পি এম ইণ্ডিয়া
তলৰ কথাখিনি জাপান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমৰ বাবে দিয়া প্ৰেছ বিবৃতি৷
“অহা ২৮–২৯ অক্টোবৰ, ২০১৮ত মই বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে জাপান ভ্ৰমণ কৰিম৷ ২০১৪ চনৰ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী হিচাপে মোৰ প্ৰথম জাপান ভ্ৰমণকে ধৰি এয়া প্ৰধানমন্ত্ৰী শ্বিনজোৰ সৈতে মোৰ দ্বাদশসংখ্যক সাক্ষাৎ হ’ব৷ ইয়াৰ পূৰ্বে ২০১৬ চনত মই বাৰ্ষিক সন্মিনত ভাগ লৈছিলো৷
যোৱা বছৰ মই প্ৰধানমন্ত্ৰী আবে আৰু শ্ৰীমতী আকি আবে মোৰ গৃহৰাজ্য গুজৰাটত আদৰণি জনোৱাৰ সৌভাগ্য হৈছিল৷ জাপান ভাৰতৰ মূল্যবান সহযোগী৷ আমাৰ মাজত এক বিশেষ কৌশলগত আৰু বিশ্বজনীন অংশীদাৰিত্ব আছে৷ জাপানৰ সৈতে আমাৰ অৰ্থনৈতিক আৰু কৌশলগত, উভয় দিশতে সম্পৰ্ক আছে, যিটো বিগত কিছু বছৰত সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈছে৷
বর্তমান এই অংশীদাৰিত্ব বিশেষভাৱে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ ভাৰতৰ পূবলৈ চোৱা নীতি আৰু ভাৰত –প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নতিৰ ক্ষেত্ৰত আমাৰ মুক্ত দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি এই সুদৃঢ় সম্পর্ক গঢ় লৈ উঠিছে৷ আমি, আমাৰ নীতি আৰু চিন্তাধাৰা বিনিময় কৰো৷ আমি সকলোৰে বাবে শান্তি আৰু সম্প্রীতি কামনা কৰো৷
আমাৰ পৰিপুৰক মনোভাৱে ভাৰত–জাপান সম্পর্কত সফলতা আনিছে৷ জাপান বর্তমান ভাৰতৰ অর্থনৈতিক আৰু কাৰিকৰী ক্ষেত্রত আধুনিকীকৰনৰ অন্যতম বিশ্বস্ত অংশীদাৰ আৰু ভাৰতত বিনিয়োগকাৰী দেশসমূহৰ ভিতৰতো অগ্ৰণী স্থান লাভ কৰিছে৷ মুম্বাই–আহমেদাবাদৰ মাজত দ্ৰুততম ৰে’ল আৰু ফ্রেইট কৰিডৰৰ দৰে প্ৰকল্পসমূহ আমাৰ শক্তিশালী অর্থনৈতিক সহযোগিতাৰ প্ৰতিচ্ছবি৷ ‘মেক ইন ইণ্ডিয়া’, ‘স্কিল ইণ্ডিয়া’, ‘ডিজিটাল ইণ্ডিয়া’ আৰু ‘ষ্টার্ট আপ ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয় আঁচনি ৰূপায়নৰ ক্ষেত্রতো জাপান ভাৰতৰ সহযোগী দেশ হৈ পৰিছে৷
ভাৰতৰ ভৱিষ্যৎ অর্থনীতিৰ প্ৰতি জাপানৰ বিনিয়োগকাৰীসকলৰ আস্থা আছে৷ গৱেষণা আৰু কাৰিকৰী ক্ষেত্রত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাপানৰ নেতৃত্ব দিয়াৰ ক্ষমতাক আমি যথাযথ মূল্য দিও৷ এই ভ্ৰমণকালত মোৰ ৰ’ব’ট প্ৰস্তুত কৰা জাপানৰ উচ্চ কাৰিকৰী ক্ষমতা প্ৰত্যক্ষ কৰাৰ সুযোগ হ’ব৷
প্ৰধানমন্ত্রী শ্বিনজো আবেৰ সৈতো মই বিস্তৃত আলোচনাত মিলিত হ’ম৷ মই ব্যৱসায়িক মুৰব্বী আৰু ভাৰত আৰু জাপানৰ বিশিষ্ট উদ্যোপতিসকলৰ সৈতেও মত বিনিময় কৰিম৷ সেই দেশত বসবাস কৰা ভাৰতীয় সমূদায়ক উদ্দেশ্যিও মই ভাষণ আগবঢ়াম৷ এই বাৰ্তালাপে আমাৰ বানিজ্য আৰু বিনিয়োগ সংক্রান্তীয় অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰিবলৈ আৰু স্বাস্থ্যসেৱা, ডিজিটেল প্ৰযুক্তি, কৃষি, খাদ্য প্ৰস্তুতকৰণ, দুৰ্যোগ ব্যৱস্থাপনামূলক আন্তঃগাঁথনিৰ উন্নয়নকে ধৰি কেতবোৰ নতুন ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰিব৷
আমাৰ সাংসদসকলৰ সৈতে সহযোগিতা আৰু আমাৰ ৰাজ্যসমূহ তথা জাপানৰ বিভিন্ন বিভাগৰ মাজৰ সম্পর্কক মই আদৰণি জনাইছো৷ এয়া অতি আনন্দৰ কথা যে শিক্ষা, দক্ষতা বিকাশ, সংস্কৃতি আৰু পর্যটন ক্ষেত্রত আদান–প্ৰদানৰ জৰিয়তে দুয়ো দেশৰ লোকসকলৰ মাজৰ সম্পর্ক আৰু অধিক শক্তিশালী হৈছে৷
মোৰ ভ্ৰমণে আমাৰ মাজত গভীৰভাৱে থকা পৰম্পৰাগত বন্ধুপূৰ্ণ সম্পৰ্ক অধিক বৃদ্ধি কৰাৰ লগতে ভৱিষ্যতে আমাৰ সম্পৰ্কৰ উন্নত আৰু সমৃদ্ধিশালী কৰাৰ বাবে এক সুদঢ় পৰিৱেশ গঢ়ি তুলিব“
***
AKT/KP/SK/DB
On 28th and 29th October, I would be attending the India-Japan Annual Summit. I look forward to productive talks with PM @AbeShinzo, which will enhance India-Japan ties. Japan is a valued partner, with whom we have a Special Strategic & Global Partnership. https://t.co/J8zFvFNi10
— Narendra Modi (@narendramodi) October 26, 2018
I would interact with business leaders from India as well as Japan. I am eagerly awaiting the interaction with the Indian Community settled there. Stronger business and cultural relations between India and Japan augur well for our people and the world.
— Narendra Modi (@narendramodi) October 26, 2018