পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেনৰ গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াইও অংশগ্ৰহণ কৰে আৰু দেশখনৰ ৰজা কাৰ্ল ষষ্ঠদশ গুস্তাফ আৰু ৰাণী চিলভিয়াৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰজাৰ ৮০ সংখ্যক জন্মদিন উপলক্ষে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰে।
নেতাসকলে ভাৰত-ছুইডেনৰ সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰৰ পৰ্যালোচনা কৰে তথা বাণিজ্য আৰু বিনিয়োগ, উদ্ভাৱন, সেউজ পৰিৱৰ্তন, উদীয়মান প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, ডিজিটেলাইজেচন, এছ এম ই, মহাকাশ, গৱেষণা, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ বিনিময়ৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্ধিত গতিশীলতাক স্বীকৃতি দিয়ে। তেওঁলোকে অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত আধাৰিত আৰু উদ্ভাৱন, বহনক্ষমতা তথা গৱেষণা আৰু উন্নয়ন সংযোগৰ দ্বাৰা চালিত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ অংশীদাৰী প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁলোকে সম্প্ৰসাৰিত অংশীদাৰিত্বক পথ প্ৰদৰ্শন কৰিবলৈ নিয়মীয়া উচ্চ পৰ্যায়ৰ ৰাজনৈতিক সম্পৰ্ক আৰু প্ৰাতিষ্ঠানিক আলোচনা বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই ভাৰত-ছুইডেনৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিবলৈ সন্মত হয়। কৌশলগত অংশীদাৰিত্ব চাৰিটা স্তম্ভৰ দ্বাৰা পৰিচালিত হ’বঃ স্থিৰতা আৰু নিৰাপত্তাৰ বাবে কৌশলগত আলোচনা; পৰৱৰ্তী প্ৰজন্মৰ অৰ্থনৈতিক অংশীদাৰিত্ব; উদীয়মান প্ৰযুক্তি আৰু আস্থাপূৰ্ণ সংযোগ আৰু জনসাধাৰণ, পৃথিৱী, স্বাস্থ্য আৰু সহনশীলতা -কাইলৈ ভৱিষ্যতক একেলগে আকৃতি প্ৰদান। কৌশলগত অংশীদাৰিত্ব কাৰ্যকৰী কৰিবলৈ দুয়োগৰাকী নেতাই ভাৰত-ছুইডেন যুটীয়া কাৰ্য্য পৰিকল্পনা ২০২৬-২০৩০ গ্ৰহণ কৰে, যিয়ে ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰযুক্তিগত, নিৰাপত্তা, জলবায়ু আৰু জনসাধাৰণৰ মাজত সহযোগিতাৰ বাবে এক ব্যাপক ৰূপৰেখা প্ৰদান কৰে।
দুয়োগৰাকী নেতাই উল্লেখ কৰে যে শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত-ইউৰোপীয় ইউনিয়ন এফটিএ-য়ে অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সূচনা কৰিছে আৰু বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ মাজৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে ইয়াৰ সোনকালে ৰূপায়ণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে উদ্ভাৱন, পৰিষ্কাৰ প্ৰযুক্তি, উন্নত উৎপাদন, বহনক্ষম গতিশীলতা আৰু ডিজিটেল ৰূপান্তৰকে ধৰি কৌশলগত খণ্ডত ভাৰতৰ সৈতে ছুইডেনৰ ধাৰাবাহিক সম্পৰ্কক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰছনে ডিজিটেল ৰূপান্তৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ লগতে ছুইডেনৰ অৰ্থনীতি আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰলৈ ভাৰতীয় সম্প্ৰদায়ৰ ইতিবাচক অৱদানৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ বিকাশৰ কাহিনীত ছুইডেনৰ অধিক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়।
নেতাদ্বয়ে পাৰস্পৰিক স্বাৰ্থ জড়িত থকা গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপাক্ষিক সংগঠনসমূহৰ জৰুৰী সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত শক্তিশালী সমৰ্থন আগবঢ়োৱাৰ বাবে ছুইডেনক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই শান্তি, সুস্থিৰতা, সহনশীল যোগান শৃংখলা আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
****
MJPS/SS/VJ/HS
PM @narendramodi held productive discussions with @SwedishPM Ulf Kristersson and HRH Crown Princess Victoria.
— PMO India (@PMOIndia) May 17, 2026
The discussions covered expanding cooperation across defence, innovation, trade, AI and climate action. The two sides also decided to elevate the India-Sweden… pic.twitter.com/JesOX3VkmW
Held wonderful discussions with PM Ulf Kristersson. It was great to have HRH Crown Princess Victoria also join the meeting. She also conveyed the wishes of Their Majesties the King and Queen of Sweden. My gratitude to them.
— Narendra Modi (@narendramodi) May 17, 2026
India-Sweden relations are built on the strong… pic.twitter.com/Z8IsQJxvh6
Hade fantastiska samtal med statsminister Ulf Kristersson. Det var fantastiskt att H.K.H Kronprinsessan Victoria också deltog i mötet. Hon framförde också lyckönskningar från Deras Majestäter Kungen och Drottningen av Sverige. Min tacksamhet till dem.
— Narendra Modi (@narendramodi) May 17, 2026
Relationerna mellan Indien… pic.twitter.com/vSWiYtei2H