মা ভাৰতীৰ সেৱা আৰু সুৰক্ষাৰ বাবে চৌবিশ ঘণ্টাই সজাগ হৈ থকা আপোনালোক সকলো বীৰক আকৌ এবাৰ মোৰ ফালৰ পৰা ১৩০ কোটি দেশবাসীৰ হৈ দীপাৱলিৰ বহুত বহুত অভিনন্দন। দেশৰ সীমান্তত হওক, আকাশত বা সাগৰৰ বিস্তাৰত, বৰফাবৃত শিখৰত হওক অথবা গহন অৰণ্যত, ৰাষ্ট্ৰ ৰক্ষাত জড়িত প্ৰতিজন বীৰ পুত্ৰ-কন্যা, আমাৰ সেনাসকল, বিএছএফ, আইটিবিপি, চিআইএছএফ, প্ৰতিটো সুৰক্ষা বাহিনী, আমাৰ পুলিচৰ জোৱান, সকলোকে মই আজি দীপাৱলিৰ এই পৱিত্ৰ উৎসৱত সাদৰেৰে নমন কৰিছো।
আপোনালোক আছে বাবেই দেশখন আছে, দেশৰ জনসাধাৰণৰ আনন্দ আছে, দেশৰ এই উৎসৱ আছে। মই আজি আপোনালোকৰ মাজলৈ প্ৰতিজন ভাৰতবাসীৰ শুভকামনা লৈ আহিছো। আপোনালোকৰ বাবে কোটি-কোটি দেশবাসীৰ মৰম লৈ আহিছো। প্ৰতিজন জ্যেষ্ঠৰ মই আপোনালোকৰ বাবে আশীৰ্বাদ লৈ আহিছো। মই আজি সেই বীৰ মাতৃ-ভগ্নী আৰু শিশুসকলক দীপাৱলিৰ হিয়াভৰা শুভেচ্ছা জনাইছো, তেওঁলোকৰ ত্যাগক নমন কৰিছো যাৰ নিজৰ পুত্ৰ বা কন্যা, আজি উৎসৱৰ দিনাও সীমান্তত নিয়োজিত হৈ আছে তেওঁলোকো পৰিয়ালৰ সকলো লোকো অভিনন্দনৰ অধিকাৰী। আকৌ এবাৰ দুয়োটা মুঠি বন্ধ কৰি সম্পূৰ্ণ শক্তিৰে মোৰ সৈতে কওক ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।
বন্ধুসকল মোৰ মনত আছে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰ ২০১৪ত দীপাৱলি উৎসৱত মই সিয়াচিনলৈ গুছি গৈছিলো। জোৱানৰ সৈতে দেৱালী পালন কৰিবলৈ, তেতিয়া বহুত মানুহ অলপ আচৰিত হৈছিল। উৎসৱৰ দিনা এয়া কি প্ৰধানমন্ত্ৰীয়ে কৰি আছে। কিন্তু, এতিয়াতো আপোনালোকেও মোৰ ভাব বুজি পায়। যদি দেৱালী উৎসৱত আপোনসকলৰ মাজলৈয়েতো যাম, নিজতকৈ আঁতৰত ক’ত থাকিম। আৰু সেইবাবেই আজিও দীপাৱলিৰ দিনা আপোনালোকৰ মাজলৈ আহিছো। আপোনসকলৰ মাজলৈ আহিছো। আপোনালোক যদিও বৰফাবৃত পাহাৰৰ ওপৰত থাকক, বা ৰেগিস্তানত থাকক, মোৰ দেৱালীতো আপোনালোকৰ মাজলৈ আহিহে সম্পূৰ্ণ হয়। আপোনালোকৰ চেহেৰাৰ দীপ্তি দেখা পাওঁ। আপোনালোকৰ চেহেৰাৰ আনন্দ দেখা পাওঁ। তেতিয়া ময়ো কেইবাগুণ আনন্দিত হৈ পৰো। মোৰ আনন্দ বাঢ়ি যায়। এই আনন্দৰ বাবেই, দেশবাসীৰ উল্লাস আপোনালোকক দিবৰ বাবে আজি মই আকৌ এবাৰ, এই ৰেগিস্তানলৈ আপোনালোকৰ মাজলৈ আহিছো। আৰু এটা কথা, আপোনালোকৰ বাবে মই উৎসৱৰ দিন বুলি অলপমান মিঠায়ো লৈ আহিছো। কিন্তু এয়া কেৱল দেশৰ প্ৰধানমন্ত্ৰীয়ে মিঠাই লৈ অহা নাই। এয়া অকল মোৰেই নহয় সকলো দেশবাসীৰ প্ৰেম আৰু আপোনত্বৰ সোৱাদো ইয়াৰ লগতে আনিছো। এই মিঠাইবিলাকত আপোনালোকে দেশৰ প্ৰতিগৰাকী মাতৃৰ হাতৰ সোৱাদ অনুভৱ কৰিব পাৰে। এই মিঠাইত আপোনালোকে প্ৰতিজন ভাই, ভগ্নী আৰু পিতৃৰ আশীৰ্বাদ অনুভৱ কৰিব পাৰে। আৰু সেইবাবেই মই আপোনালোকৰ মাজলৈ অকলে অহা নাই। মই নিজৰ লগত দেশৰ আপোনালোকৰ প্ৰতি থকা প্ৰেম, আপোনালোকৰ প্ৰতি স্নেহ আৰু আপোনালোকৰ বাবে আশীৰ্বাদো লগতে লৈ আহিছো।
বন্ধুসকল,
