বাক্ষৰিত হোৱাক নেতাদ্বয়ে আদৰণি জনায় আৰু জে ডব্লিউ জিৰ প্ৰথমখন বৈঠক যিমান পাৰি সোনকালে অনুষ্ঠিত কৰিবলৈ সন্মত হয়।
বিশেষকৈ চাইবাৰ ক্ষেত্ৰত নতুন আৰু উদীয়মান ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ বাবে দুয়োখন দেশৰ সংশ্লিষ্ট সংস্থাসমূহৰ মাজত চলি থকা ঘনিষ্ঠ সহযোগিতাৰ কথা দুয়োগৰাকী নেতাই উল্লেখ কৰে। এই প্ৰেক্ষাপটত নেতাদ্বয়ে দুয়োখন দেশৰ মাজত চাইবাৰ সুৰক্ষা বিষয়ক আলোচনাকো আদৰণি জনায়।
তেওঁলোকে চাইবাৰ সুৰক্ষা আৰু উদীয়মান প্ৰযুক্তিৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি নিজ নিজ প্ৰতিৰক্ষা উদ্যোগৰ মাজত সহযোগিতাকে ধৰি প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় সহযোগিতা গভীৰ কৰিবলৈ সন্মত হয়। এই প্ৰসংগত নেতাসকলে চাইপ্ৰাছ ডিফেন্স এণ্ড স্পেচ ইণ্ডাষ্ট্ৰীজ ক্লাষ্টাৰ (CyDSIC) আৰু ছ’চাইটি অৱ ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰ্ছ (SIDM)ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক তেওঁলোকে আদৰণি জনায়।
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত স্বাক্ষৰিত ভাৰত-চাইপ্ৰাছ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা কাৰ্যসূচীক আদৰণি জনাই দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰে। অনুসন্ধান আৰু উদ্ধাৰ (SAR) বিষয়ত চৰকাৰী সমন্বয় তথা সহযোগিতা স্থাপনৰ কাৰিকৰী ব্যৱস্থাকো তেওঁলোকে আদৰণি জনায়। এইবোৰে ২০২৬ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় ইউনিয়নৰ প্ৰতিৰক্ষা তথা নিৰাপত্তা অংশীদাৰিত্বৰ গতিৰ ওপৰত আধাৰিত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু প্ৰযুক্তি অংশীদাৰিত্বক প্ৰসাৰিত কৰাৰ বাবে এক প্ৰতিষ্ঠানিক কাঠামো প্ৰদান কৰাৰ লগতে বিনিময়, প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ সুবিধা প্ৰদান কৰিব বুলি তেওঁলোকে কয়। নেতাদ্বয়ে ২০২৬-২০৩১ চনৰ বাবে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ কাৰ্য পৰিকল্পনা সম্পন্ন হোৱাৰ কথাক আদৰণি জনায়।
ভাৰত আৰু চাইপ্ৰাছৰ মাজত গভীৰভাবে শিপাই থকা নৌসেনাৰ পৰম্পৰা থকা সামুদ্ৰিক ৰাষ্ট্ৰ হোৱাৰ বাবে দুয়ো খন দেশৰ নেতাদ্বয়ে সামুদ্ৰিক ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰাৰ বিষয়টোক উৎসাহিত কৰে, য’ত ভাৰতীয় নৌসেনাৰ জাহাজসমূহে নিয়মীয়াকৈ বন্দৰ ভ্ৰমণ আৰু সামুদ্ৰিক ডমেইনৰ সজাগতা আৰু আঞ্চলিক নিৰাপত্তা বৃদ্ধিৰ বাবে যৌথ সামুদ্ৰিক প্ৰশিক্ষণ আৰু অনুশীলনৰ সুযোগ বিচাৰি উলিওৱাকে ধৰি সামুদ্ৰিক ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ উৎসাহিত কৰা হয়।
বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱন
দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ অংশীদাৰিত্ব অধিক সম্প্ৰসাৰণৰ বাবে উল্লেখযোগ্য সম্ভাৱনা আছে। তেওঁলোকে বিশ্বাসযোগ্য, নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখল গঢ়ি তোলাৰ লগতে তেওঁলোকৰ অৰ্থনৈতিক সুৰক্ষা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত হয়।
নেতাদ্বয়ে চাইপ্ৰাছৰ পৰা ভাৰতলৈ হোৱা বিনিয়োগৰ ধাৰাবাহিক বৃদ্ধিক আদৰণি জনায়, যাৰ ফলত চাইপ্ৰাছ ভাৰতত বিনিয়োগৰ এক গুৰুত্বপূৰ্ণ উৎস হৈ পৰিছে। তেওঁলোকে ষ্টাৰ্টআপ, ডিজিটেলাইজেচন, এআই আৰু উদ্ভাৱন-চালিত উদ্যোগৰ জৰিয়তেকে ধৰি অনাবৃত অৰ্থনৈতিক সম্ভাৱনাক সম্পূৰ্ণৰূপে অন্বেষণ কৰাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ় কৰে। তেওঁলোকে দুয়োখন দেশৰ ব্যৱসায়িক সমাজক অন্যান্য বিষয়ৰ লগতে বিত্তীয় সেৱা, সামুদ্ৰিক, সংযোগ, লজিষ্টিক, স্বচ্ছ আৰু সেউজ শক্তি, আৱৰ্জনা ব্যৱস্থাপনা, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, আৰু গৱেষণা আৰু উদ্ভাৱনকে ধৰি অগ্ৰাধিকাৰ খণ্ডত বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সক্ৰিয়ভাৱে অন্বেষণ কৰিবলৈ উৎসাহিত কৰে। নেতাদ্বয়ে চলিত বৰ্ষৰ আৰম্ভণিতে সম্পাদিত ঐতিহাসিক ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি (এফটিএ) ৰূপায়ণৰ জৰিয়তে সৃষ্টি হ’বলগীয়া সুযোগসমূহৰ বিষয়তো আলোকপাত কৰে।
ফিনটেক সংযোগৰ জৰিয়তে কেৱল সীমা অতিক্ৰম কৰা লেনদেন নহয়, সীমা অতিক্ৰম কৰা সংযোগো শক্তিশালী কৰা হ’ব। নেতাসকলে ২০২৫ চনত এন আই পি এল আৰু ইউৰোবেংক চাইপ্ৰাছৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিকে ধৰি বিত্তীয় খণ্ডত অৰ্থনৈতিক সংযোগ গভীৰ হোৱাৰ কথা উল্লেখ কৰে। ইয়াৰ লক্ষ্য হৈছে দুয়োখন দেশৰ পৰ্যটক আৰু ব্যৱসায়ী উভয়কে উপকৃত কৰা।
দুয়োগৰাকী নেতাই ত্ৰিপাক্ষিক আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতাৰ ক্ৰমবৰ্ধমান গতিকো আদৰণি জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে ব্যৱসায়ৰ পৰা ব্যৱসায়ৰ সংযোগক শক্তিশালী কৰা, বিনিয়োগৰ প্ৰবাহক প্ৰসাৰিত কৰা আৰু তিনিওখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ভাৰত-গ্ৰীচ-চাইপ্ৰাছ (আই জি চি) ব্যৱসায় আৰু বিনিয়োগ পৰিষদ স্থাপনৰ শলাগ লয়।
২০২৫ চনৰ জুন মাহত লিমাছলত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেলৰ পৰা সৃষ্টি হোৱা গতিৰ ওপৰত নিৰ্ভৰ কৰি এই ভ্ৰমণৰ সময়ত মুম্বাইত ভাৰত-চাইপ্ৰাছ ব্যৱসায়িক মঞ্চৰ আয়োজন কৰা হৈছিল , যাৰ লক্ষ্য আছিল দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ নতুন পথ গঢ়ি তোলা। মুম্বাইত অনুষ্ঠিত হোৱা ব্যৱসায়িক মঞ্চৰ সময়তে বিটুবি বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক নেতাদ্বয়ে আদৰণি জনায়।
