Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

চিআইএছএফৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


দেশৰ সম্পদ আৰু সন্মান ৰক্ষা, সুৰক্ষাৰ সৈতে জড়িত চিআইএছএফৰ বন্ধুসকল,

ইয়াত উপস্থিত পৰিয়ালবৰ্গ আৰু ভদ্ৰ পুৰুষ-মহিলাসকল,

স্বৰ্ণ জয়ন্তীৰ এই ঐতিহাসিক ক্ষণত উপনীত হোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷ এটি সংস্থা হিচাপে আপোনালোকে ৫০ বছৰ সম্পূর্ণ কৰিছে, সেয়া অতিকে প্ৰশংসনীয় অভিজ্ঞতা৷ এই সুদীর্ঘ ৫০ বছৰত যি মহানুভৱতাৰে এই সংস্থাটোৱে দায়িত্ব পালন কৰিছে, নেতৃত্ব দিছে, মানৱ সম্পদৰ সঠিক ব্যৱহাৰৰ জৰিয়তে এই প্ৰতিষ্ঠানটোক যিসকলে নতুন শিখৰত উপনীত কৰিছে, তেওঁলোক সকলোকে প্ৰণাম জনাইছো৷ দেশৰ এনে এটি গুৰুত্বপূর্ণ প্ৰশিক্ষিত নিৰাপত্তা বাহিনীক উচ্চ স্থানত উপনীত কৰোৱাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

ভাই-ভনীসকল, চুবুৰীয়া শত্রুৱে আমাৰ সৈতে সন্মুখ সমৰত অৱতীর্ণ হোৱাৰ ক্ষমতা নথকাৰ ফলত বেলেগ ধৰণে ষড়যন্ত্রত লিপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ এই অভিজ্ঞতা আৰু অধিক গুৰুত্বপূর্ণ হৈ পৰিছে৷ সন্ত্রাসবাদৰ আশ্ৰয় লৈ তেওঁলোকে আমাক বিভিন্ন ধৰণে ক্ষতি কৰাৰ চেষ্টা কৰি আহিছে৷ সেয়েহে, দেশৰ সম্পদ ৰক্ষা কৰাৰ বাবে আপোনালোক সদায় সতর্ক হৈ থাকিব লাগিব আৰু বিভিন্ন জটিল সমস্যাৰ মোকাবিলা কৰিব লাগিব৷ অলপ আগতে যেতিয়া ইয়াত পেৰেড চলিছিল, তেতিয়া মই সেই প্রাণশক্তি আৰু সংকল্প অনুভৱ কৰিছিলো, যিটো সমৃদ্ধিশালী ভাৰত নির্মাণৰ বাবে অতি প্ৰয়োজনীয়। এই অসাধাৰণ প্ৰদর্শনৰ বাবে মই পেৰেড কামাণ্ডাৰৰ লগতে পেৰেডত অংশগ্ৰহণকাৰী সকলো জোৱান আৰু বিষয়াবৰ্গক বহুত বহুত শুভেচ্ছা জনাইছো৷

আজি ইয়াত বহুত সতীৰ্থ জোৱানক উৎকৃষ্ট দেশ সেৱাৰ বাবে পদক দিয়া হৈছে৷ তেওঁলোকক মই অভিনন্দন জনাইছো৷ তদুপৰি, যিসকলে গণতন্ত্ৰত দিৱসত ঘোষিত আৰক্ষী পদক আৰু জীৱন ৰক্ষক পদক লাভ কৰিছে, তেওঁলোককো মই অভিনন্দন জনাইছো৷ বন্ধুসকল, চিআইএছএফৰ সৈতে জড়িত সকলোৱে দেশৰ সম্পদ নিৰাপদ ৰখাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ নতুন ভাৰতৰ নতুন আৰু আধুনিক ব্যৱস্থাক নিৰাপদে ৰখাৰ বাবে দেশৰ আশা-আকাংক্ষাক বাস্তবায়িত কৰিবলৈ আপোনালোকে একেৰাহে কাম কৰি আহিছে৷

