Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা বিশ্বৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি  তেওঁৰ ৭৫ সংখ্যক জন্মদিনত শুভেচ্ছা জনোৱাৰ বাবে বিশ্ব নেতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলীক দিয়া উত্তৰত শ্ৰী মোদীয়ে কয়।

“ধন্যবাদ ৰাষ্ট্ৰপতি আলী, আপোনাৰ  বিনম্ৰ শুভকামনাৰ বাবে। ভাৰত আৰু গায়ানাৰ মাজত বন্ধুত্ব তথা পাৰস্পৰিক বিশ্বাসৰ গভীৰ বান্ধোন প্ৰতিফলিত কৰা আপোনাৰ উষ্ণ আবেগে মোক চুই গৈছে।”

https://x.com/narendramodi/status/1968229902005813330 

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনক দিয়া উত্তৰত শ্ৰী মোদীয়ে কয়।

“প্ৰধানমন্ত্ৰী লাক্সন, আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ। আমাৰ বন্ধুত্বক মই গভীৰভাৱে লালন-পালন কৰো। বিকশিত  ভাৰত ২০৪৭ৰ দিশত নিউজিলেণ্ড এক গুৰুত্বপূৰ্ণ অংশীদাৰ।”

https://x.com/narendramodi/status/1968230152040824946

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজক দিয়া উত্তৰত শ্ৰী মোদীয়ে কয়।

“বন্ধু, প্ৰধানমন্ত্ৰী আলবানিজ আপোনাৰ বিনম্ৰ শুভকামনাৰ বাবে ধন্যবাদ। ভাৰত-অষ্ট্ৰেলিয়া বিস্তৃত কৌশলগত অংশীদাৰিত্ব আৰু আমাৰ ঘনিষ্ঠ জনসাধাৰণৰ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে মই আগ্ৰহী।”

https://x.com/narendramodi/status/1968230372178891224

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেইক দিয়া উত্তৰত শ্ৰী মোদীয়ে কয়।

“প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে, আপোনাৰ  বিনম্ৰ শুভকামনাৰ বাবে ধন্যবাদ। ভূটানৰ সৈতে আমাৰ বিশেষ অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে আপোনাৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।”

https://x.com/narendramodi/status/1968230653042016499

ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজভেল্ট স্কেৰিটক দিয়া উত্তৰত শ্ৰী মোদীয়ে কয়।

“আপোনাৰ  শুভকামনাৰ বাবে ধন্যবাদ প্ৰধানমন্ত্ৰী স্কেৰিট। ভাৰতে ডমিনিকা কমনৱেলথৰ সৈতে বন্ধুত্ব আৰু সংহতিৰ শক্তিশালী বান্ধোনক গভীৰভাৱে লালন-পালন কৰে।”

https://x.com/narendramodi/status/1968230956562780560

****

 

MJPS/VJ/DM