নেতাদ্বয়ে দুয়োখন দেশৰ ষ্টাৰ্টআপ, ইউনিকৰ্ণ, উদ্ভাৱন পৰিৱেশ তন্ত্ৰ আৰু ভেঞ্চাৰ কেপিটেল নেটৱৰ্কৰ মাজত অবিৰত সহযোগিতাক আদৰণি জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে উদ্ভাৱন আৰু প্ৰযুক্তিৰ বিষয়ত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটো আদৰণি জনায়, যিয়ে দুয়োখন দেশৰ ষ্টাৰ্টআপ, ইনকিউবেটৰ, এক্সিলেটৰ আৰু উদ্ভাৱন সংস্থাসমূহৰ মাজত বিনিময়ৰ বাবে এক কাঠামো প্ৰদান কৰিব।
নেতাদ্বয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু বিশ্বাসযোগ্য সামুদ্ৰিক অংশীদাৰিত্বৰ জৰিয়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক ইউৰোপৰ সৈতে সংযোগ কৰাৰ বাবে সামুদ্ৰিক তথা জাহাজ খণ্ডৰ সহযোগিতাৰ গুৰুত্বৰ কথাও উল্লেখ কৰে। ইউৰোপৰ প্ৰৱেশদ্বাৰ হিচাপে চাইপ্ৰাছৰ ভূমিকা আৰু ট্ৰেন্সশ্বিপমেণ্ট, সংৰক্ষণ, বিতৰণ আৰু লজিষ্টিকছৰ বাবে আঞ্চলিক কেন্দ্ৰ হিচাপে কাম কৰাৰ সম্ভাৱনাক স্বীকৃতি দি তেওঁলোকে পাৰস্পৰিক লাভৰ বাবে চাইপ্ৰাছ ভিত্তিক আৰু ভাৰতীয় সামুদ্ৰিক সেৱা প্ৰদানকাৰীসকলক জড়িত কৰি যৌথ উদ্যোগৰ জৰিয়তে সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰিবলৈ উৎসাহিত কৰে। এই প্ৰেক্ষাপটত দুয়োগৰাকী নেতাই বৰ্তমানৰ ব্যৱসায়িক জাহাজ চলোৱাৰ দ্বিপাক্ষিক চুক্তিৰ অধীনত সামুদ্ৰিক সহযোগিতাৰ ইতিবাচক গতি আগুৱাই নিবলৈ সন্মত হয়।
চাইপ্ৰাছৰ বিশ্বজুৰি স্বীকৃতিপ্ৰাপ্ত সামুদ্ৰিক সেৱা পৰিৱেশ তন্ত্ৰ আৰু ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত সামুদ্ৰিক আৰু বন্দৰ আন্তঃগাঁথনিৰ ক্ষমতাৰ মাজত শক্তিশালী পৰিপূৰকতাৰ কথা বিবেচনা কৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্বৰ কৌশলগত স্তম্ভ হিচাপে সামুদ্ৰিক খণ্ডত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়।
এই প্ৰেক্ষাপটত তেওঁলোকে ভাৰতীয় জাহাজ চলোৱাৰ স্বাৰ্থৰ বাবে ইউৰোপীয় সামুদ্ৰিক প্ৰৱেশদ্বাৰ আৰু কাৰ্য্যকৰী ভিত্তি হিচাপে কাম কৰাৰ সম্ভাৱনাক স্বীকাৰ কৰে আৰু ভাৰতীয় সামুদ্ৰিক অংশীদাৰ আৰু চাইপ্ৰাছৰ জাহাজ আৰু জাহাজ পৰিচালনা সম্প্ৰদায়ৰ মাজত ঘনিষ্ঠ সংযোগক আদৰণি জনায়। অদূৰ ভৱিষ্যতে ব্যৱহাৰিক আৰু পাৰস্পৰিকভাৱে লাভজনক ফলাফল সৃষ্টি কৰাৰ লক্ষ্যৰে সামুদ্ৰিক সেৱা, বন্দৰ সংযোগ, লজিষ্টিক, সামুদ্ৰিক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ লগতে সেউজ জাহাজ চলোৱা আৰু নিয়ন্ত্ৰণ অনুসৰণৰ ক্ষেত্ৰত সহযোগিতা প্ৰসাৰিত কৰাত দুয়োপক্ষই সহমতত উপনীত হয়।
