পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি জৰ্ডানৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে মিলিত হয়। আল হুছেইনিয়া পেলেছত উপস্থিত হোৱাৰ লগে-লগে তেওঁক মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই উষ্ম আদৰণি জনায়।
দুয়োগৰাকী নেতা সীমিত আৰু প্ৰতিনিধি পৰ্য্যায়ৰ আৰ্হিত বৈঠকত মিলিত হয়। ইয়াত তেওঁলোকে পূৰ্বৰ বৈঠক আৰু বাৰ্তালাপৰ স্মৃতি ৰোমন্থনেৰে দুয়োখন দেশৰ মাজত থকা উষ্ম আৰু ঐতিহাসিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে উল্লেখ কৰে যে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ পূৰ্তিৰ সময়তে এই ভ্ৰমণে ইয়াক বিশেষ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-জৰ্ডানৰ সম্পৰ্কক সুদৃঢ় কৰাৰ দিশত মহামহিমৰ দায়বদ্ধতাৰ শলাগ লয়। মহামহিমে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনৰ প্ৰতি ব্যাপক সমৰ্থন আগবঢ়ায় আৰু সন্ত্ৰাসবাদৰ সকলো ৰূপ তথা প্ৰকাশ কাৰ্য্যক নিন্দা কৰে। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদ, উগ্ৰবাদ আৰু আতংকবাদৰ সৈতে মোকাবিলা কৰাত তথা এনে নৃশংসতাৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজখনত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত মহামহিমৰ নেতৃত্বৰ শলাগ লয়। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ; প্ৰতিৰক্ষা আৰু নিৰাপত্তা; নবীকৰণযোগ্য শক্তি; সাৰ আৰু কৃষি; উদ্ভাৱন, আইটি আৰু ডিজিটেল প্ৰযুক্তি; জটিল খনিজ পদাৰ্থ; আন্তঃগাঁথনি; স্বাস্থ্য আৰু ফাৰ্মা; শিক্ষা আৰু সামৰ্থ্য; পৰ্যটন আৰু ঐতিহ্য তথা সংস্কৃতি আৰু জনতাৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সংযোগক অধিক গভীৰ কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। ভাৰত জৰ্ডানৰ তৃতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশে অহা ৫ বছৰত দ্বিপাক্ষিক বাণিজ্য ৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। তেওঁ জৰ্ডানৰ ডিজিটেল পেমেন্ট ব্যৱস্থা আৰু ভাৰতৰ ইউনাইটেড পেমেন্টছ ইন্টাৰফেচ (UPI)-ৰ মাজতো সহযোগিতাৰ আহ্বান জনায়। জৰ্ডান হৈছে ভাৰতলৈ সাৰৰ এক গুৰুত্বপূৰ্ণ যোগানকাৰী আৰু ভাৰতত ফছফেটিক সাৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে জৰ্ডানত অধিক গুৰুত্বপূৰ্ণ বিনিয়োগৰ অৰ্থে দুয়োপক্ষৰ কোম্পানীসমূহ আলোচনাত মিলিত হৈছে।
নেতাসকলে অঞ্চলটোৰ শেহতীয়া ঘটনা-প্ৰৱাহ আৰু আন-আন বিশ্বজনীন বিষয়সমূহত অভিমত ব্যক্ত কৰে। তেওঁলোকে অঞ্চলটোত শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ গুৰুত্বৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত স্থায়ী শান্তি স্থাপনৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টালৈ ভাৰতৰ সমৰ্থনৰ কথা পুনৰ বাৰ প্ৰকাশ কৰে।
এই ভ্ৰমণ উপলক্ষে দুয়োপক্ষই সংস্কৃতি, নবীকৰণযোগ্য শক্তি, জল ব্যৱস্থাপনা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু পেট্ৰা তথা ইলোৰাৰ মাজত টুইনিং ব্যৱস্থাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি (MoU) চূড়ান্ত কৰে। এই চুক্তিসমূহে ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু বন্ধুত্বক এক নতুন গতি প্ৰদান কৰিব। আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰীলৈ সন্মানাৰ্থে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাই নৈশ ভোজৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰীয়ে মহামহিমক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাই আৰু তেওঁ এই আমন্ত্ৰণ ৰক্ষা কৰিব বুলি কয়।
***
MJPS/SR/SB
PM @narendramodi held productive discussions with His Majesty @KingAbdullahII in Amman. As the two countries mark 75 years of diplomatic ties, the leaders agreed to move forward with renewed momentum in sectors such as trade, agriculture, healthcare, infrastructure, critical… pic.twitter.com/X4DbiptBfz
— PMO India (@PMOIndia) December 15, 2025
Held productive discussions with His Majesty King Abdullah II in Amman. His personal commitment towards vibrant India-Jordan relations is noteworthy. This year, we are celebrating the 75th anniversary of our bilateral diplomatic relations. This milestone will continue to inspire… pic.twitter.com/371jjHdtTx
— Narendra Modi (@narendramodi) December 15, 2025
أجريتُ مباحثات مثمرة مع جلالة الملك عبدالله الثاني في عمّان. إن التزامه الشخصي بتعزيز العلاقات الهندية الأردنية المتميزة جدير بالثناء. نحتفل هذا العام بالذكرى الخامسة والسبعين لإقامة علاقاتنا الدبلوماسية الثنائية. سيُلهمنا هذا الإنجاز التاريخي للمضي قدمًا بطاقة متجددة في… pic.twitter.com/LJ0yDpLBfY
— Narendra Modi (@narendramodi) December 15, 2025