পি এম ইণ্ডিয়া
মাননীয় ৰাষ্ট্ৰপতি জি জিনপিং,
ৰাষ্ট্ৰপতি জেকব জুমা,
ৰাষ্ট্ৰপতি মাইকেল টেমাৰ,
ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন,
আৰম্ভণিতেই এই নৱম ব্ৰিকচ সন্মিলনৰ পূৰ্ণাঙ্গ অধিৱেশনৰ এনে এক অনন্য আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি ঝিনপিংক পুনৰ এবাৰ ধন্যবাদ জনাবলৈ বিচাৰিছো৷ সন্মিলনৰ সীমিত অধ্যায়ত আমাৰ মাজত যি আলোচনা তথা মত-বিনিময় হৈছে, সেয়া অত্যন্তই গঠনমূলক আছিল। এই আলোচনাই আমাৰ পাৰস্পৰিক বুজাবুজি আৰু সৌহাৰ্দ্যক আৰু অধিক সমৃদ্ধ কৰি তুলিছে৷ প্ৰতিষ্ঠা হোৱাৰ এটা দশকৰো অধিক কালৰ পিছত এতিয়া ব্ৰিকচে সহযোগিতাৰ এক শক্তিশালী পৰিকাঠামো গঠন কৰি উলিয়াইছে৷ ক্ৰমাৎ অনিশ্চয়তাৰ দিশে ধাৱমান বর্তমান বিশ্বৰ উন্নয়ন আৰু স্থবিৰতাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ অৱদান আগবঢ়াবলৈ আমি সৰ্বতোপ্ৰকাৰৰ প্রচেষ্টা অব্যাহত ৰাখিছো৷ আমাৰ এই সহযোগিতাৰ মূলতে হৈছে বাণিজ্য আৰু অর্থনীতি। কিন্তু আমাৰ সন্মিলিত উদ্যোগ আৰু প্রচেষ্টাই প্রযুক্তি, ঐতিহ্য, কৃষি, সংস্কৃতি, পৰিবেশ, বিদ্যুৎ শক্তি, ক্রীড়া আৰু প্রযুক্তিচালিত বিভিন্ন ক্ষেত্রৰ নানা দিশক প্ৰভাৱিত কৰিব পৰাকৈ স্পর্শ কৰি গৈছে। ব্ৰিকচ দেশসমূহত আন্তঃগাঁথনি আৰু দীৰ্ঘম্যাদী উন্নয়ণৰ বাবে বিভিন্ন উৎসক সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যেৰে ইতিমধ্যেই নিউ ডেভেলপমেন্ট বেংকে ঋণদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ইয়াৰ সমান্তৰালকৈ আমাৰ কেন্দ্ৰীয় বেংকসমূহেও আপদকালীন ধন মজুতকৰণ ব্যৱস্থাটোক সক্ৰিয় কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ এইসমূহ হৈছে প্ৰগতিৰ একো একোটা মাইলৰ খুঁটি, যাক সাৰথি কৰি আমি আমাৰ ভৱিষ্যৎটো শক্তিশালী কৰি গঢ়ি তুলিব পাৰিম৷ ভৱিষ্যৎৰ প্ৰতি লক্ষ্য ৰাখি, আমাৰ এই যাত্ৰাৰ মূল লক্ষ্য হ’ব লাগিব আমাৰ জনসাধাৰণ৷ মই আজি ইয়াত উল্লেখ কৰিবলৈ পাই নথৈ আনন্দিত হৈছো যে চীনে বিগত বৰ্ষৰ পৰাই ব্ৰিকচৰ সদস্য ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত বিনিময় ভ্ৰমণসূচীৰ কাৰ্যসূচী আৰম্ভ কৰিছে৷ তেনে আন্তঃসংযোগী কাৰ্যসূচীয়ে আমাৰ সদস্য ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাক অধিক গাঢ় কৰি তুলিব৷
মাননীয় নেতৃবৃন্দ,