নেতাদ্বয়ে উল্লেখ কৰে যে দুৰ্যোগ স্থিতিস্থাপকতা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা দুয়োখন দেশৰ বাবে ক্ৰমাৎ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ, বিশেষকৈ জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ বৃদ্ধি পোৱাৰ প্ৰেক্ষাপটত। এই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছক ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই)ত যোগদানৰ আগ্ৰহ প্ৰকাশক আদৰণি জনায় আৰু দুয়োগৰাকী নেতাই কাৰিকৰী সহযোগিতা, সামৰ্থ্য বিকাশ আৰু জ্ঞান বিনিময়ৰ উন্নতিৰ লগতে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি ব্যৱস্থাত বিনিয়োগক প্ৰসাৰিত কৰাৰ বাবে বিশ্বজোৰা মঞ্চ হিচাপে চিডিআৰআইৰ ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
বিজ্ঞান আৰু প্ৰযুক্তি
নতুন আৰু উদীয়মান প্ৰযুক্তিৰ পৰিৱৰ্তনশীল সম্ভাৱনাক স্বীকাৰ কৰি নেতাদ্বয়ে উল্লেখ কৰে যে উদ্ভাৱন আৰু প্ৰযুক্তিৰ বুজাবুজি চুক্তিয়ে গৱেষণা কেন্দ্ৰ, ষ্টাৰ্টআপ, আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাক প্ৰসাৰিত কৰিব, লগতে নৈতিক আৰু বহনক্ষম এআইকে ধৰি উদীয়মান আৰু বহনক্ষম প্ৰযুক্তিৰ ক্ষেত্ৰত যৌথ গৱেষণা আৰু উদ্ভাৱন প্ৰকল্পসমূহক প্ৰসাৰিত কৰিব।
মহাকাশ খণ্ডৰ গুৰুত্বক বিশ্ব অৰ্থনৈতিক প্ৰগতি, নিৰাপত্তা, উদ্ভাৱন, আৰু প্ৰযুক্তিগত উন্নতিৰ আধাৰত থকা এক জটিল আন্তঃগাঁথনি হিচাপে স্বীকাৰ কৰি দুয়োপক্ষই বিশ্বৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ মহাকাশ নীতি ২০২৩ ৰ অধীনত বেচৰকাৰী সত্তাসমূহক মহাকাশ ক্ষেত্ৰত শেষৰ পৰা শেষলৈকে কাৰ্য্য প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ এক সক্ষম আৰু গতিশীল কাঠামো প্ৰদান কৰিব। পাৰস্পৰিক লাভৰ বাবে সহযোগিতা বৃদ্ধিৰ বাবে চলি থকা প্ৰচেষ্টাক দুয়োপক্ষই আদৰণি জনায়। এই প্ৰসংগত নেতাদ্বয়ে ইৰাট’ষ্টেনেছ চেণ্টাৰ অৱ এক্সেলেন্স (ইচিঅ’ই) আৰু ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰ (আইএন-স্পেচি)ৰ মাজত চলি থকা সংযোগক আদৰণি জনায়।
শিক্ষা, গতিশীলতা আৰু দক্ষতা বিকাশ
ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলকে ধৰি শৈক্ষিক পৰ্যায়ত ক্ৰমবৰ্ধমান আদান-প্ৰদানক নেতাদ্বয়ে আদৰণি জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বিষয়টোক আদৰণি জনায়, যিয়ে দুয়োখন দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু গৱেষণা সংস্থাসমূহৰ বাবে নিয়োজিতা শক্তিশালী কৰিবলৈ, বিনিময় বৃদ্ধি কৰিবলৈ আৰু যৌথ গৱেষণা পদক্ষেপ, অধ্যাপক তথা ছাত্ৰৰ গতিশীলতা, প্ৰতিষ্ঠানিক অংশীদাৰিত্বকে ধৰি সহযোগিতাৰ সুযোগসমূহ অন্বেষণ কৰিবলৈ এক শক্তিশালী ভেটি প্ৰদান কৰিব বুলি তেওঁলোকে উল্লেখ কৰে।
নেতাদ্বয়ে সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ (এছএছআইএফএছ) আৰু ডিপ্লমেটিক একাডেমী, এমএফএ, চাইপ্ৰাছৰ মাজত কূটনৈতিক প্ৰশিক্ষণ সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায় , যিয়ে কূটনীতিবিদসকলৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগিতাৰে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিব।
নেতাদ্বয়ে প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তি সম্পাদনৰ লক্ষ্যৰে আলোচনা অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়, যিয়ে নিৰাপদ, নিয়মীয়া আৰু শৃংখলাবদ্ধ প্ৰব্ৰজনৰ ক্ষেত্ৰত সহযোগিতা সহজ কৰি তোলাৰ বাবে এক কাঠামো প্ৰদান কৰিব আৰু উচ্চ দক্ষ শ্ৰমিক, ছাত্ৰ-ছাত্ৰী আৰু গৱেষকৰ বহনক্ষম কৰ্মশক্তিৰ গতিশীলতাক সমৰ্থন কৰিব। দুয়োগৰাকী নেতাই অতি সোনকালে সামাজিক সুৰক্ষা চুক্তিৰ বাবে আলোচনা আৰম্ভ কৰাৰ ক্ষেত্ৰতো একমত প্ৰকাশ কৰে।
এই প্ৰসংগত নেতাদ্বয়ে ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান (আইচিএআই) আৰু চাইপ্ৰাছৰ চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্ট প্ৰতিষ্ঠান (আইচিপিএচি)ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বিষয়টোকো আদৰণি জনায়। যিয়ে যুৱ একাউণ্টেণ্টসকলক পেছাদাৰী আৰু নিয়ন্ত্ৰণমূলক মান গঢ়ি তোলাত, একাউণ্টিং আৰু অডিটিঙৰ উত্তম পদ্ধতিৰ আদান-প্ৰদান কৰাত আৰু বিত্ত তথা ব্যৱসায়িক সেৱাৰ ক্ষেত্ৰত পাৰস্পৰিক স্বীকৃতি আৰু নিয়োগযোগ্যতা বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিব।
সাংস্কৃতিক সহযোগিতা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক
নেতাদ্বয়ে ভাৰত আৰু চাইপ্ৰাছৰ মাজত সাংস্কৃতিক আদান-প্ৰদান সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। তেওঁলোকে সাংস্কৃতিক সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বিষয়টোক আদৰণি জনায়, যিয়ে দৃশ্য কলা, পৰিবেশ্য কলাৰ বাবে শৈক্ষিক কাৰ্যসূচী, ঐতিহ্য সংৰক্ষণ, আৰু সৃষ্টিশীল উদ্যোগৰ ক্ষেত্ৰত আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। নেতাদ্বয়ে সংগ্ৰহালয়, শৈক্ষিক প্ৰতিষ্ঠান আৰু সাংস্কৃতিক সংস্থাসমূহৰ মাজত যৌথ পদক্ষেপ, প্ৰদৰ্শনী আৰু সামৰ্থ্য বিকাশৰ প্ৰচেষ্টাক প্ৰসাৰিত কৰাৰ অৰ্থে ঘনিষ্ঠ সহযোগিতাৰ বাবে উৎসাহিত কৰে। লগতে চাইপ্ৰাছত যোগ, আয়ুৰ্বেদ আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহৰো তেওঁলোকে শলাগ লয়।
নেতাদ্বয়ে দ্বিমুখী পৰ্যটনৰ অধিক বৃদ্ধিৰ সম্ভাৱনাক স্বীকাৰ কৰে, যিয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত অধিক বুজাবুজি গঢ়ি তোলাত অৰিহণা যোগাব। দুয়োপক্ষই পৰ্যটনৰ অংশীদাৰসকলৰ সহযোগত পৰ্যটকৰ প্ৰবাহ বৃদ্ধিৰ বাবে কাম কৰিবলৈ সন্মত হয়।
