পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন বিশ্বাস (বিধান সংশোধনী) বিধেয়ক, ২০২৬ সংসদে গৃহীত কৰাত অপৰিসীম আনন্দ প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে এই বিধেয়কখন নাগৰিকসকলক ক্ষমতা প্ৰদান কৰা আস্থাভিত্তিক শাসন কাঠামো শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। ইয়াৰ দ্বাৰা আওপুৰণি নিয়ম-নীতিসমূহ দূৰ কৰাৰ লগতে গোচৰসমূহৰ ক্ষিপ্ৰ নিষ্পত্তি নিশ্চিত কৰা সম্ভৱ হ’ব আৰু অপৰাধমুক্তকৰণৰ জৰিয়তে গোচৰৰ বোজা হ্ৰাস পাব ।
প্ৰধানমন্ত্ৰীয়ে বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত গ্ৰহণ কৰা পৰামৰ্শমূলক পদ্ধতিৰ বিষয়তো আলোকপাত কৰে আৰু খচৰা প্ৰস্তুত প্ৰক্ৰিয়াত অন্তৰ্দৃষ্টি আগবঢ়োৱা তথা সংসদত বিধেয়কখনক সমৰ্থন কৰা সকলোকে প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
”ইজ অৱ লিভিং’ আৰু ‘ইজ অৱ ডুইং বিজনেছ’ৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ …
সংসদে জন বিশ্বাস (বিধান সংশোধনী) বিধেয়ক ২০২৬ গৃহীত কৰাটো এক অপৰিসীম আনন্দৰ বিষয়।এই বিধেয়কে আমাৰ নাগৰিকসকলক ক্ষমতা প্ৰদান কৰা আস্থাভিত্তিক কাঠামোক শক্তিশালী কৰিব। ইয়াৰ দ্বাৰা পুৰণি হৈ যোৱা নিয়ম-নীতিৰ অন্ত পৰিব। একে সময়তে ই গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তি নিশ্চিত কৰিব, অপৰাধমুক্ত কৰাৰ সৈতে গোচৰৰ বোজা হ্ৰাস কৰিব।
ইয়াৰ উপৰি উল্লেখযোগ্য কথাটো হ’ল এই বিধেয়কখনৰ খচৰা পৰামৰ্শমূলক পদ্ধতিৰে প্ৰস্তুত কৰা হৈছে।
যিসকলে বিধেয়কখনৰ খচৰা প্ৰস্তুতৰ দিশত অন্তৰ্দৃষ্টি আগবঢ়াইছে আৰু সংসদত সমৰ্থন কৰিছে তেওঁলোকক প্ৰশংসা কৰিছো।”
A big boost to ‘Ease of Living’ and ‘Ease of Doing Business’…
It’s a matter of immense delight that Parliament has passed the Jan Vishwas (Amendment of Provisions) Bill 2026. This Bill strengthens a trust-based framework that empowers our citizens. It marks the end of rules and…
— Narendra Modi (@narendramodi) April 2, 2026
***
MJPS/VJ/DM