Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছুইডেন ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ(১৭ এপ্ৰিল, ২০১৮)

ছুইডেন ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ(১৭ এপ্ৰিল, ২০১৮)

ছুইডেন ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ(১৭ এপ্ৰিল, ২০১৮)

ছুইডেন ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ(১৭ এপ্ৰিল, ২০১৮)


মাননীয় প্ৰধানমন্ত্ৰী ষ্টিফেন লোফভেন,

সংবাদমাধ্যমৰ বন্ধুসকল,

এয়া মোৰ প্ৰথম ছুইডেন ভ্ৰমণ। সুদীৰ্ঘ তিনি দশকৰ পাছত এয়া ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ছুইডেন ভ্ৰমণ। ছুইডেনৰ প্ৰধানমন্ত্ৰী আৰু ইয়াৰ চৰকাৰে আমাক যি উষ্ম আদৰ-অভ্যৰ্থনা আগবঢ়ালে, তাৰবাবে তেওঁলোকক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী লোফভেনে অন্যান্য নৰ্ডিক দেশসমূহৰ সৈতে লগ হৈ ভাৰতৰ সন্মিলন আয়োজন কৰিছে। ইয়াৰ বাবেও মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

ভাৰতৰ মেক ইন ইণ্ডিয়া অভিযানৰ আৰম্ভণীৰে পৰা ছুইডেনে এক শক্তিশালী সহযোগী হিচাপে কাম কৰি আহিছে। ২০১৬ চনত মুম্বাই আয়োজিত মেক ইন ইণ্ডিয়াৰ কাৰ্যসূচীত এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে প্ৰধানমন্ত্ৰী লোফভেনে নিজেই অংশগ্ৰহণ কৰে। ভাৰতৰ বাহিৰত বিগত বৰ্ষৰ অক্টোবৰত ছুইডেনত মেক ইন ইণ্ডিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। এইটো অতি আনন্দৰ আৰু গৌৰৱৰ কথা যে প্ৰধানমন্ত্ৰী লোফভেনে নিজেই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমাৰ আজিৰ আলোচনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ এই যে ভাৰতৰ উন্নয়নমুলক যাত্ৰাত ছুইডেন কিদৰে ইয়াৰ সফল অংশীদাৰ হয়। ফলস্বৰূপে, আমি এক অভিনৱ উদ্ভাৱনী সহযোগিতা আৰু যুটীয়া কাৰ্য পৰিকল্পনাৰ দিশত একমতত উপনীত হ’লো।

উদ্ভাৱন, বিনিয়োগ, ষ্টাৰ্ট-আপ, সামগ্ৰী উৎপাদন ইত্যাদিবোৰ হৈছে আমাৰ সহযোগিতাৰ মুল লক্ষ্য। সেইবোৰৰ ভিত্তিত আমি আন কেতবোৰ বিষয় যেনে-নবীকৰণযোগ্য শক্তি, নগৰীয়া পৰিবহণ, আৱৰ্জনা ব্যৱস্থাপনাৰ দিশতো গুৰুত্ব আৰোপ কৰিছো, যিবোৰ ভাৰতীয়সকলৰ জীৱন ধাৰণৰ মানদণ্ডৰ সৈতে জড়িত। বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কে আজি মই আৰু লোফভেনে ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও আলোচনা মিলিত হওঁ।

আমাৰ দ্বিপাক্ষিক সহয়োগিতাৰ আন এক মুল স্তম্ভ হৈছে প্ৰতিৰক্ষা আৰু নিৰাপত্তা ক্ষেত্ৰৰ সহযোগিতা। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ছুইডেন ভাৰতৰ দীৰ্ঘদিনীয়া সহযোগী। আৰু মোৰ বিশ্বাস যে এই ক্ষেত্ৰত, বিশেষকৈ প্ৰতিৰক্ষাৰ সঁজুলি উৎপাদনত আমাৰ সহযোগিতাই নতুন সূযোগৰ সৃষ্টি কৰিব।

আমি দুয়োগৰাকীয়ে আমাৰ নিৰাপত্তা সহযোগিতা, বিশেষকৈ চাইবাৰ নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি এই কথাত সহমতত উপনীত হওঁ যে আমাৰ সম্পৰ্ক আঞ্চলিকৰ সমান্তৰালভাৱে বৈশ্বিক পৰ্যায়তো গুৰুত্বপূৰ্ণ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ নিবিড় সম্পৰ্ক আছে, আৰু সেয়া সদায়েই অব্যাহত থাকিব।

আমি আজি ইউৰোপ আৰু এছিয়াৰ উন্নয়ন সন্দৰ্ভত আমাৰ মত বিনিময় কৰিলো।

শেষত মই পুনৰবাৰ প্ৰধানমন্ত্ৰী লোফভেনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

সকলোকে বহুত বহুত ধন্যবাদ জনালো।

****

AKT/SH/DB