পি এম ইণ্ডিয়া
দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত প্ৰধানমন্ত্রীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
মাননীয় ৰাষ্ট্ৰপতি ৰামাফোছা,
দক্ষিণ আফ্রিকাৰ পৰা অহা বিশিষ্ট অতিথিবৃন্দ,
বন্ধুসকল,
আজি সকলোৰে বাবে আনন্দৰ বিষয় যে ভাৰতৰ অন্তৰংগ বন্ধু ৰাষ্ট্ৰপতি ৰামাফোছা আমাৰ মাজত উপস্থিত হৈছে। ভাৰত তেওঁৰ বাবে নতুন নহয়, যদিও ৰাষ্ট্ৰপতি হিচাপে এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। আমাৰ দুয়োখন দেশৰ সম্পর্কৰ এক বিশেষ মুহূর্তত তেওঁ ভাৰত ভ্ৰমণলৈ আহিছে। এই বছৰ মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মবার্ষিকী। যোৱা বছৰ নেলচন মেণ্ডেলাৰ জন্ম শতবার্ষিকী আছিল৷ ইফালে, যোৱা বছৰ আমাৰ কূটনৈতিক সম্পর্কৰো হীৰক জয়ন্তী উদযাপন কৰা হৈছে। এই বিশেষ মুহূর্তত ৰাষ্ট্ৰপতি ৰামাফোছা ভাৰত ভ্ৰমণলৈ অহাৰ বাবে মই অতিশয় আনন্দিত হৈছো। তদুপৰি, ভাৰতৰ বাবে তেওঁৰ ভ্ৰমণৰ বিশেষ তাৎপর্য আছে। প্ৰকৃততে, আমি কাইলৈ আমাৰ গণৰাজ্য দিৱস উদযাপন কৰিম, য’ত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতি ৰামাফোছাই আমাক যি শ্ৰদ্ধা আৰু সন্মান জনাইছে, তাৰ বাবে আমি তেওঁক কৃতজ্ঞতা জনাইছো৷ এই বিশেষ মুহূর্তত সমগ্ৰ ভাৰতেও তেওঁৰ ওচৰত কৃতজ্ঞ।
বন্ধুসকল,
২০১৬ত দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যোৱাৰ সময়ত মোৰ সৈতে ৰামাফোছাৰ প্ৰথম সাক্ষাৎ হয়। সেই সময়ত তেওঁ দক্ষিণ আফ্রিকাৰ উপ-ৰাষ্ট্ৰপতি আছিল। আমাৰ দুয়োজনৰ প্ৰথম বৈঠকত আমি ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আৰু অনুৰাগক উপলব্ধি কৰিছিলো। যোৱা বছৰ দক্ষিণ আফ্রিকাত আয়োজিত ব্রিক্ছ সন্মিলনৰ সময়তো আমি তেওঁৰ উষ্ণ আতিথ্য লাভ কৰিছিলো। দিল্লীত এতিয়া শীতকাল। কিন্তু মোৰ বিশ্বাস শীতৰ এই সময়ত ৰাষ্ট্ৰপতি ৰামাফোছাই ভাৰতৰ আতিথ্যৰ উষ্ণতা অনুভৱ কৰিব। মই, ৰাষ্ট্ৰপতি আৰু তেওঁৰ প্ৰতিনিধিদলক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছো৷
বন্ধুসকল,
ৰাষ্ট্ৰপতিৰ সৈতে আজি মোৰ মতবিনিময়ৰ সময়ত আমাৰ দুয়োখন দেশৰ সম্পর্কৰ সকলো দিশক লৈ আমি পর্যালোচনা কৰিছো। আমাৰ বাণিজ্য আৰু বিনিয়োগৰ সম্পর্ক ক্ৰমান্বয়ে অধিক সুদৃঢ় হৈছে৷ আমাৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০ বিলিয়ন মার্কিন ডলাৰ অতিক্ৰম কৰিছে। এই বছৰৰ ‘ভাইব্ৰেণ্ট গুজৰাট’ সন্মিলনত দক্ষিণ আফ্রিকাই অংশীদাৰ দেশ হিচাপে যোগ দিছে। দক্ষিণ আফ্রিকাত বিনিয়োগ বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰপতি ৰামাফোছাই গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ ক্ষেত্ৰত ভাৰতীয় সংস্থাসমূহে সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছে। দক্ষিণ আফ্রিকাৰ দক্ষতা বিকাশ আঁচনিসমূহতো আমি অংশীদাৰ হৈছো৷ শীঘ্ৰে দক্ষি আফ্ৰিকাৰ প্রিটোৰিয়াত গান্ধী-মেণ্ডেলা দক্ষতা প্ৰতিষ্ঠান স্থাপন কৰা হ’ব। আমি দুয়োজনেই এই সম্পর্কক এক নতুন শিখৰত উপনীত কৰিবলৈ প্ৰতিশ্ৰুতবদ্ধ। এই লক্ষ্যৰে আৰু কিছু সময় পাছতে আমি দুয়োজনে উভয় দেশৰ উদ্যোগপতিসকলৰ সৈতে মিলিত হ’ম।
