Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চেন্নাইৰ আদিয়াৰস্থিত কৰ্কট প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

চেন্নাইৰ আদিয়াৰস্থিত কৰ্কট প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

চেন্নাইৰ আদিয়াৰস্থিত কৰ্কট প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ


তামিলনাডুৰ ৰাজ্যপাল,
তামিলনাডুৰ মুখ্যমন্ত্ৰী,
মন্ত্ৰীপৰিষদৰ মোৰ সতীৰ্থসকল,
তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী,
মঞ্চত উপবিষ্ট আন বিশিষ্ট ব্যক্তিসকল,
 ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল,
অহা ১৪ এপ্ৰিলত তামিলনাডুৰ নৱবৰ্ষ উপলক্ষে মই সকলো তামিল জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো৷ আদিয়াৰৰ এই কৰ্কট প্ৰতিষ্ঠানলৈ অহাৰ সুযোগ লাভ কৰি মই নথৈ আনন্দিত৷ এয়া হ’ল দেশৰ অন্যতম পুৰণি আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কৰ্কট সেৱা কেন্দ্ৰ৷ 
পৰিৱৰ্তিত জীৱনশৈলীয়ে অ-সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰিছে৷ কিছুসংখ্যক সমীক্ষা অনুসৰি, আমাৰ দেশৰ মুঠ মৃত্যুৰ প্ৰায় ৬০শতাংশৰেই কাৰণ হ’ল অ-সংক্ৰামক ৰোগ৷
 কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিন্ন প্ৰান্তত ২০খন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আৰু ৫০খন তৃণমূল কৰ্কট সেৱা কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে৷ তৃণমূল কৰ্কট সেৱা কেন্দ্ৰৰ বাবে ৪৫ কোটি পৰ্যন্ত আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ বাবে ১২০ কোটিৰ প্ৰস্তাব চৰকাৰে অনুমোদন জনাব পাৰে৷ মই এই কথা উল্লেখ কৰিব পাই সুখী যে ১৫ খন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আৰু ২০খন তৃণমূল কৰ্কট সেৱা কেন্দ্ৰ স্থাপনৰ প্ৰস্তাব ইতিমধ্যে অনুমোদিত হৈছে৷ কৰ্কট ৰোগৰ চিকিৎসাৰ বিভিন্ন দিশৰ ওপৰত প্ৰাধান্য দি ১৪ খন নতুন এমইছ স্থাপন কৰা হ’ব৷
 প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত বৰ্তমানৰ ৮খন প্ৰতিষ্ঠানক অ’নকোলজী সেৱাৰ ব্যৱস্থাৰ সৈতে উন্নীতকৰণ কৰা হ’ব৷ ২০১৭ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিয়ে প্ৰতিৰোধী স্বাস্থ্যসেৱাৰ গুৰুত্বক প্ৰতিফলিত কৰে৷
আয়ুস্মান ভাৰতৰ সহজলভ্য প্ৰাথমিক স্বাস্থ্য সেৱাৰ অধীনত আমি জনসাধাৰণক তেওঁলোকৰ ঘৰৰ ওচৰতে প্ৰতিৰোধী আৰু নিৰাময় সেৱা আগবঢ়াম৷
ডাইবেটিছ, হাইপাৰ-টেনছন আৰু সাধাৰণ কৰ্কটৰ দৰে অসংক্ৰামক ৰোগৰ জনসংখ্যা-ভিত্তিক প্ৰতিৰোধ, নিয়ন্ত্ৰণ, পৰীক্ষণ আৰু ব্যৱস্থাপনা আমি আৰম্ভ কৰিছো৷
আয়ুস্মান ভাৰতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা অভিযানকো সাঙুৰি লৈছে৷
ইয়ে দহ কোটিতকৈও অধিক পৰিয়ালক সাঙুৰি ল’ব৷ এই অভিযানৰ জৰিয়তে প্ৰায় ৫০ কোটি লোক উপকৃত হ’ব৷ অভিযানৰ অধীনত প্ৰতিঘৰ পৰিয়ালে বছৰি ৫লাখ টকা পৰ্যন্ত বীমা ৰাশিৰ সুবিধা লাভ কৰিব৷
