পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিউলৰ য়োনছেই বিশ্ববিদ্যালয়ত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে৷
কোৰিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীমান মুন জাই-ইন, কোৰিয়াৰ ফাৰ্ষ্ট লেডী কিম জাং-ছোক আৰু ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান বেন কি-মুন অনুষ্ঠানত উপস্থিত আছিল৷
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ছিউলত বাপুজীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰাটো তেওঁৰ বাবে এক সন্মানৰ বিষয়৷
দেশে বাপুজীৰ ১৫০ সংখ্যক জন্মবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে তেওঁৰ আৱক্ষ মূৰ্তি ছিউলত উন্মোচিত হোৱাটো অধিক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷
তেওঁ কয় যে বাপুজীৰ চিন্তা আৰু ধাৰণাৰ মাজত সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা প্ৰতিৰোধ কৰিব পৰা শক্তি আছিল৷
প্ৰকৃতিৰ সৈতে মানুহে কিদৰে শান্তিৰে বাস কৰিব পাৰে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এখন স্বচ্ছ আৰু সেউজ পৃথিৱী এৰি থৈ যোৱাটো কিমান প্ৰয়োজন,সেয়া নিজৰ জীৱনশৈলীৰ মাজেৰে বাপুজীয়ে প্ৰদৰ্শন কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷
উল্লেখ্য যে, য়োনছেই বিশ্ববিদ্যালয় হ’ল দক্ষিণ কোৰিয়াৰ এখন অন্যতম মৰ্যদাপূৰ্ণ বিশ্ববিদ্যালয়৷
দক্ষিণ কোৰিয়াত মহাত্মা গান্ধীক বিশ্ব শান্তিৰ এগৰাকী দূত হিচাপে গণ্য কৰা হয়৷
*****
AKT/SH/SBP/MS
It is an honour to unveil the bust of Bapu at Yonsei University in Seoul.
— PMO India (@PMOIndia) February 21, 2019
This becomes even more special because we are doing so at a time when we mark the 150th birth anniversary of Bapu: PM @narendramodi
The thoughts and ideals of Bapu have the power to help us overcome the menace of terrorism and climate change, two challenges humanity faces in these times: PM @narendramodi
— PMO India (@PMOIndia) February 21, 2019
Through his lifestyle, Bapu showed what living in harmony with nature is. He also showed that it is important to leave a clean and green planet for the future generations: PM @narendramodi
— PMO India (@PMOIndia) February 21, 2019