নেতাদ্বয়ে উল্লেখ কৰে যে মানুহৰ ক্ৰমবৰ্ধমান গতিবিধি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি কনছুলাৰ বিষয়ত সহযোগিতা দুয়োখন দেশৰ বাবে অবিৰত আগ্ৰহৰ ক্ষেত্ৰ হৈয়েই আছে। এই প্ৰেক্ষাপটত তেওঁলোকে কনছুলাৰ আলোচনাৰ আৰম্ভণিক আদৰণি জনাই কয় যে ইয়াৰ দ্বাৰা কনছুলাৰ সমস্যাসমূহৰ সমাধান আৰু সহযোগিতা শক্তিশালী কৰাৰ বাবে এক গাঁথনিগত কাঠামো প্ৰদান কৰা সম্ভৱ হ’ব।
ভাৰত–ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক
২০২৬ চনৰ ২৭ জানুৱাৰীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ সময়ত ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সম্পাদনক দুয়োপক্ষই আদৰণি জনায়।দুয়ো পক্ষই ২০৩০ চনৰ বাবে যুটীয়া ভাৰত–ইউৰোপীয় ইউনিয়নৰ ব্যাপক কৌশলগত কাৰ্যসূচীকো সমৰ্থন কৰে, যাৰ লক্ষ্য হৈছে ইউৰোপীয় ইউনিয়ন-ভাৰতৰ সহযোগিতাক বিস্তৃত , গভীৰ আৰু উন্নত সমন্বয়ৰ জৰিয়তে পাৰস্পৰিকভাৱে কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰা । যাতে অংশীদাৰ আৰু বিশ্বৰ বাবে সেয়া উপকাৰী, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফললৈ ৰূপান্তৰিত হয় ।
ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিক কৌশলগত অংশীদাৰিত্বৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে প্ৰশংসা কৰি নেতাদ্বয়ে গুৰুত্বপূৰ্ণ মূল্য শৃংখলৰ বৈচিত্ৰ্য তথা নতুন বজাৰ মুকলিৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগৰ সহযোগিতাৰ সম্ভাৱনীয়তা বৃদ্ধিৰ অৰ্থে ইয়াৰ আগতীয়া স্বাক্ষৰ আৰু সময়মতে ৰূপায়ণৰ আহ্বান জনায়।
নেতাদ্বয়ে বাণিজ্য, প্ৰযুক্তি, আৰু অৰ্থনৈতিক নিৰাপত্তাৰ মূল বিষয়সমূহৰ সমাধানৰ বাবে ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য তথা প্ৰযুক্তি পৰিষদৰ (টিটিচি) কাম আৰু অধিক বৃদ্ধি কৰিবলৈ সন্মত হয়। লগতে জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া টিটিচি মন্ত্ৰীসভাৰ বৈঠকৰ ফলাফলকলৈ আশা প্ৰকাশ কৰে।
ভাৰত-ইউৰোপীয় ইউনিয়নৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব স্বাক্ষৰ কৰাৰ ফলত সামুদ্ৰিক সুৰক্ষা, প্ৰতিৰক্ষা উদ্যোগ তথা প্ৰযুক্তি, চাইবাৰ আৰু হাইব্ৰিড ভাবুকি, মহাকাশ আৰু সন্ত্ৰাসবাদ বিৰোধকে ধৰি ভাগ-বতৰা স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা গভীৰ হ’ব। দুয়োগৰাকী নেতাই এই সন্দৰ্ভত ভাৰত-ইউৰোপীয় ইউনিয়নৰ তথ্য সুৰক্ষা চুক্তিও আগতীয়াকৈ সমাপ্ত কৰাৰ আহ্বান জনায়।
গতিশীলতাৰ বিষয়ত সহযোগিতাৰ ব্যাপক কাঠামোৰ বুজাবুজি চুক্তি স্বাক্ষৰ আৰু ভাৰতত এটা পাইলট ইউৰোপীয় সংঘৰ আইনী গেটৱে কাৰ্যালয় আৰম্ভ কৰাটোক আদৰণি জনায়। নেতাদ্বয়ে পেছাদাৰী, দক্ষ কৰ্মশক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ গতিবিধিৰ বাবে আইনী পথ প্ৰসাৰিত কৰাৰ লগতে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।