আজি ইয়াত লোংগেৱালাৰ এই পোষ্টত আছো, সেয়ে সমগ্ৰ দেশৰ দৃষ্টি আপোনালোকৰ ওপৰত আছে, মা ভাৰতীৰ সন্তান, মোৰ এই জীয়ৰীসকল, মোৰ দেশক গৌৰৱ প্ৰদান কৰা এই জীয়ৰীসকল যি মোৰ সন্মুখত বহি আছে, তেওঁলোকৰ ওপৰত দেশৰ দৃষ্টি আছে। মই ভাবোঁ যে দেশৰ সীমান্তত যদি কোনো এটা পোষ্টৰ নাম দেশৰ সবাতোকৈ অধিক মানুহৰ মনত থাকিব, অনেক প্ৰজন্মৰ মনত থাকিব, তেনেহ’লে সেই পোষ্টৰ নাম হৈছে লোংগেৱালা পোষ্ট, সকলোৰে মুখে মুখে। এনেকুৱা এটা পোষ্ট, য’ত গৰমত তাপমাত্ৰাই ৫০ ডিগ্ৰী স্পৰ্শ কৰাৰ বিপৰীতে ঠাণ্ডা দিনত শূন্যৰ তললৈ যায়। আৰু মে’-জুনত এই বালি যেনেকৈ আহে এজনে আনজনৰ চেহেৰাও দেখা নাপায়। এই পোষ্টত আপোনালোকৰ সতীৰ্থসকলে সৌৰ্যৰ এনেকুৱা এটা গাঁথা লিখি দিলে, যি আজিও প্ৰত্যেক ভাৰতীয়ৰ অন্তৰ উৎসাহেৰে ভৰাই তোলে। লোংগেৱালাৰ নাম ল’লেই হৃদয়ৰ নিভৃতৰ পৰা মন মন্দিৰৰ পৰা এইটোৱেই প্ৰকট হয়, ‘जो बोले सो निहाल, सत श्री अकाल’ এই জয়ধ্বনি কাণত গুঞ্জৰিত হ’বলৈ ধৰে।
বন্ধুসকল,
যেতিয়াই সৈন্যৰ কুশলতাৰ ইতিহাসৰ বিষয়ে লিখা-পঢ়া যাব, যেতিয়া সৈন্যৰ পৰাক্ৰমৰ চৰ্চা হ’ব, তেতিয়া বেটেল অফ লোংগেৱালাক জৰুৰ মনত পেলোৱা হ’ব। এইটো সেই সময় আছিল যেতিয়া পাকিস্তানৰ সেনাই বাংলাদেশৰ নিৰ্দোষী নাগৰিকৰ ওপৰত অত্যাচাৰ কৰি আছিল, জুলুম কৰি আছিল, নৰ সংহাৰ কৰি আছিল। ভগ্নী-কন্যাৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰি আছিল, পাকিস্তানৰ সেনাৰ মানুহে কৰি আছিল। এই ঘটনাৰ জৰিয়তে পাকিস্তানৰ ঘৃণনীয় চেহেৰা পৰিস্ফুট হৈছিল। ভয়ংকৰ ৰূপ পৃথিৱীৰ সন্মুখত পাকিস্তানৰ প্ৰকট হৈ পৰিছিল। এই সকলোৰে পৰা বিশ্বৰ মনোযোগ আঁতৰাবলৈ পাকিস্তানে আমাৰ দেশৰ পশ্চিম সীমান্তত মৰ্চা খুলি দিলে। পাকিস্তানে ভাবিছিল যে ভাৰতৰ পশ্চিম সীমান্তত মৰ্চা খুলি দিম, বিশ্বত ভাৰতে এইটো কৰিলে, ভাৰতে সেইটো কৰিলে বুলি কান্দি থাকিম আৰু বাংলাদেশৰ সকলো পাপ তেওঁলোকৰ লুকাই যাব। কিন্তু আমাৰ সৈনিকসকলে যি মুখভঙা প্ৰত্যুত্তৰ দিলে, পাকিস্তানে ভৰিবলগীয়া হ’ল।
বন্ধুসকল,
ইয়াত এই পোষ্টত দেখুউৱা পৰাক্ৰমৰ প্ৰতিধ্বনি, এই প্ৰতিধ্বনিয়ে শত্ৰুৰ পৰাক্ৰম ভাঙি দিলে। তেওঁলোকে কি জানিছিল যে ইয়াত তেওঁলোকৰ মুখামুখি মা ভাৰতীৰ শক্তিশালী পুত্ৰ-কন্যাৰে হ’ব লাগিব। মেজৰ কুলদীপ সিংহ চান্দপুৰীৰ নেতৃত্বত ভাৰতীয় বীৰসকলে টেংকেৰে সজ্জিত হৈ শত্ৰুক পহুখেদা দিলে, তেওঁলোকৰ সামৰ্থ্য নাকাম কৰি দিলে। কেতিয়াবা মোৰ ভাব হয় যে কুলদীপজীৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম কুলদীপ ঠিকেই ৰাখিছিল, তেওঁলোকে চাগৈ ভাবিছিল এওঁ কুলৰ দীপক, কিন্তু সেয়া কুলদীপজীয়ে নিজৰ পৰাক্ৰমেৰে সেই নামক এনেকৈ সাৰ্থক কৰিলে যে তেওঁ কেৱল কুলদীপ নহয়, তেওঁ ৰাষ্ট্ৰদ্বীপ হৈ গ’ল।
বন্ধুসকল,