আমি জানো যে বিভিন্ন নিৰাপত্তা ব্যৱস্থা আছে। তেওঁলোকৰ সাজ-পাৰ, কর্ম-পদ্ধতি আৰু গঠন প্ৰণালী আমি ব্রিটিছ শাসকসকলৰ পৰা উত্তৰাধিকাৰী সূত্রে লাভ কৰিছো৷ সময়ানুসৰি কেতবোৰ পৰিৱর্তনো হৈছে৷ কিন্তু বহুত কম সংস্থা আছে, যিবোৰ স্বাধীনতাৰ পাছত দেশৰ প্ৰয়োজনৰ কথা ভাবি গঢ়ি তোলা হৈছে৷ এনে ধৰণৰ ব্যতিক্ৰম সংস্থাৰ ভিতৰত চিআইএছএফ অন্যতম, যিটো স্বাধীন ভাৰতৰ সৃষ্টি। স্বাধীন ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ বাবে জন্ম দিয়া সংস্থাসমূহৰ ভিতৰত চিআইএছএফ অতি গুৰুত্বপূর্ণ বাহিনী। ইয়াৰ জন্ম, লালন-পালন, ইয়াৰ বিকাশ আৰু বিস্তাৰৰ ক্ষেত্রত ইয়াৰ সুযোগ্য নেতৃত্বৰ ‘প্রগ্রেছিভ আনফল্ডমেণ্টে’ অত্যন্ত কার্যকৰী ভূমিকা পালন কৰিছে। সেয়েহে, এই স্বর্ণ জয়ন্তী বর্ষ বাহিনীটোৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়।

আমি যিসকল শাসন ক্ষমতাত আছো, কেবিনেটত বহি আলোচনাৰ মাধ্যমেৰে প্ৰতিটো বিষয়ত অনুমোদন জনাও আপোনালোকৰ দায়িত্বৰ ক্ষেত্রত ইয়াতকৈও অধিক নিয়মানুৱর্তিতা আৰু সতর্কতা পালন কৰিব লগা হয়। বিগত ৫০ বছৰত দেশৰ অসংখ্য লোকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ সংস্থাৰ কর্মপদ্ধতি বিকশিত আৰু বিস্তাৰিত হয় বুলি এইধৰণৰ সংস্থাই দেশবাসীৰ হৃদয়ত এক বিশ্বাসৰ সম্বল হৈ উঠিছে৷ সেইবাবে মই আপোনালোকক যিমানেই ধন্যবাদ নজনাও কিয়, সেয়া চাগৈ কম হ’ব৷

ৰাজেশ ৰঞ্জনজীয়ে কৈছে যে আমাৰ বাবে আশ্চর্যৰ আৰু আনন্দৰ বিষয় হ’ল–স্বয়ং প্ৰধানমন্ত্রী আমাৰ অনুষ্ঠানলৈ আহিছে৷ কিন্তু মই ক’ব বিচাৰো যে ইয়ালৈ নহা হ’লে, মই বহুত কিবা-কিবা হেৰুৱালোহেতেন৷

