Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছিংগাপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি


 

ছিংগাপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা বিবৃতিৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধৰণৰ

আছিয়ান-ইণ্ডিয়া আৰু ইষ্ট এছিয়া সন্মিনত ভাগ লোৱাৰ বাবে মই ১৪-১৫ নৱেম্বৰত ছিংগাপুৰ ভ্ৰমণ কৰি আছো৷ ইয়াৰ উপৰি মই ৰিজঅ’নেল কম্প্ৰিহেনছিভ ইক’নমিক পাৰ্টনাৰ্টশ্বিপ লিডাৰ্ছৰ বৈঠকত অংশগ্ৰহণ কৰিম৷

এই বৈঠকসমূহত মোৰ অংশগ্ৰহণে আছিয়ান সদস্য ৰাষ্ট্ৰ আৰু ইণ্ডো-পেচিফিক অঞ্চলৰ সৈতে আমাৰ সম্পৰ্ক উন্নত কৰাৰ সংকল্পক প্ৰতিফলিত কৰিব৷ আছিয়ান আৰু ইষ্ট এছিয়া সন্মিলনত ভাগ লোৱা নেতাসকলৰ সৈতে হ’বলগীয়া বাৰ্তালাপক লৈ মই আগ্ৰহী৷

১৪ নৱেম্বৰত মই ছিংগাপুৰ ফিনটেক মহোৎসৱত চৰকাৰৰ প্ৰথমগৰাকী মূৰব্বী হিচাপে মূল ভাষণ ৰখাৰ সুযোগ লাভ কৰিম৷ বিত্তীয় প্ৰযুক্তিৰ দিশত বিশ্বৰ সৰ্ববৃহৎ অনুষ্ঠান হিচাপে এই মহোৎসৱ হ’ল ভাৰতৰ দ্ৰুত বিকশিত অৰ্থনীতি প্ৰদৰ্শনৰ উপযুক্ত মঞ্চ৷

এই ভ্ৰমণৰ সময়ছোৱাত মই ভাৰত-ছিংগাপুৰ যুটীয়া হেকাথনৰ অংশগ্ৰহণকাৰী আৰু বিজয়ীসকলকো সাক্ষাতৰ সুযোগ লাভ কৰিম৷ এয়া মোৰ দৃঢ় বিশ্বাস যে যদি আমি আমাৰ যুৱ প্ৰজন্মক সঠিক পথৰ সন্ধান দিও, তেন্তে আমাৰ যুৱ প্ৰজন্মৰ মাজত গোলকীয় প্ৰত্যাহ্বানৰ সমাধান দিব পৰাকৈ বিশ্ব নেতা হোৱাৰ দক্ষতা আছে৷

মই আশা কৰো যে মোৰ ছিংগাপুৰ ভ্ৰমণে আছিয়ান আৰু ইষ্ট এছিয়া সন্মিলনৰ দেশৰ মাজত আমাৰ ক্ৰমবৰ্ধিত সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰিব৷

এই বছৰ সফলতাৰে আছিয়ানক অধ্যক্ষতা কৰাৰ বাবে মই ছিংগাপুৰক অভিনন্দন জনাব বিচাৰো  আৰু সন্মিলনৰ সফল আয়োজনৰ বাবে শুভকামনা জনাইছো৷”.

***

AKT/KP/MS