Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড0 জয়ন্ত নাৰ্লিকাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী ড0 জয়ন্ত নাৰ্লিকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

 

তেওঁ এক্সৰ এটা পোষ্টত লিখিছেঃ

 

“ড0 জয়ন্ত নাৰ্লিকাৰৰ মৃত্যু বৈজ্ঞানিক সম্প্ৰদায়ৰ বাবে এক অপৰিসীম ক্ষতি। বিশেষকৈ জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত তেওঁ এগৰাকী আলোকিত ব্যক্তি আছিল। তেওঁৰ অগ্ৰণী কামসমূহ, বিশেষকৈ মূল তাত্ত্বিক পৰিকাঠামোবোৰক প্ৰতিটো প্ৰজন্মৰ গৱেষকসকলৰ বাবে অতি মূল্যৱান হ’ব। তেওঁ এগৰাকী প্ৰতিষ্ঠান নিৰ্মাতা, শিক্ষাৰ কেন্দ্ৰ আৰু যুৱ মনৰ উদ্ভাৱন কেন্দ্ৰ হিচাপে বিশেষ নিদৰ্শন সৃষ্টি কৰিছিল। তেওঁৰ লেখাসমূহে সাধাৰণ নাগৰিকৰ বাবে বিজ্ঞানক বোধগম্য কৰি তোলাত যথেষ্ট সহায় কৰি তুলিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।”

 

 

MJPS/SR/MK