৫০ বছৰৰ তপস্যা কম নহয়। বছৰত ৩৬৫ দিন চকু মেলি ৰাখি, মস্তিষ্কক সজাগ কৰি ৰখা, হাত-ভৰিৰ লগতে শৰীৰটোক প্ৰতিদিন একেৰাহে ৮–৯ ঘণ্টা সষ্টম ৰাখি শ-শ দুর্ঘটনা আৰু ভয়াবহ দুৰ্যোগৰ পৰা দেশক আপোনালোকে ৰক্ষা কৰি আহিছে৷ দুই–এটা এনে ঘটনা সংঘটিত হ’ব পাৰে, যিটোত গোটেই বছৰৰ তপস্যাত পানী পেলাই দিয়াৰ দৰে হয়৷ সেইবাবে আপোনালোক আৰু অধিক সতর্ক থাকিব লাগিব৷ প্ৰধানমন্ত্রী হিচাপে মইও সদায় নিৰাপত্তাবেষ্টনী থাকো৷ বিশেষ ব্যক্তি বা সংস্থাক এনেধৰণৰ নিৰাপত্তাবেষ্টনীত ঘেৰি ৰখাতো সহজ কথা নহয়। মোক ক্ষমা কৰিব, কোনো ব্যক্তিক নিৰাপত্তাবেষ্টনীৰে ঘেৰি ৰখাটো ইমান কঠিন নহয়, যিমান কঠিন এটি প্ৰতিষ্ঠানক নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে ঘেৰি ৰখা, য’ত ৮ লাখ লোকে অহা-যোৱা কৰে, প্ৰতিটো চেহেৰা নতুন, প্ৰত্যেকৰ আচাৰ-ব্যৱহাৰ পৃথক, তেওঁলোকৰ পৰা এটি প্ৰতিষ্ঠানক নিৰাপত্তা দিয়াটো যি কোনো ডাঙৰ ভিআইপিক নিৰাপত্তা দিয়াতকৈ লাখ লাখ গুণ কঠিন কাম৷ যিটো আপোনালোকে কৰে আৰু দেশৰ প্ৰতিটো উল্লেখযোগ্য বাণিজ্যিক প্ৰতিষ্ঠানক নিৰাপত্তাবেষ্টনীৰে ঘেৰি ৰাখে৷ আপোনালোকে কেৱল কোনো প্ৰতিষ্ঠানৰ দুৱাৰত থিয় হৈ নাথাকে৷

আপোনালোকে কেৱল ভাৰতৰ উন্নয়নৰ যাত্রাক নিৰাপদে নাৰাখে, আপোনালোকে ভাৰতৰ উন্নয়নৰ যাত্রাক এক বিশ্বাসেৰে অনুভৱ কৰাৰ মাত্রা দিয়ে৷ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল আপোনালোকে বহুতেই আমাৰ দৰে বহুত ৰাজনৈতিক নেতাসকলক স্বয়ম্ভূ শ্বাহেনশ্বাহ্‌ অথবা ডাঙৰ ভিআইপি বুলি ভাবি লয়৷ বিমানবন্দৰত আপোনালোকে যদি তেওঁলোকক কিবা এটা সোধে, তেতিয়াহ’লে তেওঁলোকৰ সন্মান লাঘৱ হয়, খং উঠি যায়, অপমানিত বোধ কৰে, ‘চাই ল’ম’ বুলি সঁকিয়ায়৷ আপোনালোকে হাত জোৰ কৰি বুজোৱাৰ চেষ্টা কৰে যে চাহাব এয়া আমাৰ কৰ্তব্য৷ কিন্তু তেওঁলোকে কোনোপধ্যে নুবুজে–এয়াই আমাৰ দেশৰ ভিআইপি সংস্কৃতি।