লোংগেৱালাৰ সেই ঐতিহাসিক যুদ্ধ ভাৰতীয় সৈন্য বাহিনীৰ সৌৰ্যৰ প্ৰতীকতো হয়েই, স্থলসেনা, বিএছএফ আৰু বায়ুসেনাৰ অদ্ভূত ক’-অৰ্ডিনেচনৰো প্ৰতীক। এই যুদ্ধই দেখুৱাই দিলে যে ভাৰতৰ সংগঠিত সৈন্য শক্তিৰ সন্মুখলৈ যোনেই নাহক কিয়, তেওঁ কোনো অৱস্থাতে তিকিব নোৱাৰে। এতিয়া যেতিয়া চন ‘৭১ত হোৱা যুদ্ধৰ, লোংগেৱালাত হোৱা যুদ্ধৰ ৫০ বছৰ হ’বলৈ গৈ আছে, কেইসপ্তাহ মানতে আমি ইয়াৰ ৫০ বছৰ, এই গৌৰৱপূৰ্ণ স্বৰ্ণিল পৃষ্ঠাক আমি পালন কৰিম আৰু সেইবাবেই মোৰ ইয়ালৈ আহিবলৈ মন গ’ল। সেয়ে সমগ্ৰ দেশে নিজৰ সেই বীৰসকলৰ বিজয় গাঁথা শুনি গৌৰৱান্বিত হ’ব, তেওঁলোকৰ সাহস উথলি উঠিব, নতুন প্ৰজন্ম আৰু আহিবলগীয়া প্ৰজন্মই এই পৰাক্ৰমৰ লগতে প্ৰেৰণাও ল’বলৈ এই সুযোগ তেওঁলোকৰ জীৱনৰ এটা বহুত ডাঙৰ মহত্বপূৰ্ণ হ’ব। এনেকুৱা বীৰ সু-সন্তানৰ বাবে ৰাজস্থানৰ মাটিৰেই এজন কবি নাৰায়ণ সিংহ ভাটীয়ে লিখিছে আৰু এই গীতকে কথা-বতৰাৰ ভাষাত লিখিছে, তেওঁ লিখিছে এনেকুৱা ঘৰ, এনেকুৱা আকাশ, এনেকুৱা সহ-ইতিহাস! এনেকুৱা সহ-প্ৰজন্ম, প্ৰাচী ত্ৰণে প্ৰকাশ!! অৰ্থাৎ নিজৰ বীৰ সু-সন্তানৰ বলিদানৰ ওপৰত এই পৃথিৱীয়ে গৌৰৱ কৰে, আকাশে গৌৰৱ কৰে আৰু সম্পূৰ্ণ ইতিহাসে গৌৰৱ কৰে। যেতিয়া সূৰ্যৰ প্ৰকাশে এই পৃথিৱীত আন্ধাৰ আঁতৰাবলৈ অবতৰিত হ’ব, অহা প্ৰজন্মসমূহে এই বলিদানক লৈ গৌৰৱ কৰি থাকিব।
বন্ধুসকল,
হিমালয়ৰ উচ্চতা হওক, ৰেগিস্তানত বালিৰ বিস্তাৰ হওক, গহন অৰণ্য হওক বা সমুদ্ৰৰ গভীৰতা হওক, সকলো প্ৰত্যাহ্বানতে আপোনালোকৰ বীৰত্ব প্ৰতিপন্ন হৈ আহিছে। আপোনালোকৰ মাজৰ অনেক সতীৰ্থ যদি আজি ইয়াত ৰেগিস্তানত নিয়োজিত, তেনেহ’লে আপোনালোকৰ হিমালয়ৰ উচ্চতাৰো অনুভৱ আছে। স্থিতি-পৰিস্থিতি যেনেকুৱাই নহওক, আপোনালোকৰ পৰাক্ৰম, আপোনালোকৰ সৌৰ্য অতুলনীয়। ইয়াৰ প্ৰভাৱতে আজি শত্ৰুৱেও বুজি পায় যে ভাৰতৰ বীৰসকলৰ সমান কোনো নাই। আপোনালোকৰ এই সৌৰ্যক নমন কৰি আজি ভাৰতৰ ১৩০ কোটি দেশবাসী আপোনালোকৰ সৈতে শক্তিশালীভাৱে থিয় দি আছে। আজি প্ৰত্যেক ভাৰতবাসী নিজৰ সৈনিকৰ শক্তি আৰু সৌৰ্যক লৈ গৰ্বিত। তেওঁলোকে আপোনালোকৰ অজেয়তাৰ ওপৰত, আপোনালোকৰ অপৰাজেয়তাৰ ওপৰত গৰ্বিত। পৃথিৱীৰ কোনো শক্তিয়ে আমাৰ বীৰ জোৱানসকলক দেশৰ সীমান্তৰ সুৰক্ষা কৰাত বাধা দিবও নোৱাৰে, বিচলিতও কৰিব নোৱাৰে।
বন্ধুসকল,
পৃথিৱীৰ ইতিহাসে আমাক এই কথা কয় যে কেৱল সেইখন ৰাষ্ট্ৰহে সুৰক্ষিত হৈ থাকে, সেইখন ৰাষ্ট্ৰহে অগ্ৰসৰ হয়, যাৰ ভিতৰত আক্ৰমণেৰে মোকাবিলা কৰাৰ ক্ষমতা আছিল। যদি আজিৰ দৃশ্যলৈ লক্ষ্য কৰে, যদিও ইণ্টাৰনেচনেল ক’-অপাৰেচন কিমান আগলৈ নাহক কিয়, সমীকৰণ যিমানেই সলনি নহওক কিয়, কিন্তু আমি কেতিয়াও পাহৰিব নোৱাৰো যে সতৰ্কতাই সুৰক্ষাৰ পথ, সজাগতাই সুখ-শান্তিৰ সম্বল। সামৰ্থ্যই বিজয়ৰ বিশ্বাস, সক্ষমতাই শান্তিৰ পুৰস্কাৰ। ভাৰত আজি সুৰক্ষিত কিয়নো ভাৰতৰ নিজক সুৰক্ষিত কৰাৰ শক্তি আছে, ভাৰতৰ আপোনালোকৰ দৰে পুত্ৰ-কন্যা আছে।
বন্ধুসকল,