ভাৰত-প্ৰশান্ত মহাসাগৰীয়, সংযোগ আৰু আঞ্চলিক তথা বিশ্বজোৰা বিষয়
নেতাদ্বয়ে ইউএনচিএলঅ’এছকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি, মুক্ত, মুকলি, শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসাৰৰ বাবে তেওঁলোকৰ ভাগ-বতৰা প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত যোগদান কৰাৰ বাবে চাইপ্ৰাছক শলাগ লৈ সামুদ্ৰিক সুৰক্ষাৰ লগতে সামুদ্ৰিক সম্পদৰ বহনক্ষম ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰে।
দুয়োগৰাকী নেতাই বিশ্ব বাণিজ্য, সংযোগ আৰু সমৃদ্ধিৰ পুনৰ গঠন আৰু প্ৰসাৰৰ ক্ষেত্ৰত ভাৰত–মধ্যপ্ৰাচ্য–ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ (আইএমইইচি) পৰিৱৰ্তনশীল সম্ভাৱনীয়তাক স্বীকৃতি দিয়ে। তেওঁলোকে পূব ভূমধ্যসাগৰ আৰু মধ্যপ্ৰাচ্যত স্থিতিশীলতা বৃদ্ধিৰ বাবে তেওঁলোকৰ ভাগ-বাটোৱাৰা কৰা প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে আৰু ভাৰতৰ পৰা মধ্যপ্ৰাচ্যৰ মাজেৰে ইউৰোপলৈ গভীৰ সংযোগ তথা আন্তঃসংযোগৰ কৰিডৰ গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। দ্বিপাক্ষিক সংযোগ সম্পৰ্কীয় আলোচনাৰো তেওঁলোকে পোষকতা কৰে।
নেতাদ্বয়ে ইউক্ৰেইনত আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি অনুসৰি এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ মূল অংশীদাৰসকলৰ মাজত আলোচনা, কূটনৈতিক তথা গঠনমূলক সংযোগৰ জৰিয়তে সংঘাতৰ সমাধানৰ বিষয়টোত সমৰ্থন প্ৰকাশ কৰে।
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত দুয়োগৰাকী নেতাই সামুদ্ৰিক জাহাজে নিৰাপদ তথা নিৰ্বিঘ্নে পাৰ হোৱাকে ধৰি শান্তিপূৰ্ণভাৱে অন্তৰ্নিহিত সমস্যাসমূহ সমাধানৰ বাবে আলোচনা তথা কূটনীতিৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।
ভাৰতে পাৰমাণৱিক যোগানকাৰী গোটত যোগদানৰ মূল্যক স্বীকৃতি দি বিশ্বজুৰি পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ নীতিক ৰক্ষা কৰাৰ গুৰুত্বৰ বিষয়েও দুয়োগৰাকী নেতাই আলোচনা কৰে।
উপসংহাৰ
দুয়োগৰাকী নেতাই ভাৰত–চাইপ্ৰাছৰ সম্পৰ্ক গভীৰ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে আৰু ভাৰত-চাইপ্ৰাছ কৌশলগত অংশীদাৰিত্বৰ অধীনত সহযোগিতাক আগুৱাই নিয়াৰ বাবে ভাৰত-চাইপ্ৰাছ যুটীয়া কাৰ্য্য পৰিকল্পনা ২০২৫-২০২৯ সময়মতে ৰূপায়ণৰ বাবে সময়মতে কাম কৰিবলৈ সন্মত হয়। নেতাদ্বয়ে পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ ভাগ-বাটোৱাৰা কৰা মনোভাৱেৰে নিয়মীয়াকৈ পাৰস্পৰিক ক্ৰিয়া-কলাপ বজাই ৰাখিবলৈ সন্মত হয়।
চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ এই ভ্ৰমণৰ সময়ত ভাৰত চৰকাৰ আৰু ভাৰতবাসীয়ে আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে প্ৰধানমন্ত্ৰীক বাবে ধন্যবাদ জ্ঞাপন কৰে।