মই আপোনালোকক মোৰ এটা অভিজ্ঞতাৰ কথা শুনাব বিচাৰিছো৷ মই যেতিয়া দলৰ কাম কৰাৰ বাবে সমগ্ৰ দেশ ঘুৰি ফুৰিছিলো, তেতিয়া এজন অগ্ৰজ নেতা মোৰ সৈতে আছিল৷ আমাৰ দেশত এনে কিছুমান বিমানবন্দৰ আছে, য’ত নিৰাপত্তাৰ অভাৱত দুবাৰ তালাচী চলোৱা হয়৷ যেনে–শ্রীনগৰ, আগতে গুৱাহাটীতো এনে হৈছিল–এতিয়া কি হয়, সেয়া মই নাজানো৷ মোৰ সৈতে যিগৰাকী ডাঙৰ নেতা আছিল, তেওঁক বিমানবন্দৰত থিয় হৈ থকা নিৰাপত্তাৰক্ষীয়ে তালাচী কৰিবলৈ আৰম্ভ কৰিলে৷ তেতিয়া নেতাগৰাকীৰ খং উঠিল৷ ভিতৰত আসনত গৈ যেতিয়া তেওঁ বহিল, তেতিয়া মোৰ সৈতেও তেওঁ কথা পতা নাছিল৷ পৰৱর্তী সময়ত মই তেওঁক ক’লো যে আপুনি আগত নাযাব, মোৰ পিছে পিছে আহক, মই আগতে তালাচী কৰাম৷ মই নিৰাপত্তাৰক্ষীৰ আগত গৈ হাত দাঙি ক’লো লোৱা ভাই আৰতি কৰা! তেতিয়া নিৰাপত্তাৰক্ষীয়ে ক’লে চাহাব মই আপোনাক চিনি পাও৷ মই ক’লো তাতে কি হ’ল, আপুনি আপোনাৰ কর্তব্য পালন কৰক, নহ’লে মই নাযাও৷ আপোনালোকে মেটেল ডিটেক্টৰক যিদৰে ঘুৰাই তালাচী কৰে–তাক মই আৰতি বুলি কও৷ তাৰপাছত মই নেতাজনক ক’লো, আহক, এইটো নাভাবিব যে আপোনাৰ তালাচী লৈছে বৰঞ্চ ভাবক যে আপোনাৰ আৰতি কৰিছে৷ এইদৰে গৌৰৱবোধ কৰক৷ মই জানো যে এই ভিআইপি সংস্কৃতিয়ে কেতিয়াবা কেতিয়াবা নিৰাপত্তাৰ ক্ষেত্রত আটাইতকৈ ডাঙৰ সংকট হৈ উঠে। কিন্তু মই নিজে সম্পূৰ্ণ নিয়মানুৱর্তীতা পালন কৰো বাবে মোক লৈ কাৰো সমস্যা নহয়৷ বৰ্তমান আপোনালোকৰ বাহিনীত ডেৰ লাখ নিৰাপত্তাৰক্ষী আছে৷ এই সংখ্যা বৃদ্ধি কৰি ১৫ লাখ কৰিলেও যেতিয়ালৈকে দেশৰ নাগৰিকসকল নিয়মানুৱর্তী নহ’ব, আপোনালোকৰ কাম কৰিবলৈ সমস্যা হৈয়ে থাকিব৷ সেইবাবে এই স্বর্ণ জয়ন্তী বর্ষত আমি কিদৰে নাগৰিকসকলক আৰু প্ৰশিক্ষিত কৰিব পাৰো, ইমান ডাঙৰ নিৰাপত্তা ব্যৱস্থাৰ গুৰুত্ব সম্পর্কে জনাব পাৰো, বুজাব পাৰো–তাৰ প্ৰয়োজন আছে। সেইবাবে আপোনালোকৰ অসাধাৰণ পেৰেড চাই চাই মোৰ মনত এটি চিন্তাধাৰাৰ উদয় হৈছে, আজি আপোনালোকক কি ক’ম ভাবি আছো৷ মই ভাবিছো যে কোনো বিমানবন্দৰত আৰু মেট্ৰ’ ষ্টেচনত আমি ডিজিটেল সংগ্ৰহালয় নিৰ্মাণ কৰিম আৰু সেই সংগ্ৰহালয়ৰ পর্দাত ধাৰাবাহিকভাৱে প্ৰদর্শিত হৈ থাকিব কিদৰে চিআইএছএফৰ জন্ম হৈছিল আৰু ইয়াৰ বিকাশ তথা বিস্তাৰ হৈছে৷ কি ধৰণে সেৱা প্ৰদান কৰে, জনগণৰ পৰা এইসকল নিৰাপত্তাৰক্ষীয়ে কি ধৰণৰ সহযোগিতা বিচাৰে, বিমানবন্দৰ অথবা মেট্ৰ’ ষ্টেচনত যাতায়াত কৰা যাত্রীসকলে এইবোৰ দেখিলে তেওঁলোকৰ মাজত সজাগতা বৃদ্ধি পাব৷ তেওঁলোকে অনুভৱ কৰিব যে ২৪ ঘণ্টা কর্মৰত লোকসকলক সন্মান জনোৱা উচিৎ আৰু তেওঁলোকৰ বাবে গর্ব কৰা উচিৎ। এই সজাগতা অতি প্ৰয়োজন, তেতিয়াহে আমাৰ নাগৰিকসকল নিয়মানুৱর্তী হোৱাৰ বাবে প্ৰশিক্ষণৰ পথৰে আগুৱাই যাব পাৰিব। এইক্ষেত্রত মই আপোনালোকক সম্পূর্ণ সহযোগিতাৰ আশ্বাস দিছো৷

