Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চাৰিগৰাকী ন্যায়াধীশ বৃদ্ধিৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩৩ৰ পৰা ৩৭লৈ বৃদ্ধিত অনুমোদন কেবিনেটৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি উচ্চতম ন্যায়ালয় (ন্যায়ধীশৰ সংখ্যা) সংশোধনী বিধেয়ক, ২০২৬ সংসদত উত্থাপন কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ লক্ষ্য হৈছে উচ্চতম ন্যায়ালয় (ন্যায়াধীশৰ সংখ্যা) আইন, ১৯৫৬ সংশোধন কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত (ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দি) ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ জনৰ পৰা ৩৭লৈ বৃদ্ধি কৰা।

সবিশেষঃ

উচ্চতম ন্যায়ালয় (ন্যায়ধীশৰ সংখ্যা) সংশোধনী বিধেয়ক, ২০২৬ত উচ্চতম ন্যায়ালয়ত চাৰিজন ন্যায়াধীশ বৃদ্ধিৰে পূৰ্বৰ ৩৩ৰ পৰা ৩৭লৈ (ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দি) বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে।

মূল প্ৰভাৱ:

ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে অধিক কাৰ্যক্ষম আৰু ফলপ্ৰসূভাৱে কাম কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত দ্ৰুত ন্যায় নিশ্চিত হ’ব।

ব্যয়:

ন্যায়াধীশ আৰু সহায়ক কৰ্মচাৰীৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহৰ ব্যয় ভাৰতৰ সমন্বিত পুঁজিৰ পৰা পূৰণ কৰা হ’ব।

ভূমি:

ভাৰতৰ সংবিধানৰ ১২৪(১) অনুচ্ছেদত অন্যান্য বিষয়ৰ লগতে কোৱা হৈছে যে “ভাৰতৰ মুখ্য ন্যায়াধীশক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয় গঠিত হ’ব আৰু আইনৰ দ্বাৰা সংসদে অধিক সংখ্যক ন্যায়াধীশৰ ব্যৱস্থা নকৰালৈকে আন সাতজনতকৈ অধিক ন্যায়াধীশ থাকিব নোৱাৰিব…”

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ বাবে ১৯৫৬ চনত উচ্চতম ন্যায়ালয় (ন্যায়ধীশৰ সংখ্যা) সংশোধনী আইন, ১৯৫৬ৰ অধীনত এখন আইন প্ৰণয়ন কৰা হয়। আইনখনৰ ২নং ধাৰাত সৰ্বাধিক ন্যায়াধীশৰ সংখ্যা (ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দি) ১০ জন নিৰ্ধাৰণ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা সৰ্বোচ্চ ন্যায়ালয় (ন্যায়ধীশৰ সংখ্যা) সংশোধনী আইন, ১৯৬০ৰ দ্বাৰা ১৩ জনলৈ আৰু উচ্চতম ন্যায়ালয় (ন্যায়ধীশৰ সংখ্যা) সংশোধনী আইন, ১৯৭৭ৰ দ্বাৰা ১৭ জনলৈ বৃদ্ধি কৰা হয়, ১৯৭৯ চনৰ শেষলৈকে কেবিনেটত ভাৰতৰ মুখ্য ন্যায়াধীশৰ অনুৰোধত এই সীমা উঠাই লোৱা হয়।

উচ্চতম ন্যায়ালয় (ন্যায়ধীশৰ সংখ্যা) সংশোধনী আইন, ১৯৮৬ৰ অধীনত ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দি উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ১৭ৰ পৰা ২৫লৈ বৃদ্ধি কৰা হয়।পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয় (ন্যায়ধীশৰ সংখ্যা) সংশোধনী আইন, ২০০৮ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ২৫ৰ পৰা ৩০লৈ বৃদ্ধি কৰা হয়।

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা সৰ্বোচ্চ ন্যায়ালয় (ন্যায়ধীশৰ সংখ্যা) সংশোধনী আইন, ২০১৯ৰ জৰিয়তে মূল আইনখন সংশোধন কৰি শেষবাৰৰ বাবে ৩০ৰ পৰা ৩৩জনলৈ (ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দি) বৃদ্ধি কৰা হৈছিল।

****

 

MJPS/DB