যেতিয়াই প্ৰয়োজন হৈছে, ভাৰতে বিশ্বক দেখুৱাইছে যে ইয়াৰ ওচৰত শক্তিও আছে আৰু সঠিক উত্তৰ দিয়াৰ ৰাজনৈতিক ইচ্ছাশক্তিও আছে। আমাৰ সৈন্য শক্তি, ই আজি আমাৰ নেগচিয়েটিং পাৱাৰো অনেকগুণ বঢ়াই দিলে, ইয়াৰ পৰাক্ৰমেৰে বাঢ়িছে, ইয়াৰ সংকল্প শক্তিৰে বাঢ়িছে। আজি ভাৰতে সন্ত্ৰাসবাদীক, সন্ত্ৰাসসৰ প্ৰভুহঁতক ঘৰত সোমাই মাৰে। আজি পৃথিৱীয়ে এই কথা গম পাই আছে, বুজি পাই আছে যে এই দেশখনে নিজৰ হিতৰ ক্ষেত্ৰত কোনো মূল্যৰ বিনিময়তে সামান্যতমো আপোচ কৰাবিধৰ নহয়। ভাৰতৰ এই স্থিতি, এই উচ্চতা, আপোনালোকৰ শক্তি, আপোনালোকৰ পৰাক্ৰমৰ কাৰণেই। আপোনালোকে দেশৰ সুৰক্ষা কৰিছে সেয়ে আজি ভাৰতে বৈশ্বিক মঞ্চত প্ৰখৰতাৰে নিজৰ কথা উত্থাপন কৰে।
বন্ধুসকল,
আজি সমগ্ৰ বিশ্ব সম্প্ৰসাৰণবাদী শক্তিৰ দ্বাৰা চিন্তিত। সম্প্ৰসাৰণবাদ এফালৰ পৰা মানসিক বিকৃতি আৰু অষ্টাদশ শতিকাৰ ধাৰণা প্ৰতিফলিত কৰে। এই ধাৰণাৰ বিৰুদ্ধেও ভাৰত প্ৰখৰ আৱাজ হৈ আছে।
বন্ধুসকল,
আজি ভাৰতে বহুত দ্ৰুতগতিত নিজৰ ডিফেঞ্চ ছেক্টৰক আত্মনিৰ্ভৰ কৰি তোলাৰ দিশত পদক্ষেপ লৈছে, আগবাঢ়ি আছে। সম্প্ৰতি আমাৰ সেনাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে ১০০তকৈ অধিক বেলেগ বেলেগ প্ৰকাৰৰ যি আৱশ্যকতা আছে, বিশেষকৈ অস্ত্ৰ-শস্ত্ৰ আৰু সাজ-সজ্জাৰ সামগ্ৰী এতিয়া বিদেশৰ পৰা নলয়, ভাৰতত উৎপাদিত সামগ্ৰীহে ল’ব। ইয়াৰ উৎপাদন আৰু তাৰবাবে যি আৱশ্যক হয় কৰিম। এই সিদ্ধান্ত সৰু নহয়। ইয়াৰ বাবে বুকুত বহুত ডাঙৰ সাহস লাগে। নিজৰ জোৱানসকলৰ ওপৰত বিশ্বাস লাগে। মই আজি এই সুযোগতে আৰু ত্যাগ আৰু তপস্যাৰ এই মহত্বপূৰ্ণ ভূমিৰ পৰা, মই নিজৰ সেনাক তেওঁলোকৰ এই মহত্বপূৰ্ণ সিদ্ধান্তৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। এই সিদ্ধান্ত সৰু নহয়, মই জানো। সিদ্ধান্ত সেনাই লৈছে, আত্মনিৰ্ভৰ ভাৰতৰ এটা বহুত ডাঙৰ উৎসাহ বঢ়োৱা সিদ্ধান্ত লৈছে। কিন্তু সেনাৰ এই সিদ্ধান্তৰ জৰিয়তে দেশবাসীৰ মাজতো, ১৩০ কোটি দেশবাসীৰ মাজলৈ এনেকুৱা মেছেজ গৈছে, সকলো দূৰলৈ গুছি গৈছে আৰু সেই মেছেজ কৰা হৈছে লোকেলৰ বাবে ভোকেল হোৱা, সেনাৰ এটা সিদ্ধান্তই ১৩০ কোটি দেশবাসীক লোকেলৰ বাবে ভোকেল হ’বলৈ প্ৰেৰণা দিছে। মই আজি দেশৰ ন-জোৱানসকলক, দেশৰ সৈনিকসকলক, সুৰক্ষা বাহিনীসমূহক, পেৰামেডিকেল ফ’ৰ্চেছক, এটাৰ পিছত এটা এনেকুৱা সিদ্ধান্তৰ অনুকূল ভাৰততো মোৰ দেশৰ যুৱক-যুৱতীসকলে এনেকুৱা সামগ্ৰী নিৰ্মাণ কৰিব, এনেকুৱা সামগ্ৰী বনাই আনিব, আমাৰ সেনাৰ জোৱানসকলৰ, আমাৰ সুৰক্ষা বাহিনীৰ জোৱানসকলৰ শক্তি বাঢ়িব। বৰ্তমানৰ দিনবোৰত অনেক ষ্টাৰ্ট আপে সেনাৰ আৱশ্যকতা পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে। ডিফেঞ্চ ছেক্টৰত ন-জোৱানৰ নতুন ষ্টাৰ্ট আপছে দেশক আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত আৰু দ্ৰুতগতিত আগবঢ়াই নিব।
বন্ধুসকল,
প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰত, দেশৰ বৰ্ধিত এই সামৰ্থ্যৰ লক্ষ্য হৈছে-সীমান্তত শান্তি। আজি ভাৰতৰ ৰণনীতি পৰিষ্কাৰ, ভাৰতৰ ৰণনীতি স্পষ্ট। আজিৰ ভাৰতে বুজা আৰু বুজোৱাৰ নীতিত বিশ্বাস কৰে, বুজি পোৱাৰো বুজাই দিয়াৰো, কিন্তু যদি আমাক ব্যৱহাৰ কৰাৰ চেষ্টা কৰে, তেনেহ’লে প্ৰত্যুত্তৰো সিমানেই প্ৰচণ্ড পাব।