ৰূপান্তৰৰ লক্ষ্যৰে ভাৰতে হাতত লোৱা সুদূৰপ্রসাৰী উদ্যোগ আৰু প্রচেষ্টা সমগ্ৰ দেশবাসীৰ বাবেই এক গৌৰৱৰ বিষয়। দৰিদ্রতা নির্মূলকৰণ, স্বাস্থ্য আৰু স্বাস্থ্য ব্যৱস্থাৰ বিকাশ তথা প্ৰসাৰ, দক্ষতা বৃদ্ধি, খাদ্য নিৰাপত্তা, লিঙ্গবৈষম্য আঁতৰ কৰা, বিদ্যুৎ শক্তিৰ বিকাশ, শিক্ষাৰ প্রসাৰ আৰু উদ্ভাৱনীয় প্রচেষ্টা, এই আটাইবোৰ ক্ষেত্রতেই আমি এক নির্দিষ্ট লক্ষ্যৰ প্ৰতি ধাবিত হৈছো৷ গঙ্গা পৰিস্কাৰকৰণ, পুনর্নবীকৰণযোগ্য শক্তি, ডিজিটেল ভাৰত, স্মার্ট চিটি, সকলোৰে বাবে বাসস্থান আৰু দক্ষ ভাৰতৰ দৰে ৰাষ্ট্ৰীয় কাৰ্যসূচীসমূহ, প্ৰদূষণমুক্ত, সেউজকৰণ আৰু সৰ্বাঙ্গীন উন্নয়ন নিশ্চিত কৰাৰ ভেটিত প্ৰতিষ্ঠিত হৈছে৷ ইয়াৰ ভিতৰত সামৰি লোৱা হৈছে আমাৰ দেশৰ ৮০০ মিলিয়ন যুৱশক্তিৰ উদ্ভাৱনীয় শক্তিকো৷ আমাৰ মহিলা সবলীকৰণ কাৰ্যসূচীসমূহ হৈছে উৎপাদনশীলতাক উদ্বুদ্ধ কৰা একো একোটা শক্তিশালী কাৰক, যিয়ে দেশৰ মহিলাসকলক দেশৰ ভেটি সবল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত ধনাত্মক ভঙ্গীমাৰে প্ৰয়োগ কৰিছে৷ আমি ইয়াৰ উপৰিও ক’লা ধন আৰু দুৰ্নীতিৰ বিৰুদ্ধেও ধাৰাবাহিকভাৱে যুঁজ দি আহিছো৷ সংশ্লিষ্ট দেশসমূহৰ জাতীয় অভিজ্ঞতাৰ ভিত্তিত ব্রিক্চ সদস্য ৰাষ্ট্রসমূহে নিজৰ মাজতে এক গভীৰ সহযোগিতাৰ বাতাবৰণ গঢ়ি তুলিব পাৰে যাতে ইয়াৰ পৰা আটাইকেইখন দেশেই লাভৱান হ’ব পাৰে। পাৰস্পৰিক সহযোগিতাৰ বিকাশৰ বাবে বিভিন্ন বিষয়ত আমি ইতিমধ্যেই চিন্তাচৰ্চা কৰিছো। প্রথমতে, আমাৰ বিগত বছৰৰ আলোচ্য সূচীতেই এটা ব্রিক্চ ৰেটিং এজেন্সি গঢ়ি তোলাৰ বাবে সন্মিলিত প্রচেষ্টাৰ ওপৰত আমি জোৰ দিছো। এনে এটা এজেন্সিৰ ৰূপায়নসাধ্যতাৰ ওপৰত এক বিশেষজ্ঞ কমিটিয়ে অধ্যয়ণ কৰি আছে। এনে এজেন্সি গঢ়ি তোলাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতৰ কৰাৰ বাবে আমি এতিয়া সংশ্লিষ্টপক্ষৰ ওচৰত আবেদন জনাম৷ দ্বিতীয়তে, আমাৰ কেন্দ্রীয় বেংকসমূহে তেওঁলোকৰ সামৰ্থ্য আৰু দক্ষতা বৃদ্ধিৰ সমান্তৰালভাৱে, আপদকালীন ধন মজুত ব্যৱস্থা আৰু আন্তৰাষ্ট্ৰীয় বিত্ত সংস্থাৰ মাজৰ পাৰস্পৰিক সহযোগিতা প্ৰসাৰৰ চেষ্টা চলাব লাগিব৷ তৃতীয়তে, আমাৰ দেশৰ উন্নয়ণৰ বাবে সুলভ, নির্ভৰযোগ্য আৰু পর্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান আৰু ইয়াৰ ব্যৱহাৰ নিতান্তই জৰুৰী। জলবায়ু অনুকূল কৰি তোলাৰ বাবে সুলভ সম্পদসমূহ আমি যথাযথভাৱে ব্যৱহাৰ কৰিব লাগিব৷ পুনর্নবীকৰণযোগ্য বিদ্যুৎৰ ব্যৱহাৰ বিভিন্ন ক্ষেত্রত খুবেই গুৰুত্বপূর্ণ। এই বিষয়টোৰ ক্ষেত্ৰত ফ্রান্সৰ সৈতে ভাৰতে ইতিমধ্যেই বিগত ২০১৫, নৱেম্বৰত সন্মিলিতভাৱে আন্তর্জাতিক সৌৰ চুক্তি (ISA)-ৰ দৰে এক আন্তর্জাতিক পদক্ষেপ আৰম্ভ কৰিছে। সৌৰশক্তিৰ অধিকতৰ সদ্ব্যৱহাৰৰ মাধ্যমেৰে আহৰণ কৰা সুফল পৰস্পৰৰ মাজত ভাগ কৰি লোৱাৰ লক্ষ্যৰে ১২১ খন দেশে সন্মিলিতভাৱে সমন্বয় সাধনৰ চেষ্টা চলাই যাব৷ সৌৰশক্তি উৎপাদনৰ কাৰ্যসূচীক আৰু অধিক ক্ষীপ্ৰতৰ তথা তীব্ৰতৰ কৰি তোলাৰ বাবে আন্তৰ্জাতিক সৌৰ চুক্তিৰ সৈতে ব্রিক্চৰ সদস্য ৰাষ্ট্রসমূহে ঐকান্তিকতাৰে কাম কৰি যাব পাৰে৷ আমাৰ এই পাঁচখন দেশৰ যথেষ্ট শক্তি আৰু দক্ষতা আছে, বিশেষকৈ পুনর্নবীকৰণযোগ্য তথা সৌৰশক্তিৰ উন্নত ব্যৱহাৰ নিশ্চিত কৰাৰ ক্ষেত্রত। এইধৰনৰ সহযোগিতাৰ প্ৰতি সহায় আগবঢ়োৱাৰ লক্ষ্যৰে আন্তর্জাতিক সৌৰ চুক্তিৰ সৈতে এক সফল সংযোগ সম্ভৱ কৰি তোলাৰ বাবে আগুৱাই আহিব পাৰে NDB-য়েও। এই প্রতিষ্ঠানটোৰ পৰা আমি বিশুদ্ধ বিদ্যুৎ উৎপাদনৰ বাবে পুঁজি যোগানৰ ক্ষেত্ৰত আৰু অধিক আশা কৰিব পাৰো৷ চতুর্থতে, আমাৰ এই আটাইকেইখন দেশৰ মাজতে আছে যুৱশক্তিৰ প্রাচুৰ্য্য। আমাৰ যৌথ উদ্যোগসমূহৰ ক্ষেত্রত এই যুৱ সমাজক সাম্ভাৱ্য সকলোধৰণে আমি কামে-কাজে লগাব পাৰো। দক্ষতা বিকাশ আৰু শ্রেষ্ঠ পদ্ধতি বিনিময় কর্মসূচীৰ ক্ষেত্রত সহযোগিতা বৃদ্ধি এক মূল্যৱান কাৰক হৈ উঠিব পাৰে৷ পঞ্চমতে, বিগত বৰ্ষত অনুষ্ঠিত হোৱা গোৱা শীর্ষ সন্মিলনত স্মার্ট চিটি, নগৰায়ণ আৰু বিপদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আমাৰ চহৰবোৰৰ মাজত সহযোগিতা প্রসাৰৰ লক্ষ্যৰে চিন্তাচৰ্চা তথা বাৰ্তালাপ কৰিছিলো৷ এইক্ষেত্ৰত আমি অধিক ক্ষীপ্ৰ হোৱাৰ প্ৰয়োজনীয়তা আছে৷ ষষ্ঠতে, পৰৱৰ্তী প্ৰজন্মৰ বৈশ্বিক বিকাশ আৰু ৰূপান্তৰৰ ভেটি হৈছে প্ৰযুক্তি আৰু উদ্ভাৱনীয়তা৷ আমি দেখিছো যে প্ৰযুক্তি আৰু ডিজিটেল উৎসসমূহে দৰিদ্ৰতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী উপাদান হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনীয়তা আছে৷ উদ্ভাৱনীয়তা আৰু ডিজিটেল অৰ্থনীতিৰ ক্ষেত্ৰত এক শক্তিশালী ব্ৰিকচ সহযোগিতাই সামগ্ৰিক বিকাশ, স্বচ্ছতাৰ প্ৰসাৰ আৰু দীৰ্ঘম্যাদী উন্নয়ণৰ লক্ষ্যত উপনীত হোৱাত প্ৰভূত বৰঙণি যোগাব