অন্যান্য কেন্দ্রীয় সুৰক্ষা বাহিনীৰ তুলনাত চিআইএছএফত মহিলাসকলৰ সংখ্যা অধিক৷ ইয়াৰ জৰিয়তে দেশৰ শক্তিক নিশ্চিতভাবে নতুনকৈ তুলি ধৰা হৈছে৷ মই চিআইএছএফত কর্মৰত মহিলাসকলৰ তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনাইছো, তেওঁৰ পিতৃ-মাতৃক অভিনন্দন জনাইছো, বিশেষকৈ তেওঁলোকৰ মাতৃ, যিগৰাকীয়ে তেওঁৰ কন্যাক নিৰাপত্তাৰক্ষীৰ ইউনিফর্ম পৰিধান কৰি দেশৰ উন্নয়নৰ যাত্রাক নিৰাপদ কৰাৰ দায়িত্ব ল’বলৈ প্রেৰণা যোগাইছে৷ এই কন্যাসকলক লাখ লাখ অভিনন্দন জনাইছো৷ বন্ধুসকল, নিৰাপত্তা আৰু সেৱা ভাৱেৰে আপোনালোকে যিদৰে কাম কৰিছে সেয়া দেশৰ বাবে অতিকে গুৰুত্বপূর্ণ।

নতুন ভাৰতৰ বাবে গঢ়ি উঠা আধুনিক আন্তঃগাঁথনি যেনে-বন্দৰ গঢ়ি উঠিছে, বিমানবন্দৰ গঢ়ি উঠিছে, মেট্র’ৰ সম্প্ৰসাৰণ হৈছে, যিমান ডাঙৰ ডাঙৰ উদ্যোগ আৰু ব্যৱসায় আৰম্ভ হৈছে–সেইবোৰৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ ওপৰত আছে। ডেৰ লাখতকৈও অধিক কর্মীৰ শক্তিৰে সমৃদ্ধ এই বাহিনীটোৱে ভাৰতত খোজ দিয়া বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকসকলৰ নিৰাপদ অনুভৱ কৰিবলৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷

বন্ধুসকল, বিমানবন্দৰ আৰু মেট্র’সমূহ আজি আপোনালোকৰ বাবেই নিৰাপদ, আপোনালোকৰ সমর্পণ, সতর্কতা আৰু আপোনালোকৰ ওপৰত জনগণৰ বিশ্বাসেই এই নিৰাপত্তাৰ মুল ভেঁটি৷ বৰ্তমান দেশত দ্রুতগতিত বিমানবন্দৰ আৰু মেট্ৰ’ সেৱাৰ সম্প্ৰসাৰণ হৈছে। উভয় দিশত আমি বিশ্বৰ এনে সেৱাৰ ক্ষেত্রত বৃহত্তম দেশত পৰিণত হোৱাৰ পথত অগ্ৰসৰ হৈছো৷

বন্ধুসকল, মোৰ কেইবাবাৰো মেট্র’তে যাত্ৰা কৰাৰ সৌভাগ্য হৈছে৷ মই লক্ষ্য কৰিছো আপোনালোকে কিমান পৰিশ্ৰম কৰে, কিদৰে ঘণ্টাৰ পাছত ঘণ্টা প্ৰতিগৰাকী যাত্রীৰ ওপৰত দৃষ্টি ৰাখে, তেওঁলোকৰ বয়-বস্তুৰ প্ৰতি সতর্ক দৃষ্টি ৰাখে, আপোনালোকৰ পৰিশ্ৰমৰ ফলতে সাধাৰণ মানুহৰ মেট্র’ ৰে’ল আৰু বিমান যাত্রা সুখময় হয়। কিন্তু বহুতে ভাৱে, আপোনালোকৰ কাম কেৱল অলপমান! কেৱল তালাচী লোৱা৷

বন্ধুসকল, দেশবাসীয়ে এইটো জনা দৰকাৰ যে চিআইএছএফৰ প্ৰতিগৰাকী নিৰাপত্তাৰক্ষী কেৱল তালাচীৰ কামকে নকৰে, মানৱীয় সংবেদনশীলতাৰ লগতে নিৰাপত্তাৰ প্ৰতিটো পর্যায় সুচাৰুৰূপে পালন কৰে৷

