Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে তাকাইচিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে তাকাইচিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত কৈছেঃ

 

“ছানে তাকাইচি, জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জনাইছো। মই ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰতো শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে আমাৰ গভীৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ।

 

***

MJPS/SR/HS