Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চুৰাটৰ ভয়াবহ অগ্নিকাণ্ডক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


চুৰাটত আজি সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ঘটনাত আক্ৰান্ত লোকসকলক যাৱতীয় তথা সাম্ভাৱ্য সকলোধৰণৰ সহায় আগবঢ়োৱাৰ বাবে গুজৰাট চৰকাৰ তথা স্থানীয় প্ৰশাসনক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, “চুৰাটৰ অগ্নিকাণ্ডত মই শোকস্তব্ধ হৈ পৰিছো। শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছো। আশা কৰো আহতসকলে শীঘ্ৰেই নিৰাময় লাভ কৰিব। ইতিমধ্যেই ঘটনাত আক্ৰান্ত লোকসকলক যাৱতীয় তথা সাম্ভাৱ্য সকলোধৰণৰ সহায় আগবঢ়োৱাৰ বাবে গুজৰাট চৰকাৰ তথা স্থানীয় প্ৰশাসনক আহ্বান জনাইছো মই।”

****

AKT/KP/RD