Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

টেলিফোনিক বাৰ্তালাপত মিলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাছিও লুলা দা চিলভাৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে বিগত মাহত কৰা ব্ৰাজিল ভ্ৰমণৰ কথা স্মৰণ কৰে, য’ত দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি, শক্তি, প্ৰতিৰক্ষা, কৃষি, স্বাস্থ্য আৰু দুয়ো দেশৰ জনসাধাৰণৰ সম্পৰ্কত সহযোগিতা শক্তিশালী কৰাৰ বাবে এক নিৰ্দ্দিষ্ট পৰিকাঠামোৰ গঠনত সহমত পোষণ কৰে।

এই আলোচনাসমূহৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ভাৰত-ব্ৰাজিল কৌশলগত অংশীদাৰিত্বক এক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক বিষয়ত মত বিনিময় কৰে।

ভৱিষ্যতলৈ দুয়োগৰাকী নেতাই সঘন সংস্পৰ্শত থকাৰ বাবেও সহমত পোষণ কৰে।

 

 

****

MJPS/ST