বন্ধুসকল,
দেশৰ অখণ্ডতা, দেশবাসীৰ একতাৰ ওপৰত নিৰ্ভৰ কৰে। শান্তি, একতা, সদ্ভাৱনাই দেশৰ ভিতৰতে দেশৰ অখণ্ডতাক শক্তি দিয়ে। সীমাৰ সুৰক্ষা, সুৰক্ষা বাহিনীৰ শক্তিৰ সৈতে জড়িত। সীমান্তত আমাৰ বীৰসকলৰ উৎসাহ অক্ষুণ্ণ থাকক, তেওঁলোকৰ মনোবল আকাশতকৈও ওখ হৈ থাকক, সেয়ে তেওঁলোকৰ প্ৰতিটো আৱশ্যকতা, প্ৰতিটো প্ৰয়োজন, আজি দেশৰ সৰ্বোচ্চ প্ৰাথমিকতাসমূহৰ মাজত আছে। তেওঁলোকৰ পৰিয়ালৰ চোৱাচিতা দেশৰ দায়িত্ব। যোৱা সময়ত, সৈনিকৰ শিশুৰ শিক্ষা আৰু কৰ্ম সংস্থাপনক লৈও অনেক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোৱা বছৰ যেতিয়া মই দ্বিতীয়বাৰ শপত লৈছিলো তেতিয়া প্ৰথম সিদ্ধান্তটোৱেই শ্বহীদসকলৰ সন্তানৰ শিক্ষাৰ সৈতে জড়িত আছিল। ইয়াৰ জৰিয়তে নেচনেল ডিফেঞ্চ ফাণ্ডৰ অধীনত পাবলগীয়া স্কলাৰশ্বিপ বঢ়োৱা হৈছে।
বন্ধুসকল,
সুবিধাৰ সমান্তৰালকৈ বীৰসকলৰ সন্মানৰ বাবেও দেশত অভূতপূৰ্ব প্ৰয়াস চলি আছে। নেচনেল ৱাৰ মেমৰিয়েল, ৰাষ্ট্ৰীয় সমৰ স্মাৰক বা নেচনেল পুলিচ মেমৰিয়েলেই হওক, এই দুয়োটা স্মাৰকে দেশৰ সৌৰ্যৰ সৰ্বোচ্চ প্ৰতীক হৈ দেশবাসীক, আমাৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আছে।
বন্ধুসকল,
কঠিন প্ৰত্যাহ্বানৰ মাজত আপোনালোকৰ ব্যৱহাৰে, আপোনালোকৰ টীমৱৰ্কে, দেশখনক প্ৰতিটো সংকটতত এই সংকল্পৰে যুঁজ দিয়াৰ শিক্ষা দিয়ে। আজি দেশ এই ভাবনাৰে কৰোণাৰ দৰে মহামাৰীৰ বিৰুদ্ধেও যুঁজ দি আছে। দেশৰ হাজাৰ হাজাৰ ডাক্তৰ, নাৰ্ছ, হেল্পাৰ আৰু ছাপৰ্ট ষ্টাফে দিনে-ৰাতিয়ে, নোৰোৱাকৈ, ভাগৰি নপৰাকৈ কাম কৰি আছে। দেশবাসীয়েও এই যুঁজখন ফ্ৰণ্টলাইন ৱাৰিয়ৰ্ছৰ দৰে যুঁজি আছে। ইমান মাহৰ পৰা আমাৰ দেশবাসীয়ে সম্পূৰ্ণ অনুশাসন পালন কৰি আছে, মাস্কৰ দৰে সাৱধানতা পালন কৰি আছে আৰু নিজৰ তথা আপোন মানুহৰ জীৱনো ৰক্ষা কৰি আছে। কিন্তু আমি এই কথাও ধাৰণা কৰো যে যদি আমি মাস্ক পিন্ধোতেই ইমান কষ্ট হয়, তেনেহ’লে আপোনালোকৰ বাবে এই সুৰক্ষা জেকেটবিলাক, নাজানো আপোনাৰ শৰীৰৰ ওপৰত কিমান বস্তু আপুনি কঢ়িয়াবলগীয়া হয়। ইমানবোৰ পিন্ধাটো কিমান কঠিন হ’ব। আপোনালোকৰ এই ত্যাগৰ ফলত দেশে অনুশাসনো শিকি আছে আৰু সেৱা ধৰ্মও পালন কৰি আছে।
বন্ধুসকল,
সীমান্তত থাকি আপোনালোকে যি ত্যাগ কৰি আছে, তপস্যা কৰিছে, সি দেশত এক বিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰে, প্ৰত্যেক হিন্দুস্তানীৰ ভিতৰলৈ এক নতুন কনফিডেঞ্চ লেবেল আনে। এই বিশ্বাস হয় যে লগ লাগি ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰি। আপোনালোকৰ পৰা পোৱা এই প্ৰেৰণাৰে দেশে মহামাৰীৰ এই কঠিন সময়ত নিজৰ প্ৰত্যেক নাগৰিকৰ জীৱন ৰক্ষা কৰাত ব্ৰতী হৈ আছে। ইমান মাহৰ পৰা দেশে নিজৰ ৮০ কোটিতকৈও অধিক নাগৰিকৰ ভোজনৰ ব্যৱস্থা কৰি আছে। কিন্তু ইয়াৰ লগে লগে দেশে, অৰ্থনৈতিক ব্যৱস্থাক আকৌ এবাৰ গতি দিবলৈও পূৰ্ণোদ্যমে প্ৰয়াস কৰি আছে। দেশবাসীৰ এই উদ্যমৰ পৰিণাম স্বৰূপেই আজি কেইবাটাও ছেক্টৰত পুনৰ ৰেকৰ্ড ৰিক’ভাৰী আৰু গ্ৰ’থ পৰিলক্ষিত হৈছে। এই বেলেগ বেলেগ প্ৰকাৰৰ সকলো যুঁজ, এই সকলো সফলতা, ইয়াৰ শ্ৰেয় সীমান্তত নিয়োজিত আমাৰ জোৱানসকলৰ প্ৰাপ্তি, আপোনালোকৰ প্ৰাপ্তি।
