পি এম ইণ্ডিয়া
গোথেনবাৰ্গত আয়োজিত এক বিশেষ অনুষ্ঠানত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অষ্টাদশ শতিকাত প্ৰতিষ্ঠা কৰা ছুইডেনৰ আটাইতকৈ প্ৰাচীন আৰু বিশিষ্ট সন্মানসমূহৰ ভিতৰত অন্যতম ‘ৰয়েল অৰ্ডাৰ অৱ দ্য প’লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ’ প্ৰদান কৰে। এই বঁটা হৈছে ছুইডেনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী ৰাজহুৱা সেৱা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা ছুইডেনৰ সৰ্বোচ্চ সন্মান।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মানৰ বাবে ৰাজকুমাৰী ভিক্টোৰিয়া আৰু ছুইডেনৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ এই বঁটা ভাৰতৰ ১.৪০ কোটি জনসাধাৰণৰ প্ৰতি তথা ভাৰত আৰু ছুইডেনৰ মাজৰ স্থায়ী বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ৰয়েল অৰ্ডাৰ অৱ দ্য প’লাৰ ষ্টাৰ সন্মান প্ৰদান ভাৰত আৰু ছুইডেনৰ মাজত ঐতিহাসিক সম্পৰ্ক আৰু সভ্যতাৰ বান্ধোনৰ পুনৰ নিশ্চিতকৰণ আৰু দুয়োখন দেশৰ জনসাধাৰণক একত্ৰিত কৰা আন্তৰিকতা আৰু মৰমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।(প্ৰধানমন্ত্ৰী মোদী হৈছে এই বঁটা লাভ কৰা প্ৰথমগৰাকী এছীয় নেতা।)
এই বঁটা প্ৰদান ভাৰত-ছুইডেনৰ কৌশলগত অংশীদাৰিত্বত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিয়া তথা বিশ্ব শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত দুয়োখন দেশৰ অংশীদাৰী দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
***
MJPS/SS/VJ/HS
During the visit to Gothenburg, Sweden, PM @narendramodi was conferred with the ‘Royal Order of the Polar Star, Degree Commander Grand Cross.’ pic.twitter.com/GhIRZas7Nj
— PMO India (@PMOIndia) May 17, 2026
A short while ago, I was conferred with the ‘Royal Order of the Polar Star, Degree Commander Grand Cross.’ This is not just an honour for me, but for the 140 crore people of India. It’s equally a tribute to all our friends in Sweden who have enriched India-Sweden relations and… pic.twitter.com/5AKtEAbqIe
— Narendra Modi (@narendramodi) May 17, 2026
Jag tilldelades nyss Nordstjärneorden. Detta är inte bara en ära för mig, utan för hela Indiens 1,4 miljarder människor.
— Narendra Modi (@narendramodi) May 17, 2026
Det är också en hyllning till alla våra vänner i Sverige som har stärkt relationerna mellan Indien och Sverige och lagt en stark grund. Må vänskapen mellan… pic.twitter.com/MUjnrTEyTD