Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডিডি ফ্ৰী ডিছত নিজৰ ৰাজ্যৰ দূৰদৰ্শন চেনেল লাভ কৰাৰ বাবে জনসাধৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিডি ফ্ৰী ডিছত প্ৰথমবাৰৰ বাবে নিজৰ ৰাজ্যৰ দূৰদৰ্শন চেনেল লাভ কৰাৰ বাবে জনসাধৰণক অভিনন্দন জনাইছে৷

“প্ৰচাৰ ভাৰতীয়ে ডিডি ফ্ৰী ডিছৰ জৰিয়তে ১১টা ৰাজ্যিক দূৰদৰ্শন চেনেলৰ সুবিধা কঢ়িয়াই অনা বুলি জানিব পাৰি আনন্দিত হৈছো৷ ইয়াৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৫ টা চেনেল৷ ইয়ে আঞ্চলিক সংস্কৃতি শক্তিশালী কৰা আৰু জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

ডিডি ফ্ৰী ডিছত প্ৰথমবাৰৰ বাবে নিজৰ ৰাজ্যৰ দূৰদৰ্শন চেনেল লাভ কৰাৰ বাবে চত্তীশগড়, গোৱা, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু উত্তৰাখণ্ডৰ জনসাধাৰণক মই অভিনন্দন জনাইছো৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

AKT/VJ/MS