Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তামিলনাডুৰ কাৰুৰত ৰাজনৈতিক সমাৱেশৰ সময়ত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কাৰুৰত ৰাজনৈতিক সমাৱেশৰ সময়ত সংঘটিত  দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি  শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে দেশে থিয় দিয়াত গুৰুত্ব আৰোপ কৰি প্ৰয়োজনীয় সমৰ্থন তথা সহায় নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰবাৰ উল্লেখ কৰে।

এক্সত দিয়া পোষ্টত শ্ৰী মোদীয়ে কয়।

“তামিলনাডুৰ কাৰুৰত ৰাজনৈতিক সমাৱেশৰ সময়ত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোত দুখজনক।মোৰ ভাবনা   প্ৰিয়জনক হেৰুৱাই পেলোৱা পৰিয়ালবোৰৰ সৈতে আছে ।এই কঠিন সময়ত তেওঁলোক শক্তিশালী হৈ থকাৰ  কামনা কৰিছো।আহত সকলোৰ ক্ষিপ্ৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।”

 

MJPS/SR/DM