বন্ধুসকল,
প্ৰত্যেকবাৰ, প্ৰতিটো উৎসৱত যেতিয়াই মই আপোনালোকৰ মাজলৈ আহো, যিমান সময় আপোনালোকৰ মাজত কটাওঁ, যিমান আপোনালোকৰ সুখ-দুখত চামিল হওঁ, ৰাষ্ট্ৰৰক্ষাৰ, ৰাষ্ট্ৰসেৱাৰ মোৰ সংকল্প সিমানেই শক্তিশালী হয়। মই আপোনালোকক পুনৰ আশ্বস্ত কৰিছো যে আপোনালোকে নিশ্চিন্ত হৈ নিজৰ কৰ্তব্য পথত অগ্ৰসৰ হৈ থাকক, প্ৰত্যেক দেশবাসী আপোনালোকৰ লগত আছে। হয়, আজিৰ দিনটোত মই আপোনালোকৰ সৈতে এজন মিত্ৰ হিচাপে, এজন বন্ধু হিচাপে তিনিটা কথাৰ আহ্বান জনাম আৰু মোৰ বিশ্বাস আছে যে মোৰ এই আহ্বান আপোনালোকৰ বাবেও হয়তো সংকল্প হ’ব পাৰে। প্ৰথম-কিবা নহয় কিবা নতুন ইন’ভেচন কৰাৰ অভ্যাসক, নতুন ধৰণেৰে কৰাৰ অভ্যাস, নতুন বস্তু বিচাৰি কৰাৰ অভ্যাস, ইয়াক জীৱনৰ অংশ কৰি লওক আৰু মই দেখিছো যে এনেকৈ জীৱন অতিবাহিত কৰা আমাৰ জোৱানসকলৰ সৃষ্টিশীলতাই দেশৰ বাবে বহুত কিবা নতুন বস্তু আনিব পাৰে। আপোনালোকে অলপ মনোযোগ দিয়ক কিবা নহয় কিবা ইন’ভেট কৰাৰ। চাওক, আমাৰ সুৰক্ষা বাহিনীসমূহক, কিয়নো আপোনালোকে অনুভৱৰ আধাৰত ইন’ভেট কৰে। দৈনন্দিনতাৰ সৈতে আপোনালোকে যেনেকৈ যুঁজ দিয়ে তাৰ পৰা ওলায়, বহুত ডাঙৰ লাভ হয়। দ্বিতীয়টো মোৰ আহ্বান হৈছে, আৰু সি আপোনালোকৰ বাবে বহুত জৰুৰী, আপোনালোকে যিকোনো অৱস্থাত যোগক নিজৰ জীৱনৰ অংশ কৰি ৰাখক আৰু তৃতীয় আমাৰ সকলোৰে নিজৰ নিজৰ মাতৃভাষা, আমাৰ মাজৰ বহুতে হিন্দীও কয়, আমাৰ মাজৰ কিছুসংখ্যকে ইংৰাজীও কয়, এই সকলোৰে সৈতেতো আমাৰ স্বাভাৱিক সম্পৰ্ক থাকে। কিন্তু যেতিয়া এনেকুৱা সামূহিক জীৱন হয়, এখন মোৰ সন্মুখত ক্ষুদ্ৰ ভাৰত বহি আছে। দেশৰ প্ৰতিটো কোণৰ ন-জোৱান বহি আছে। বেলেগ বেলেগ মাতৃভাষাৰ ন-জোৱান বহি আছে, সেয়ে মই আপোনালোকক আৰু এটা আহ্বান জনাওঁ যে মাতৃভাষাতো আপোনালোকে জানেই, হিন্দী জানে, ইংৰাজী জানে, আপোনালোকে নিজৰ কোনোবা এজন বন্ধুৰ পৰা ভাৰতৰ আন যিকোনো এটা ভাষা আপোনালোকে জৰুৰ আত্মসাত কৰক। শিকক, আপুনি চাব সি আপোনাৰ এটা বহুত ডাঙৰ শক্তি হৈ পৰিব। আপুনি নিশ্চিতভাৱে দেখিব, এই কথাই আপোনাৰ মাজত এটা নতুন শক্তিৰ সঞ্চাৰ কৰিব।
বন্ধুসকল,
যেতিয়ালৈকে আপোনালোক আছে, আপোনালোকৰ এই উদ্যম আছে, আপোনালোকৰ এই ত্যাগ আৰু তপস্যা আছে, ১৩০ কোটি ভাৰতবাসীৰ আত্মবিশ্বাস কোনেও নাশ কৰিব নোৱাৰে। যেতিয়ালৈকে আপোনালোক আছে, তেতিয়ালৈকে দেশৰ দেৱালী এনেদৰেই উদ্ভাসিত হৈ থাকিব। লোংগেৱালাৰ এই পৰাক্ৰমী ভূমিৰ পৰা, বীৰতা আৰু সাহসৰ ভূমিৰ পৰা, ত্যাগ আৰু তপস্যাৰ ভূমিৰ পৰা মই আকৌ এবাৰ, আপোনালোকৰ সকলোৰে লগতে দেশবাসীকো দীপাৱলিৰ অলেখ শুভ কামনা জনাইছো। মোৰ সৈতে, সম্পূৰ্ণ শক্তিৰে দুয়োটা মুঠি ওপৰলৈ কৰি সম্পূৰ্ণ শক্তিৰে কওক, ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!
