Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছিচেলছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি(২৭-২৯ জুন২০২৬)

ছিচেলছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি(২৭-২৯ জুন২০২৬)


মোৰ বন্ধু, ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মাননীয় ড০ পেট্ৰিক হাৰ্মিনিৰ আমন্ত্ৰণত, মই ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ২৭ ৰ পৰা ২৯ জুন,২০২৬ ছিচেলছলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিম।

ছিচেলছ হৈছে এখন  গুৰুত্বপূৰ্ণ সামুদ্ৰিক চুবুৰীয়া আৰু আমাৰ ভিজন মহাসাগৰ আৰু গোলকীয় দক্ষিণৰ প্ৰতি আমাৰ অংশীদাৰী প্ৰতিশ্ৰুতিৰ এক প্ৰয়োজনী অংশীদাৰ। এই বছৰ, আমি পাৰস্পৰিক বিশ্বাস, অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধ, বৈচিত্ৰ্যৰ প্ৰতি সন্মান আৰু আমাৰ জনসাধাৰণৰ মাজত গভীৰ সম্পৰ্কৰ ওপৰত আধাৰিত আমাৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিছো।

ৰাষ্ট্ৰপতি হাৰ্মিনিৰ সফল আনুষ্ঠানিক ভ্ৰমণৰ আধাৰত, মই দুয়াখন দেশৰ স্থায়ী বন্ধুত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আমাৰ আলোচনাৰ বাবে অপেক্ষা কৰি আছো। আমি একেলগে আমাৰ জনসাধাৰণৰ অগ্ৰগতিৰ বাবে কাম কৰিম আৰু ভাৰত মহাসাগৰ অঞ্চলত নিৰাপত্তা তথা সমৃদ্ধি বৃদ্ধি কৰিম। এই ভ্ৰমণকালত মই ছিচেলছৰ ৰাষ্ট্ৰীয় সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হোৱাৰ সন্মান লাভ কৰিম। এই ঐতিহাসিক সুযোগে আমাৰ দুয়োখন ৰাষ্ট্ৰক বান্ধি ৰখা শক্তিশালী গণতান্ত্ৰিক মূল্যবোধ আৰু সংসদীয় পৰম্পৰাক প্ৰতিফলিত কৰে।

মই ছিচেলছৰ প্ৰাণৱন্ত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰিবলৈও আগ্ৰহী, যিসকলে প্ৰজন্মৰ পাছত প্ৰজন্ম ভাৰত আৰু ছিচেলছৰ মাজত বিশেষ বন্ধুত্ব গঢ়ি তোলাৰ লগতে আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত এক জীৱন্ত সেতু হিচাপে কাম কৰি আহিছে।

মই আত্মবিশ্বাসী যে মোৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক অধিক গভীৰ কৰি তুলিব, ভাৰত মহাসাগৰ অঞ্চলত সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰিব আৰু এক নিৰাপদ, শান্তিপূৰ্ণ তথা সমৃদ্ধিশালী ভাৰত মহাসাগৰ অঞ্চলৰ বাবে থকা আমাৰ অংশীদাৰী দৃষ্টিভংগীক আগুৱাই নিব।

 

***

MJPS/SS/VJ/MK