পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনায়।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মহাত্মা গান্ধীৰ প্ৰতি অনুপ্ৰাণিত হৈ ড০ ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। অসহযোগ আন্দোলনত তেওঁ তৃণমূল পৰ্যায়ৰ কাম-কাজত জড়িত হৈছিল আৰু সংবিধান সভাৰ অধ্যক্ষ হিচাপে সু-নেতৃত্ব দিছিল।
ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে আমাৰ দেশৰ সেই গঠনমুলক বছৰবোৰত তেওঁৰ নেতৃত্ব আৰু মাৰ্গদৰ্শন প্ৰকৃতাৰ্থত অতি মুল্যবান আছিল।
ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ বিশিষ্ট সেৱাৰ প্ৰতি ভাৰতৰ নতুন প্ৰজন্ম সদায় অনুপ্ৰাণিত হৈ আহিছে।”
*****
AKT/SH/DB
Remembering Dr. Rajendra Prasad on his Jayanti. pic.twitter.com/4uPv8aGAjf
— Narendra Modi (@narendramodi) December 3, 2017