বহুত বহুত ধন্যবাদ!
***
DS/SH/AV
मैं आज आपके बीच प्रत्येक भारतवासी की शुभकामनाएं लेकर आया हूं, आपके लिए प्यार लेकर आया हूं, आशीष लेकर आया हूं।
— PMO India (@PMOIndia) November 14, 2020
मैं आज उन वीर माताओं-बहनों और बच्चों को भी दीपावली की हार्दिक शुभकामनाएं देता हूं, उनके त्याग को नमन करता हूं, जिनके अपने सरहद पर हैं: PM @narendramodi
आप भले बर्फीली पहाड़ियों पर रहें या फिर रेगिस्तान में, मेरी दीवाली तो आपके बीच आकर ही पूरी होती है।
— PMO India (@PMOIndia) November 14, 2020
आपके चेहरों की रौनक देखता हूं, आपके चेहरे की खुशिया देखता हूं, तो मुझे भी दोगुनी खुशी होती है: PM @narendramodi
हिमालय की बुलंदियां हों, रेगिस्तान का विस्तार हो, घने जंगल हों या फिर समंदर की गहराई हो, हर चुनौती पर हमेशा आपकी वीरता भारी पड़ी है: PM @narendramodi to our forces
— PMO India (@PMOIndia) November 14, 2020
आपके इसी शौर्य को नमन करते हुये आज भारत के 130 करोड़ देशवासी आपके साथ मजबूती से खड़े हैं।
— PMO India (@PMOIndia) November 14, 2020
आज हर भारतवासी को अपने सैनिकों की ताकत और शौर्य पर गर्व है।
उन्हें आपकी अजेयता पर, आपकी अपराजेयता पर गर्व है: PM @narendramodi
दुनिया की कोई भी ताकत हमारे वीर जवानों को देश की सीमा की सुरक्षा करने से रोक नहीं सकती है: PM @narendramodi
— PMO India (@PMOIndia) November 14, 2020
भले ही international cooperation कितना ही आगे क्यों न आ गया हो, समीकरण कितने ही बदल क्यों न गए हों, लेकिन हम कभी नहीं भूल सकते कि:
— PMO India (@PMOIndia) November 14, 2020
सतर्कता ही सुरक्षा की राह है,
सजगता ही सुख-चैन का संबल है।
सामर्थ्य ही विजय का विश्वास है,
सक्षमता से ही शांति का पुरस्कार है: PM @narendramodi
आज दुनिया ये जान रही है, समझ रही है कि ये देश अपने हितों से किसी भी कीमत पर रत्ती भर भी समझौता करने वाला नहीं है।
— PMO India (@PMOIndia) November 14, 2020
भारत का ये रुतबा, ये कद आपकी शक्ति और आपके पराक्रम के ही कारण है।
आपने देश को सुरक्षित किया हुआ है इसीलिए आज भारत वैश्विक मंचों पर प्रखरता से अपनी बात रखता है: PM
आज पूरा विश्व विस्तारवादी ताकतों से परेशान हैं।
— PMO India (@PMOIndia) November 14, 2020
विस्तारवाद, एक तरह से मानसिक विकृति है और अठ्ठारहवीं शताब्दी की सोच को दर्शाती है।
इस सोच के खिलाफ भी भारत प्रखर आवाज बन रहा है: PM @narendramodi
हाल ही में हमारी सेनाओं ने निर्णय लिया है कि वो 100 से ज्यादा हथियारों और साजो-सामान को विदेश से नहीं मंगवाएगी: PM @narendramodi
— PMO India (@PMOIndia) November 14, 2020
मैं सेनाओं को इस फैसले के लिए बधाई देता हूं।
— PMO India (@PMOIndia) November 14, 2020
सेना के इस फैसले से देशवासियों को भी लोकल के लिए वोकल होने की प्रेरणा मिली है: PM @narendramodi
मैं आज देश के नौजवानों से देश की सेनाओं के लिए निर्माण करने का आह्वान करता हूं।
— PMO India (@PMOIndia) November 14, 2020
हाल के दिनों में अनेक स्टार्ट्स-अप्स सेनाओं की जरूरतों को पूरा करने के लिए आगे आए हैं।
डिफेंस सेक्टर में नौजवानों के नए स्टार्ट-अप्स देश को आत्मनिर्भरता के मामले में और तेजी से आगे ले जाएंगे: PM
आज भारत की रणनीति साफ है, स्पष्ट है।
— PMO India (@PMOIndia) November 14, 2020
आज का भारत समझने और समझाने की नीति पर विश्वास करता है लेकिन अगर हमें आज़माने की कोशिश होती है तो, जवाब भी उतना ही प्रचंड मिलता है: PM @narendramodi
सीमा पर रहकर आप जो त्याग करते हैं, तपस्या करते हैं, वो देश में एक विश्वास पैदा करता है।
— PMO India (@PMOIndia) November 14, 2020
ये विश्वास होता है कि मिलकर बड़ी से बड़ी चुनौती का मुकाबला किया जा सकता है: PM @narendramodi
