Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জনজাতি সুৰক্ষা মঞ্চৰ প্ৰতিনিধিসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জনজাতি সুৰক্ষা মঞ্চৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সমাজৰ প্ৰতি তেওঁলোকৰ নিষ্ঠাৰ প্ৰশংসা কৰে।

এই আলোচনাকালত জনজাতীয় সম্প্ৰদায়ৰ উন্নয়ন আৰু সবলীকৰণৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

“আজি নতুন দিল্লীত জনজাতি সুৰক্ষা মঞ্চৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ সুযোগ পালো। জনজাতীয় সমাজৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা অত্যন্ত প্ৰশংসনীয়। এই সময়ছোৱাত জনজাতীয় সম্প্ৰদায়ৰ উন্নয়ন আৰু সবলীকৰণৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত অৰ্থপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।”

**********

MJPS/SS/ST/DD