Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চেন্নাইত ১২ এপ্ৰিলত ডেফেন্স এক্সপ’ ২০১৮ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ এপ্ৰিলত তামিলনাডু ভ্ৰমণ কৰিব৷ তেওঁ চেন্নাইৰ কাঞ্চীপুৰম জিলাৰ তিৰুভিদান্থলত দশম সংস্কৰণৰ ডেফেন্স এক্সপ’২০১৮ উদ্বোধন কৰিব৷

এই বৰ্ষৰ ডিফেন্স এক্সপ’ৰ প্ৰধান বিষয়টো হ’ল—‘ভাৰতঃ প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ নতুন কেন্দ্ৰস্থল’৷ ইয়াৰ জৰিয়তে প্ৰতিৰক্ষা ব্যৱস্থা আৰু সা-সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ সক্ষমতা প্ৰদৰ্শন কৰা হ’ব৷ ডিফেন্স এক্সপ’ত ১৫০ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনকাৰীকে ধৰি ৬৭০ ৰো অধিক প্ৰদৰ্শনকাৰীয়ে অংশ ল’ব৷ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডই প্ৰায় ১৫ শতাংশ অংশগ্ৰহণ নিশ্চিত কৰিছে৷

টাটা, এল এণ্ড টি, কল্যাণী, ভাৰত ফ’ৰ্গ, মাহিন্দ্ৰ, এমকেইউ, ডিআৰডিঅ’, এইচএএল, বিইএল, বিডিএল, বিইএমএল, এমডিএল, জিআৰএছই, জিএছএল, এইচএছএল, মিধানী, অস্ত্ৰ কাৰখানা আদিৰ দৰে ভাৰতীয় কোম্পানীৰ লগতে গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় কোম্পানী যেনে; ল’কহীড মাৰ্টিন, ব’য়িং(ইউএছএ), ছাব(ছুইডেন), এয়াৰবাছ, ৰাফেল(ফ্ৰান্স), ৰোছনবৰণ এক্সপ’ৰ্টছ, ইউনাইটেড শ্বিপবিল্ডিং(ৰাছিয়া), বিএই ছিষ্টেমছ(ইউকে), ছাইবাট(ইজৰাইল), ৱাৰ্টছিলা (ফিনলেণ্ড), ৰ’ডি এণ্ড স্কৱাৰ্জ(জাৰ্মানী) আদিয়ে ডিফেন্স এক্সপ’ত অংশ ল’ব৷

প্ৰধানমন্ত্ৰীয়ে চেন্নাইৰ এডিয়াৰস্থিত কেন্সাৰ প্ৰতিষ্ঠানো পৰিদৰ্শন কৰিব৷ তেওঁ ডায়মণ্ড জুবিলী বিল্ডিং, শ্ৰীপেৰুম্বাদুৰত আৰোগ্য কেন্দ্ৰ, এডিয়াৰ কেন্সাৰ প্ৰতিষ্ঠানত সেৱা কেন্দ্ৰ আৰু নাৰ্ছৰ কোৱাৰ্টাৰ উদ্বোধন কৰিব৷

***

AKT/SH/MS