বন্ধুসকল,
আমি যদি বিশ্ব মানচিত্রৰ প্ৰতি চকু ফুৰাও, তেতিয়াহ’লে দেখিব যে ভাৰত মহাসাগৰৰ অতি গুৰুত্বপূর্ণ দুটি স্থানত দেশ দুখন অৱস্থিত। এই দুয়োখন গণতান্ত্রিক দেশতে বিপুল বৈচিত্র্যৰ সমাহাৰ ঘটিছে। আমি মহাত্মা গান্ধী আৰু নেলচন মেণ্ডেলাৰ মহান ঐতিহ্যৰ উত্তৰসূৰী। সেয়েহে, সমগ্ৰ বিশ্বই আমাৰ দেশ দুখনক প্রায় একে দৃষ্টিভংগীৰে চায়। ব্রিক্ছ, জি-২০, ভাৰত মহাসাগৰীয় অঞ্চল সংগঠন, ইবছাৰ দৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমাৰ পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় অতি শক্তিশালী। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ক্ষেত্রতো আমি একেলগে কাম কৰিছো। ৰাষ্ট্ৰপতি ৰামাফোছাৰ এই ভাৰত ভ্ৰমণৰ আন এটি গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল প্ৰথম “গান্ধী-মেণ্ডেলা স্বাধীনতা বক্তৃতা”ত তিনি ভাষণ প্ৰদান কৰিব। কেৱল আমিয়েই নহয়, সমগ্ৰ ভাৰতে আনকি দক্ষিণ আফ্রিকাতো মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ শুনাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছো।
বন্ধুসকল,
গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি ৰামাফোছাৰ উপস্থিতি আৰু মুখ্য অতিথি হিচাপে তেওঁৰ অংশগ্ৰহনে আমাৰ দুয়োখন দেশৰ অবিচ্ছেদ্য প্ৰতিশ্ৰুতিক আৰু অধিক সুদৃঢ় কৰিব। মই পুনৰবাৰ ৰাষ্ট্ৰপতিক উষ্ণ আদৰণি জনাইছো।
ধন্যবাদ৷
***
AKT/SH/SKS/DB
India and South Africa are shaped by the ideals of the great Mahatma Gandhi and the venerable Madiba.
— Narendra Modi (@narendramodi) January 25, 2019
Guided by their thoughts, we are committed towards ensuring peace and prosperity for the people of our nations as well as deepening cooperation in various sectors. pic.twitter.com/lo8JSk3aaf
Cooperation in areas such as agriculture, food processing, skill development, IT, gems and jewellery augurs well for the partnership between India and South Africa.
— Narendra Modi (@narendramodi) January 25, 2019
President @CyrilRamaphosa and I also talked about steps to boost people-to-people ties. pic.twitter.com/QTCRIYi4uG
Heard the insightful views of President @CyrilRamaphosa at the Gandhi-Mandela Memorial Freedom Lecture in New Delhi. pic.twitter.com/awdm0VceoI
— Narendra Modi (@narendramodi) January 25, 2019