নেতাদ্বয়ে ইউৰোপ, ভূমধ্যসাগৰীয় আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মাজত কৌশলগত অংশীদাৰ তথা গুৰুত্বপূৰ্ণ সংযোগকাৰী হিচাপে চাইপ্ৰাছ আৰু ভাৰতৰ ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ কথা পুনৰ দৃঢ় কৰে, যি শান্তি, স্থিতিশীলতা, সংযোগ আৰু সমৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।
তেওঁলোকে ভাৰত-চাইপ্ৰাছ যুটীয়া কাৰ্য্য পৰিকল্পনা ২০২৫-২০২৯ৰ অধীনত স্পষ্ট ফলাফল লাভ কৰাৰ লগতে ভাৰত-চাইপ্ৰাছৰ সহযোগিতাক বিস্তৃত ৰূপত ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বৰ গতিশীল স্তম্ভ হিচাপে অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ় কৰে।
নেতাদ্বয়ে এই কথাত একমত হয় যে ৰাষ্ট্ৰপতিগৰাকীৰ বৰ্তমানৰ এই ভ্ৰমণে ঐতিহাসিকভাৱে শক্তিশালী সম্পৰ্কক পুনৰ দ্বিপাক্ষিক সম্পৰ্কৰ নতুন পৰ্যায়লৈ ৰূপান্তৰিত কৰাৰ এক নিৰ্ণায়ক পদক্ষেপ হিচাপে চিহ্নিত কৰিছে, অংশীদাৰিত্বক অধিক অভিলাষী, আধুনিক, কৌশলগত আৰু ভৱিষ্যতমুখী সহযোগিতাৰ কাঠামোলৈ উন্নীত কৰিছে।
***
MJPS/SS/PRK/DM
Addressing the joint press meet with President Christodoulides of Cyprus.@Christodulides
— Narendra Modi (@narendramodi) May 22, 2026
https://t.co/fGPTKnRtyQ
We discussed ways to increase cooperation in infrastructure, energy, agriculture, technology and financial services. We also view defence and security as a key means of furthering bilateral friendship. Emphasis will remain on boosting cultural as well as people-to-people ties. pic.twitter.com/MJPriXcwMs
— Narendra Modi (@narendramodi) May 22, 2026
Happy to have met President Nikos Christodoulides in Delhi. We held extensive deliberations on further strengthening the India-Cyprus friendship. Considering the close ties between our nations, we have decided to elevate our friendship into a Strategic Partnership. Ours is indeed… pic.twitter.com/36unkio3YK
— Narendra Modi (@narendramodi) May 22, 2026
Outcomes that will add momentum to the India-Cyprus friendship! https://t.co/8w5GwjJ202
— Narendra Modi (@narendramodi) May 22, 2026
The visit of President Nikos Christodoulides to India will greatly benefit the people of India and Cyprus. At the same time, it will contribute to a prosperous and sustainable planet as well!@Christodulides pic.twitter.com/7OmWZ2AB2l
— Narendra Modi (@narendramodi) May 22, 2026