পাৰিব৷ ব্ৰিকচ পৰিকাঠামোৰ অধীনত এক সামূহিক পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ পোষকতা কৰো মই, য’ত সন্নিৱিষ্ট থাকিব ব্যক্তিগত খণ্ডৰ উদ্যোগশীলতাও৷ শেষত, ব্ৰিকচ দেশসমূহ আৰু আফ্ৰিকান দেশবোৰৰ মাজত দক্ষতা, স্বাস্থ্য, আন্তঃগাঁথনি, উৎপাদন আৰু যোগাযোগৰ ক্ষেত্ৰত সামৰ্থ্য উন্নয়নৰ বাবে অধিক গুৰুত্বসহকাৰে কাম কৰিবলৈ পালে ভাৰত অত্যন্ত সুখী হ’ব৷
মাননীয় নেতৃবৃন্দ,
বিগত দশকটোত আমাৰ এই দেশসমূহৰ দুই প্রজন্মৰ নেতৃবৃন্দই ব্রিক্চ প্রতিষ্ঠাৰ কামত বিশেষ অৱদানৰ স্বাক্ষৰ ৰাখি গৈছে৷ এই কামত আমি যিদৰে বিশ্বাসযোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছো, ঠিক তেনেদৰেই প্ৰভাৱ আৰু উন্নয়ণৰ দিশবোৰো আমি সক্ৰিয় কৰি ৰাখিব লাগিব৷ অনাগত দশকটো নানা কাৰণত আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, বিশেষকৈ যিহেতু আমি স্থিতিস্থাপক, ক্ৰমাগত বিকাশ আৰু সৰ্বাঙ্গীন সমৃদ্ধিৰে এক বিশেষ পৰিৱেশ চৌদিশে বিৰাজ কৰাটো বিচাৰিছো৷ এই ৰূপান্তৰ প্রচেষ্টাৰ এক চালিকাশক্তি হিচাপে ব্রিক্চ নেতৃবৃন্দৰ ভুমিকা অত্যন্ত তাৎপর্যপূর্ণ। এই বিশেষ ক্ষেত্রসমূহত ব্রিক্চৰ এই মঞ্চৰ পৰা যদি আমি আমাৰ কাৰ্যসূচী স্থিৰ কৰি ল’ব পাৰো তেন্তে সমগ্র বিশ্বই এই সময়খিনিক স্বৰ্ণীল দশক হিচাপে চিহ্নিত কৰিব। আগন্তুক দিনত যি বজাৰ বা বিপণন মঞ্চ গঢ়ি উঠিবলৈ লৈছে, তাৰ সৈতে আমাৰ এই প্রচেষ্টা হৈ উঠিব যথেষ্ট সামঞ্জস্যপূর্ণ। এই সন্দৰ্ভত মই আমাৰ কিছু ধাৰণাৰ কথা উত্থাপন কৰিম৷ মই নিশ্চিত যে সহযোগিতাৰ এক নতুন অধ্যায় ৰচনাৰে আমাৰ এই প্ৰগতিময় যাত্ৰাত এই ধাৰণাসমূহে ব্ৰিক্চক সহায় কৰিব৷ সকলোকে ধন্যবাদ জনাই সামৰিছো৷
*****
AKT/AK/Rang
Here are highlights on my intervention at the BRICS Summit plenary session. https://t.co/DRFUwh8WCk
— Narendra Modi (@narendramodi) September 4, 2017
Talked about furthering cooperation in key areas like agriculture, energy, environment, climate change, sports & culture.
— Narendra Modi (@narendramodi) September 4, 2017
Shared details about India’s continuous efforts to eradicate poverty, ensure better healthcare, food security, sanitation & education.
— Narendra Modi (@narendramodi) September 4, 2017