Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চীনৰ খনি দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চীনৰ ছানচি প্ৰদেশত সংঘটিত খনি  দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ  শোক প্ৰকাশ   কৰে।

ভাৰতবাসীৰ হৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ছি জিনপিং আৰু চীনৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালসমূহে শক্তি লাভ কৰিবলৈ প্ৰাৰ্থনা কৰে  লগতে সকলো নিৰুদ্দেশ হৈ থকা  লোকৰ বাবে   শীঘ্ৰে তথা  নিৰাপদে  উদ্ধাৰ হোৱাটো  কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

“চীনৰ ছানচি প্ৰদেশত সংঘটিত খনি দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত মৰ্মাহত হৈছো। ভাৰতৰ জনসাধাৰণৰ হৈ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু চীনৰ জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰিছো। এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালসমূহে শক্তি লাভ কৰক। বাকী সকলো নিৰুদ্দেশ হৈ থকা লোকৰ  শীঘ্ৰে তথা  নিৰাপদে  উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰিছো।”

 

***

MJPS/SS/PRK/DM