Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰৰ মুৰব্বী পদত ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা উপলক্ষ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে জনোৱা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে  জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, “সমগ্ৰ ভাৰতত সংঘটিত হোৱা পৰিৱৰ্তন, বিশেষকৈ দৰিদ্ৰ আৰু সমাজৰ প্ৰান্তীয় লোকসকলৰ জীৱনত দেখা দিয়া পৰিৱৰ্তন সন্দৰ্ভত তেওঁৰ পৰ্যবেক্ষণ মোৰ বাবে বিশেষভাৱে অৰ্থপূৰ্ণ। যিখিনি  অৰ্জন কৰা হৈছে, সেয়া ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পৰ ফল।”

শ্ৰী মোদীয়ে এক্সত লিখিছে—

“প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দজীয়ে জনোৱা শুভেচ্ছা আৰু আন্তৰিক বাৰ্তাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ।

সমগ্ৰ ভাৰতত সংঘটিত হোৱা পৰিৱৰ্তন, বিশেষকৈ দৰিদ্ৰ আৰু সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলৰ জীৱনত দেখা দিয়া পৰিৱৰ্তন সন্দৰ্ভত তেওঁৰ পৰ্যবেক্ষণ মোৰ বাবে বিশেষভাৱে অৰ্থপূৰ্ণ। যিখিনি অৰ্জন কৰা হৈছে, সেয়া ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পৰ ফল।”

@ramnathkovind

 

***

MJPS/SS/VJ/DM