Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম মাতামেলা চাইৰিল ৰামাফোছাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ইয়াত ২০২৩ত উদযাপন কৰা দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্ক স্থাপনৰ ত্ৰিশ বছৰীয়া জয়ন্তীৰ প্ৰেক্ষাপটকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে দুয়োগৰাকী নেতাই।

ৰাষ্ট্ৰপতি ৰামাফোছাই ২০২৩ৰ ২২-২৪ আগষ্টত দক্ষিণ আফ্ৰিকাই আয়োজন কৰা ব্ৰিকছ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায় আৰু ইয়াৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আমন্ত্ৰণ গ্ৰহণ কৰি এই সন্মিলনত অংশগ্ৰহণৰ বাবে জোহান্সবাৰ্গ ভ্ৰমণৰ কৰিবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে।

তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থৰ কেইবাটাও আঞ্চলিক আৰু বৈশ্বিক বিষয়ত মত-বিনিময় কৰে।

ৰাষ্ট্ৰপতি ৰামাফোছাই ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ অংশ হিচাপে ভাৰতৰ পদক্ষেপৰাজিলৈ সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰি কয় যে তেওঁ জি-২০ সন্মিলনত অংশগ্ৰহণৰ অৰ্থে ভাৰত ভ্ৰমণ কৰিবলৈ আগ্ৰহী হৈ উঠিছে।

দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয়।