পি এম ইণ্ডিয়া
চীনৰ জিয়ামেনত ব্রিক্ছ বাণিজ্য পৰিষদৰ সৈতে আলোচনামুলক সভাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতি (৪ ছেপ্তেম্বৰ, ২০১৭)
মাননীয় নেতৃবৃন্দ,
নিউ ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ,
ব্রিক্ছ বাণিজ্য পৰিষদৰ সদস্যবৃন্দ,
ব্রিক্ছ বাণিজ্য পৰিষদৰ সৈতে এই আলোচনামুলক বৈঠকত মিলিত হোৱাৰ সুযোগ পাই মই অতিশয় আনন্দিত হৈছোঁ। বাণিজ্য পৰিষদৰ জৰিয়তে আপোনালোকৰ প্রচেষ্টাত ব্রিক্ছ অংশীদাৰিত্বৰ চিন্তা-ভাৱনাক এক ব্যৱহাৰিক ৰূপ দিয়াৰ ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। যি অংশীদাৰিত্বৰ সম্পর্ক আপোনালোকে গঢ়ি তুলিছে আৰু যি নেটৱর্ক আপোনালোকে আৰম্ভ কৰিছে, সেয়া ব্রিক্ছ সদস্য ৰাষ্ট্ৰৰ প্রত্যেকৰে অর্থনৈতিক বিকাশৰ প্রচেষ্টাত বিশেষভাবে শক্তি যোগাইছে। যোৱা বছৰ গোৱাত অনুষ্ঠিত এই বৈঠকত এনডিবি আৰু ব্রিক্ছ বাণিজ্য পৰিষদৰ মাজত ঘনিষ্ঠ সহযোগিতা বৃদ্ধিৰ এক প্রস্তাৱ উত্থাপন কৰা হৈছিল। মই এই কথা জানিব পাৰি আনন্দিত হৈছোঁ যে এনডিবিৰ সৈতে আপোনালোকে এক বিশেষ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে।
মাননীয় নেতৃবৃন্দ আৰু বন্ধুসকল,
ভাৰত বর্তমান বিশ্বৰ আটাইতকৈ উদাৰ অর্থনীতিৰ দেশসমূহৰ অন্যতম হিচাপে দ্রুত পৰিৱৰ্তনৰ প্রচেষ্টাৰ মাজেৰে আত্মপ্রকাশ কৰিবলৈ অগ্ৰসৰ হৈছে। ভাৰতত প্রত্যক্ষ বিদেশী বিনিয়োগৰ মাত্রা ৪০ শতাংশলৈ উন্নীত হৈছে, যি ইতিহাসৰ ভিতৰতে সর্বোচ্চ। বাণিজ্যিক কাম-কাজ সহজ কৰি তোলাৰ লক্ষ্যৰে বিশ্ব বেংকৰ সূচকাংকত ভাৰত ক্রমে উন্নীত হৈছে। একেদৰে, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ সূচক অনুযায়ী ভাৰতে ইতিমধ্যে ৩২টা স্থান অতিক্রম কৰিছে। চলিত বৰ্ষৰ জুলাই মাহত শুভাৰম্ভ হোৱা সামগ্ৰী আৰু সেৱা কৰ সৰ্বকালৰ ভিতৰতে ভাৰতৰ অৰ্থনীতিৰ এক বৃহত্তম সংস্কাৰমুলক প্রচেষ্টা। এনে প্রচেষ্টাৰ জৰিয়তে ১৩০ কোটি জনসাধাৰণৰ বাবে এক অভিন্ন বজাৰ ব্যৱস্থা গঢ়ি তোলা সম্ভৱ হৈছে। ডিজিটেল ভাৰত, ষ্টেণ্ড আপ ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ দৰে কার্যসূচীসমূহে দেশৰ অর্থনৈতিক দৃশ্যপটত ক্রমান্বয়ে পৰিৱর্তন আনিছে। জ্ঞান আৰু দক্ষতা নির্ভৰ প্রযুক্তিৰে চালিত এক সমাজ ব্যৱস্থা গঢ়ি তোলাৰ কামত ই ভাৰতক বিভিন্ন ধৰণে সহায় কৰিছে।
মাননীয় নেতৃবৃন্দ আৰু বন্ধুসকল,
মই জানিবলৈ পাই সুখী যে বাণিজ্য আৰু বিনিয়োগ সংক্রান্তীয় সুযোগ-সুবিধা, দক্ষতা বিকাশ, আন্তঃগাঁথনি উন্নয়ন, ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ উন্নয়ন প্রচেষ্টা আৰু ই-বাণিজ্য আৰু ডিজিটেল অর্থনীতিৰ প্রসাৰৰ দৰে ক্ষেত্রসমূহক ব্রিক্ছ বাণিজ্য পৰিষদত বিশেষ অগ্রাধিকাৰ প্ৰদান কৰিছে। আপোনালোকৰ বক্তব্য আৰু আলোচনাৰ পৰা কাৰ্যকৰী কৰিব পৰা বহু পৰামৰ্শ মই লাভ কৰিছোঁ। এটা ব্রিক্ছ ৰেটিং এজেন্সি গঠন, শক্তি ক্ষেত্রত সহযোগিতা, সেউজ অর্থনীতি আৰু ডিজিটেল অর্থনীতি প্রতিষ্ঠাৰ ক্ষেত্রত আপোনালোকৰ প্রচেষ্টা উল্লেখযোগ্য। আপোনালোকৰ এই প্রচেষ্টাত সকলো সদস্য ৰাষ্ট্রৰ ফালৰ পৰা আপোনালোকে যে পূর্ণ সমর্থন লাভ কৰিব এই কথা ঘোষণা কৰি মই মোৰ বক্তব্য শেষ কৰিব বিচাৰিছোঁ। বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্রত আমাৰ সাধাৰণ লক্ষ্য পূৰণত ব্রিক্ছ বাণিজ্য পৰিষদৰ সমর্থন আৰু সহযোগিতা আমাৰ বাবে অতি গুৰুত্বপূর্ণ বিষয়।
ধন্যবাদ।
***
AKT/SH/DB