বন্ধুসকল, দুৰ্যোগৰ সময়ত আপোনালোকৰ তৎপৰতা সদায়েই প্ৰশংসনীয়। যোৱা বছৰ কেৰালাত ভয়ংকৰ বানত আপোনালোকৰ মাজৰ বহুতেই দিন-ৰাতি এক কৰি মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ কাম কৰিছিল৷ কেৱল দেশতে নহয়, বিদেশতো আপোনালোকে দুৰ্যোগৰ মোকাবিলা কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ নেপালত প্ৰলয়ংকৰী ভূমিকম্পৰ পাছত আপোনালোকৰ অৱদান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ প্ৰশংসা লাভ কৰিছে৷ কেৱল ইমানেই নহয়, সেই ভয়াবহ দুৰ্যোগৰ ফলত যিবোৰ পৰিয়ালে তেওঁলোকৰ আত্মীয়-স্বজনৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল, তেওঁলোকক পুনৰ পৰিয়ালৰ সৈতে মিলন ঘটোৱাৰ ক্ষেত্রত আপোনালোকে সম্পূর্ণ সংবেদনশীলতাৰে দায়িত্ব পালন কৰিছিল৷ একেদৰে, কন্যাসকলৰ নিৰাপত্তাত দিশত আপোনালোকৰ ভূমিকা উল্লেখযোগ্য।

বন্ধুসকল, আজিৰ এই সমাৰোহত আমি যেতিয়া এটি গুৰুত্বপূর্ণ পর্যায়ত আহি উপনীত হৈছো, আমাৰ সেই সহযোগীসকলক স্মৰণ কৰিব লাগিব, যিসকলে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আত্মবলিদান দিছে, শ্বহীদ হৈছে৷ সন্ত্রাস আৰু হিংসাক উৎসাহ যোগোৱা অপশক্তিসমূহৰ হাতৰ পৰা দেশ আৰু আমাৰ অমূল্য ঐতিহ্য তথা সম্পদ ৰক্ষাৰ বাবে চিআইএছএফ, চিআৰপিএফ অথবা অন্যান্য সশস্ত্ৰ বাহিনীৰ যিসকল সৈনিকে জীৱন উচর্গা কৰিছে, আপোনালোকৰ এই আত্মবলিদানৰ বাবেই আজি আমি নতুন ভাৰতৰ সপোন দেখিবলৈ সক্ষম হৈছো৷

এতিয়ালৈকে কেন্দ্রীয় আৰক্ষী বাহিনীৰ ৪ হাজাৰতকৈও অধিক জোৱানৰ উপৰি ৩৫ হাজাৰতকৈও অধিক কর্মীয়ে আত্মবলিদান দিছে৷ মই সেই শ্বহীদসকলক শ্ৰদ্ধা জনাইছো৷

