Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি

জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি

জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি


মাননীয় প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবে আৰু সন্মানীয় প্ৰতিনিধিবৰ্গ,

মিডিয়াৰ সদস্যসকল,

নমস্কাৰ

মই মোৰ অন্যতম বন্ধু প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেক ভাৰতত বিশেষকৈ গুজৰাটত আদৰিবলৈ পাই নথৈ সুখী হৈছো।শ্বিঞ্জু আবেক মই বিশ্বৰ বিভিন্ন সমাৰোহত কেইবাবাৰো লগ পাইছো কিন্তু তেওঁক ভাৰতত আদৰিবলৈ পাই মই অতি সুখী।কালি মই তেওঁৰ লগত সাবৰমতী আশ্ৰম ভ্ৰমণ কৰাৰ সুযোগ পালো।আজি আমি একেলগে জাপানী প্ৰযুক্তিৰে নিৰ্মিত মুম্বাই-আহমেদাবাদ ক্ষীপ্ৰ গতিৰ ৰে’ল প্ৰকল্প মুকলি কৰিলো।ই এটা ডাঙৰ পদক্ষেপ।ই কেৱল ক্ষীপ্ৰ গতিৰ ৰে’লৰ আৰম্ভণি নহয়, ই ভাৰতৰ ভৱিষ্যত নিৰ্ণয়কাৰী পদক্ষেপ।

বন্ধুসকল,

পাৰস্পৰিক বিশ্বাস, বুজাপৰা আৰু আগ্ৰহৰ ভেটিত উচ্চস্তৰীয় বহু মত বিনিময়ৰ পিছত জাপান আৰু ভাৰতৰ মাজত এক শক্তিশালী সম্পৰ্ক ৰচিত হৈছে।আমাৰ দ্বিপাক্ষিক সম্পৰ্কই বিভিন্ন বিশ্বস্তৰীয় বিষয়ত সহযোগিতা কৰাত সহায় কৰিব।যোৱা বছৰ মোৰ জাপান ভ্ৰমণৰ সময়ত ঐতিহাসিক পাৰমাণু চূক্তি স্বাক্ষৰিত হৈছিল।তাৰবাবে মই জাপানৰ জনতা, সংসদ তথা প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই চূক্তিয়ে স্বচ্ছ শক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ দিশত আমাক সহযোগিতা স্থাপনত সহায় কৰিব।

বন্ধুসকল,

২০১৬-১৭ বৰ্ষত ভাৰতে জাপানৰপৰা আগতকৈ ৮০ শতাংশ বেছি, ৪.৭ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগ লাভ কৰিছিল। এতিয়া জাপান ভাৰতৰ তৃতীয় সৰ্বাধিক বিনিয়োগকাৰী দেশ।ইয়াৰ ফলত প্ৰতিপন্ন হয় যে ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত জাপানে যোগাত্মক দৃষ্টিভঙ্গী গ্ৰহণ কৰিছে।ব্যৱসায় বৃদ্ধিৰ লগতে ভাৰত আৰু জাপানৰ মাজত ব্যক্তিগত পৰ্যায়ৰ বন্ধুত্বও দৃঢ় হ’ব বুলি আশা কৰিব পাৰি। আমি জাপানৰ নাগৰিকৰ বাবে ভাৰতত ভিছা অন এৰাইভেলৰ ব্যৱস্থা কৰিছো। জাপান পোষ্ট আৰু ইণ্ডিয়া পোষ্টৰ সহযোগত আমি ‘কুল বক্স’ সেৱা আৰম্ভ কৰিছো যাৰ জৰিয়তে ভাৰতত থকা জাপানী লোকে জাপানী খাদ্য পাব পাৰে।লগতে মই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত ৰেষ্ট্যুৰেন্ট খুলিবলৈও আহ্বান জনাইছো।ভাৰতে আজি কৰৰ ক্ষেত্ৰতো বহুখিনি সাল-সলনি কৰিছে। ‘মে’ক ইন ইণ্ডিয়া’ই ভাৰতৰ নক্সা সলনি কৰি দিছে।আৰু মই সুখী যে জাপানী সংস্থাসমূহে আমাক সকলো প্ৰকাৰে সহায় কৰিছে।আমি আবেলি অনুস্থিত হ’বলগীয়া ভাৰত আৰু জাপানৰ ব্যৱসায়ীসকলৰ আলোচনাৰপৰাও লাভান্বিত হ’ম বুলি আশা কৰিছো। বিভিন্ন ক্ষেত্ৰত আনুষ্ঠানিক চূক্তিপত্ৰ স্বাক্ষৰ কৰিব বুলি মই আশা কৰিছো।

বন্ধুসকল,

মোৰ দৃঢ়বিশ্বাস যে আজি স্বাক্ষৰিত হ’বলগা চূক্তিসমূহে সকলো ক্ষেত্ৰতে ভাৰত আৰু জাপানৰ সম্পৰ্ক শক্তিশালী কৰিব।সেই আশাৰে মই পুনৰ মাননীয় প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবে আৰু সন্মানীয় প্ৰতিনিধিবৰ্গক ভাৰতলৈ আদৰণি জনাইছো।

আজিলৈ ইমানেই।

ধন্যবাদ।

***

AKT/SH/SBP/PRK