Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জলন্ধৰ কেণ্টৰ ছাৰ্ভে নম্বৰ ৪০৮ত কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক ৭.৫ একৰ প্ৰতিৰক্ষা ভূমি হস্তান্তৰ কৰাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে জলন্ধৰ কেণ্টৰ ছাৰ্ভে নম্বৰ ৪০৮ত কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনক ৭.৫ একৰ প্ৰতিৰক্ষা ভূমি বছৰি ১ টকাৰ নূন্যতম মূল্যত হস্তান্তৰ কৰাত অনুমোদন জনাইছে৷

পটভূমিঃ

১৯৮৭ চনৰ প্ৰতিষ্ঠা কালৰে পৰা জলন্ধৰ কেণ্টৰ চাৰি নম্বৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কাম-কাজ ছাৰ্ভে নম্বৰ ৪০৮ত এটি অস্থায়ী ভৱনত চলি আছে৷ এ-ৱান প্ৰতিৰক্ষা ভূমি ২৬ একৰজুৰি বিস্তৃত হৈ আছে৷ বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ পাছত অৱশিষ্ট ১৮.৫ একৰ ভূমি সেনাক হস্তান্তৰ কৰা হ’ব৷ বৰ্তমান বিদ্যালয়খনত ১৩৪৬ গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে৷

****

AKT/VBA/SH/MS