কিন্তু এই সুৰক্ষা বাহিনীসমূহৰ সৈতে জড়িত লোকসকলক মই অন্তৰৰ পৰা ক’ব বিচাৰো, আবেগেৰে ক’ব বিচাৰো যে এই খাকী ইউনিফর্ম পিন্ধা লোকসকলে এই দেশত যিমান সন্মান পোৱা উচিৎ আছিল, সেয়া তেওঁলোকে পোৱা নাই৷ দেশৰ সাধাৰণ জনতাইও তেওঁলোকক সেই মর্যাদা দিয়া নাই৷ সেই বাবে স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ লালকিল্লাৰ প্রাচীৰৰ পৰা প্ৰধানমন্ত্রী হিচাপে মই ৩৫ হাজাৰতকৈও অধিক আৰক্ষীৰ আত্মবলিদানকে শ্বহীদৰ মর্যাদা দিয়াৰ প্ৰস্তাৱ উত্থাপন কৰিছিলো৷ এই ক্ষেত্ৰত সাধাৰণ জনতাৰ মনত সজাগতা বৃদ্ধিৰ বাবেই মই এই কাম কৰিছিলো, যাতে প্ৰতিগৰাকী কনিষ্টবলৰ ক্ষেত্ৰতো তেওঁলোকৰ ব্যৱহাৰৰ পৰিৱর্তন আহে৷ আমি যিমানেই আমাৰ নিৰাপত্তাৰক্ষীসকলক সন্মান কৰিবলৈ শিকিম, সিমানে দেশ অধিক নিৰাপদে থাকিব–ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি দিল্লীত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক নিৰ্মাণ কৰিলো৷ দেশৰ প্ৰতিখন স্কুলৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্রীক তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে এই আৰক্ষী স্মাৰক দেখুৱাবৰ বাবে লৈ অহাটো মই বিচাৰো৷ তেওঁলোকে এই স্মাৰক চাই অনুভৱ কৰক যে কোনে আমাক নিৰাপদে ৰাখিবলৈ তেওঁলোকৰ জীৱন উচৰ্গা কৰি আহিছে৷ তেওঁলোকৰ বীৰগাথা, তেওঁলোকৰ শৌর্যই ভৱিষ্যৎ প্ৰজন্মক উদ্বুদ্ধ কৰক। শ্বহীদসকলৰ পৰিয়ালৰ কাষত দেশৰ সাধাৰণ জনতা যে আছে, সেই সহানুভূতি গঢ়ি উঠক৷ মই অতিশয় আনন্দিত যে ইয়ালৈ যেতিয়া খোলা জীপত মই থিয় হৈ আহিছিলো, তেতিয়া তিনিটা প্ৰজন্মৰ আৰক্ষী জোৱানক দর্শন লাভৰ সৌভাগ্য হয়৷ ইয়াতো আপোনালোকৰ পৰিয়ালৰ তিনিটা প্ৰজন্মক দেখি মই মুগ্ধ হৈছো৷ জ্যেষ্ঠ, অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া-কৰ্মী আৰু কৰ্মৰত উচ্চপদস্থ বিষয়াসকলে আপোনালোকৰ দৰে নতুন প্ৰজন্মক সঠিক পথ প্ৰদর্শন কৰিব৷ লগতে ইয়াত আপোনালোকৰ পৰিয়ালৰ বাকী সদস্যসকলৰ সৈতেও সাক্ষাতৰ সৌভাগ্য হ’ল। দেশৰ প্ৰতি আপোনালোকৰ সেৱাত তেওঁলোকৰ অৱদান অনস্বীকার্য। মই তেওঁলোককো প্ৰণাম জনাইছো৷ তেওঁলোকেই কর্মৰত লোকসকলক সষ্টম থাকিবলৈ শক্তি যোগায়৷

বন্ধুসকল, তীব্ৰ গৰম, প্ৰচণ্ড ঠাণ্ডা, ধাৰাসাৰ বৰষুণতো আপোনালোকে নিজৰ কর্মত অটল থাকে৷ দেশবাসীৰ বাবে হোলী, দীপাৱলীকে ধৰি সকলো উৎসৱ থাকে। কিন্তু আপোনালোকৰ তেতিয়া দায়িত্ব আৰু অধিক বৃদ্ধিহে পায়। আমাৰ নিৰাপত্তাৰক্ষীসকলৰ পৰিয়ালৰ সদস্যসকলো এই আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ তেওঁলোকৰো সপোন আৰু আশা-আকাংক্ষা আছে। তেওঁলোকেও সাধাৰণ জনতাৰ দৰে আশংকাত ভোগে৷ কিন্তু দেশৰ নিৰাপত্তাৰ স্বার্থত তেওঁলোকে সকলো সমস্যাক হাঁহি মুখে মোকাবিলা কৰাৰ লগতে ইয়াক জয় কৰে৷

যেতিয়া কোনো অসহায় শিশুৱে তিৰংগা পতাকাৰে মেৰিয়াই থোৱা নিজৰ পিতৃক চেল্যুট জনায় আৰু সেই ধৰণৰ দৃশ্য দেখি, যেতিয়া কোনো বীৰাংগানাই তেওঁৰ জীৱনসংগীক হেৰুওৱাৰ দুখত হাহাকাৰ কৰি উঠে, তেতিয়া মইও নিজৰ অশ্রু পান কৰো ……..অডিঅ’ বন্ধ! 