आपसे मिली इसी प्रेरणा से देश महामारी के इस कठिन समय में अपने हर नागरिक के जीवन की रक्षा में जुटा हुआ है।
— PMO India (@PMOIndia) November 14, 2020
इतने महीनों से देश अपने 80 करोड़ नागरिकों के भोजन की व्यवस्था कर रहा है।
लेकिन इसके साथ ही, देश, अर्थव्यवस्था को वापस गति देने का भी पूरे हौसले से प्रयास कर रहा है: PM
आज के दिन मैं आपसे तीन आग्रह और करना चाहता हूं।
— PMO India (@PMOIndia) November 14, 2020
पहला- कुछ न कुछ नया Innovate करने की आदत को अपनी रोजमर्रा की जिंदगी का हिस्सा बनाइए। आजकल कई जगहों पर हमारे जवान महत्वपूर्ण इनोवेशंस कर रहे हैं।
दूसरा- योग को अपने जीवन का हिस्सा बनाए रखिए।
तीसरा- अपनी मातृभाषा, हिंदी और अंग्रेजी के अलावा, कम से कम एक भाषा जरूर सीखिए।
— PMO India (@PMOIndia) November 14, 2020
आप देखिएगा, ये बातें आपमें एक नई ऊर्जा का संचार करेंगी: PM @narendramodi
जब मैं 2014 में दिवाली पर सियाचिन गया था, तो कुछ लोग चौंक गए थे।
— Narendra Modi (@narendramodi) November 14, 2020
दिवाली पर अपनों के बीच ही तो आऊंगा, अपनों से दूर कहां रहूंगा! आप बर्फीली पहाड़ियों पर रहें या रेगिस्तान में, मेरी दिवाली तो आपके बीच आकर ही पूरी होती है।
मैं अपने साथ आपके प्रति देश का प्रेम, स्नेह भी लाता हूं। pic.twitter.com/QCaZjE8TD5
जब भी सैन्य कुशलता के इतिहास के बारे में लिखा-पढ़ा जाएगा, तो बैटल ऑफ लोंगेवाला को जरूर याद किया जाएगा।
— Narendra Modi (@narendramodi) November 14, 2020
यहां की पोस्ट पर आपके साथियों ने शौर्य की एक ऐसी गाथा लिख दी है, जो आज भी हर भारतीय के दिल को जोश से भर देती है। pic.twitter.com/560CV1UZH2
परिस्थिति कैसी भी हो, आपका पराक्रम और शौर्य अतुलनीय है।
— Narendra Modi (@narendramodi) November 14, 2020
आपके इसी शौर्य को नमन करते हुए 130 करोड़ देशवासी आपके साथ मजबूती से खड़े हैं। उन्हें आपकी अजेयता पर, आपकी अपराजेयता पर गर्व है।
दुनिया की कोई भी ताकत हमारे वीर जवानों को देश की सीमा की सुरक्षा करने से रोक नहीं सकती है। pic.twitter.com/NgJwWPyvpc
सतर्कता ही सुरक्षा की राह है,
— Narendra Modi (@narendramodi) November 14, 2020
सजगता ही सुख-चैन का संबल है।
सामर्थ्य ही विजय का विश्वास है,
सक्षमता से ही शांति का पुरस्कार है।
भारत आज सुरक्षित है, क्योंकि भारत के पास अपनी सुरक्षा करने की शक्ति है, भारत के पास आप हैं। pic.twitter.com/KnVK3uto0I
आज पूरा विश्व विस्तारवादी ताकतों से परेशान है।
— Narendra Modi (@narendramodi) November 14, 2020
विस्तारवाद एक तरह से मानसिक विकृति है और 18वीं सदी की सोच को दर्शाता है।
इस सोच के खिलाफ भारत प्रखर आवाज बन रहा है। pic.twitter.com/k2fqGbat4U
देश की अखंडता देशवासियों की एकता पर निर्भर करती है।
— Narendra Modi (@narendramodi) November 14, 2020
सीमा की सुरक्षा सुरक्षाबलों की शक्ति के साथ जुड़ी है।
सीमा पर हमारे जांबाजों का हौसला बुलंद रहे और उनका मनोबल आसमान से भी ऊंचा रहे, इसलिए उनकी हर आवश्यकता आज देश की सर्वोच्च प्राथमिकताओं में शामिल है। pic.twitter.com/7VjUpUKSrj
सीमा पर रहकर आप जो त्याग करते हैं, तपस्या करते हैं, वह देश में एक विश्वास पैदा करता है।
— Narendra Modi (@narendramodi) November 14, 2020
यह विश्वास होता है कि बड़ी से बड़ी चुनौती का मिलकर मुकाबला किया जा सकता है।
आपसे मिली इसी प्रेरणा से देश महामारी के इस कठिन समय में अपने हर नागरिक के जीवन की रक्षा में जुटा हुआ है। pic.twitter.com/Yd3BLzWbvi
हर बार, हर त्योहार में, जब भी मैं आपके बीच आता हूं,
— Narendra Modi (@narendramodi) November 14, 2020
जितना समय आपके बीच बिताता हूं,
जितना आपके सुख-दुख में शामिल होता हूं, राष्ट्ररक्षा और राष्ट्रसेवा का मेरा संकल्प उतना ही मजबूत होता जाता है। pic.twitter.com/B5EvYGhshZ