এয়া হ’ব বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী স্বাস্থ্য সেৱা আঁচনি৷ সমগ্ৰ দেশ ইয়াৰদ্বাৰা উপকৃত হ’ব৷ জনসাধাৰণে চৰকাৰী আৰু তালিকাভুক্ত ব্যক্তিগত চিকিৎসালয়ত ইয়াৰ সুবিধা গ্ৰহণ কৰি পাৰিব৷ আঁচনিখনে চিকিৎসাৰ নামত নাগৰিকে সন্মুখীন হৈ অহা ব্যয় হ্ৰাস কৰিব৷
কৰ্কটৰ দৰে ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ আমাক এনজিঅ’ আৰু ব্যক্তিগত খণ্ডৰ লগতে সমাজৰ সকলো খণ্ডৰ সক্ৰিয়তা প্ৰয়োজন হ’ব৷
চেন্নাইৰ ডব্লিউ আই এ কৰ্কট প্ৰতিষ্ঠান হ’ল এখন স্বেচ্ছাসেৱী দাতব্য প্ৰতিষ্ঠান৷ প্ৰয়াত ড০ মুথুলক্ষ্মী ৰেড্ডীৰ প্ৰেৰণাদায়ক নেতৃত্বত মহিলা সমাজকৰ্মীৰ এটি স্বেচ্ছাসেৱী গ্ৰুপে প্ৰতিষ্ঠানখন স্থাপন কৰিছিল৷
এটি সৰু জুপুৰিত অস্থায়ী হস্পিটাল হিচাপে এই প্ৰতিষ্ঠানখন আৰম্ভ হৈছিল৷ দক্ষিণ ভাৰতত এয়া আছিল প্ৰথম আৰু দেশৰ ভিতৰত দ্বিতীয়খন কেঞ্চাৰ স্পেচিয়েলিটী হস্পিটাল৷ আজি এই প্ৰতিষ্ঠান ৫০০খন বিচনাযুক্ত হৈছে৷ মই জানিব পাৰিছো যে ইয়াৰে ৩০% বিচনা বিনামূলীয়া, অৰ্থাৎ ইয়াৰ বাবে ৰোগীয়ে ধন ব্যয় কৰিব নালাগে৷ 
প্ৰতিষ্ঠানখনৰ ম’লিকুলাৰ অ’নক’লোজী বিভাগটো কেন্দ্ৰীয় চৰকাৰে ২০০৭ত ‘চেণ্টাৰ অৱ এক্সিলেন্স’ হিচাপে স্বীকৃতি দিছিল৷ এয়া আছিল ভাৰতৰ প্ৰথমখন ছুপাৰ স্পেচীয়েলিটী কলেজ, যি প্ৰতিষ্ঠা হৈছিল ১৯৮৪ চনত৷ এইসমূহ হ’ল অগ্ৰণী আৰু প্ৰশংসনীয় সফলতা৷
ড০ শান্তাই তেওঁৰ আৰম্ভণি ভাষণত প্ৰতিষ্ঠানখনে সন্মুখীন হৈ থকা কিছুমান জটিলতাৰ কথা উল্লেখ কৰিছিল৷ মই নিশ্চয়তা দিব বিচাৰো যে আমি এই দিশসমূহ গুৰুত্ব সহকাৰে ল’ম আৰু এই দিশত পদক্ষেপ ল’বলৈ মই তামিলনাডুৰ মুখ্যমন্ত্ৰী অনুৰোধ জনাম৷ সৰ্বশেষত মই আন এটি প্ৰসংগৰ কথা ক’ব বিচাৰো, যিটো যোৱা কেইদিনমানত কিছু ন্যস্ত স্বাৰ্থৰ লোকে উত্থাপন কৰা দেখা গৈছে৷
এক ভিত্তিহীন অভিযোগ অনা হৈছে যে পঞ্চদশ বিত্ত আয়োগে কিছুমান নিৰ্দিষ্ট ৰাজ্য অথবা নিৰ্দিষ্ট অঞ্চলৰ প্ৰতি ভেদভাৱ কৰিছে৷ এই সন্দৰ্ভত মই এটা কথা স্পষ্ট কৰিব বিচাৰো, যিটো হয়তো আমাৰ সমালোচকসকলে পাহৰি গৈছে, সেয়া হ’ল—কেন্দ্ৰীয় চৰকাৰে বিত্ত আয়োগক পৰামৰ্শ দিছিল যে তেওঁলোকে এনেকুৱা ৰাজ্যক অধিক উৎসাহিত কৰা উচিত, যিয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ জনসংখ্যা নিয়ন্ত্ৰণক লৈ তামিলনাডু চৰকাৰে যথেষ্ট দায়বদ্ধতাৰে কাম কৰি আছে আৰু এই ভিত্তিত তেওঁলোক বিত্ত আয়োগৰদ্বাৰা অধিক লাভান্বিত হোৱাটো স্বাভাৱিক৷ পূৰ্বে এনেকুৱা স্থিতি নাছিল৷
বন্ধুসকল,
সহযোগী যুক্তৰাষ্ট্ৰবাদৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে সংকল্পবদ্ধ৷ আমাৰ মন্ত্ৰ হ’ল—সবকা সাথ, সবকা বিকাশ৷ নতুন ভাৰত গঢ়িবলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰো আহক৷
ধন্যবাদ৷ 
বহুত বহুত ধন্যবাদ৷
***
AKT/SH/SK/MS