……এনেকৈ বেলেগ বেলেগ কাৰ্যালয়ৰ বাবে তাৰিখ লওঁক আৰু তাত ভালদৰে গোটেই দিন অনুশীলনৰ কাৰ্যসূচী গ্ৰহণ কৰক৷ তাৰ এক ব্লু বুকৰ দৰে এটা পোৰ্টেল হওক, যাতে স্বাভাৱিকভাৱে আমি ইয়াৰ বাবে প্ৰস্তুতি চলাব পাৰো৷ এনে ধৰণৰ কিছুমান দিশত আমি আগবাঢ়ি যাব পাৰো৷ আৰু এটা কাম কৰাটো মই বিচাৰো, সেয়া হ’ল, চিআইএছএফৰ ভিতৰতে এটা টাস্ক ফ’ৰ্চ গঠন কৰিব লাগে৷ বিশ্বৰ সন্ত্ৰাসবাদীয়ে কেনেধৰণৰ নতুন নতুন কৌশল অৱলম্বন কৰে, কি প্ৰযুক্তি ব্যৱহাৰ কৰে ইত্যাদি দিশবোৰৰ সময়ভিত্তিক অধ্যয়ন আৰু নিৰীক্ষণ হ’ব লাগে৷ গেছৰ পাইপলাইনত সন্ত্ৰাসবাদীয়ে কিমান ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে! বিশ্বত এইবোৰ হৈ আছে৷ এই ঘটনাৱলীৰ সময়ে সময়ে অধ্যয়ন কৰি আমি সঠিক সময়ত ইয়াক বিকশিত কৰিব লাগিব৷ এই টাস্ক ফ’ৰ্চে অতি সমৰ্পিত মনোভাৱেৰে, বিশ্বজনীনভাৱে কাম কৰিব লাগিব৷ সন্ত্ৰাসবাদৰ কোনো সীমা নাই৷ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত হাজাৰ, দুহাজাৰ কিলোমিটাৰৰ কোনো কথা নাহে, সেইবোৰে বিশ্বৰ যিকোনো স্থানতে গৈ বিস্ফোৰণ সংঘটিত কৰাৰ লগতে মানৱতাৰ প্ৰতি প্ৰত্যাহ্বান আনে আৰু সেইবাবে আপোনালোকে যি কাম কৰি আছে, সেয়া অতি প্ৰত্যাহ্বানমূলক৷

এই কাম কৰাৰ ক্ষেত্ৰত চৰকাৰে কৰিবলগীয়া সকলোখিনি কৰাৰ মই আশ্বাস দিলো৷ সেই বিশ্বাসেৰে পুনৰ বাৰ স্বৰ্ণ জয়ন্তী উপলক্ষে, ৫০ বছৰ সম্পূৰ্ণ কৰা এই প্ৰতিষ্ঠানটোক উন্নতিৰ উচ্চ শিখৰত উপনীত কৰোৱা সকলো বিষয়া-কৰ্মচাৰীক বহুত বহুত অভিনন্দন জনাইছো৷ মোৰ বিশ্বাস সকলোৱে  মিলি আমাৰ দেশৰ সপোন বাস্তৱ ৰূপ দিয়াত আমি কোনেও একো বাকী নাৰাখো৷ এই আশাৰে সকলো জোৱান, তেওঁলোকৰ পৰিয়ালবৰ্গক, প্ৰতিষ্ঠানটোক আগুৱাই লৈ যোৱা সকলো বিষয়া-কৰ্মচাৰীক শুভেচ্ছা আৰু অভিনন্দন জনাই মোৰ ভাষণ সামৰিছো৷

মোৰ সৈতে সকলোৱে পূৰ্ণ শক্তিৰে ক’ব–

ভাৰত মাতা কী জয়৷

ভাৰত মাতা কী জয়৷

ভাৰত মাতা কী জয়৷

বহুত বহুত ধন্যবাদ৷

***

অতুল কুমাৰ তিৱাৰী/শ্বাহবাজ হচিবি/বাল্মিকী মাহাতো/তাৰা খাণ্ডেলৱাল /দিগন্ত