পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত চিকিৎসা-শিক্ষা, চিকিৎসা সেৱা আৰু জনস্বাস্থ্যৰ কার্যসূচীসমূহৰ ৰূপায়ণ প্রক্রিয়াক অধিক জোৰদাৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰ তথা ইয়াৰ অধিনস্ত সংস্থাৰ বিশেষজ্ঞ চিকিৎসকসকলক মাত্ৰাধিক হাৰত বদলিকৰণৰ প্রস্তাৱত অনুমোদন জনাইছে।
কেবিনেটৰ এই প্রস্তাৱৰ ফলত কেন্দ্রীয় স্বাস্থ্য সেৱাৰ সেৱাকে ধৰি অন্যান্য মন্ত্রালয়, বিভাগ আৰু কেন্দ্রীয় চৰকাৰৰ অধীনস্ত সংস্থাসমূহৰ চিকিৎসক যিসকলৰ বয়স ৬২ বছৰৰ অধিক, তেওঁলোকক চিকিৎসক-বিশেষজ্ঞ হিচাপে নিজৰ স্থানতেই নিশ্চিতভাৱে কাম কৰিব পাৰিব। কেবিনেটৰ এই সিদ্ধান্ত কার্যকৰী কৰাৰ ক্ষেত্রত যিবোৰ বাধা-বিঘিনিয়ে দেখা দিছিল, সেইবোৰ দূৰ কৰাৰ বাবে ১৫.০৬.২০১৬ত অনুষ্ঠিত কেবিনেট বৈঠকত গৃহীত সিদ্ধান্তৰ সংশোধন কৰা হ’ব।
মুখ্য প্ৰভাৱঃ
কেবিনেটৰ এই সিদ্ধান্তৰ ফলত কেন্দ্রীয় চৰকাৰৰ চিকিৎসকসকলৰ দক্ষতা আৰু নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব।
লাভালাভঃ
কেবিনেটৰ এই সিদ্ধান্তৰ ফলত চিকিৎসা শিক্ষা, চিকিৎসা আৰু ৰোগী সেৱাৰ ক্ষেত্র তথা ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনি ৰূপায়ণৰ বাবে অভিজ্ঞ চিকিৎসকৰ সংখ্যাও বৃদ্ধি পাব। ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনি ৰূপায়ণ প্রক্রিয়াত অভিজ্ঞ চিকিৎসকৰ সংখ্যা বৃদ্ধি পালে, ইয়াৰদ্বাৰা সামগ্রিকভাবে সমাজৰ বাবেই লাভজনক হ’ব।
পটভূমিঃ
উল্লেখ্য যে দেশত চিকিৎসকৰ নাটনিৰ সমস্যা মোকাবিলা কৰিবলৈ ২০১৬ৰ ১৫ জুনত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সেৱাৰ অধীনস্ত চিকিৎসকসকলৰ অৱসৰৰ বয়স ৬৫ বছৰ বয়সলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। একেদৰে ২০১৭চনৰ ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতীয় ৰে’লৱে, আয়ুষ, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্বাস্থ্য শাখাৰ চিকিৎসকসকলৰ অৱসৰৰ বয়স ৬৫ বছৰ বয়সলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।
***
KS/SNC/SH/DB