Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দক্ষিণ আফ্ৰিকা জোহানেছবাৰ্গত হোৱা দশম ব্ৰিকছ সন্মিলনৰ পৰিকল্পনা অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

দক্ষিণ আফ্ৰিকা জোহানেছবাৰ্গত হোৱা দশম ব্ৰিকছ সন্মিলনৰ পৰিকল্পনা অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

দক্ষিণ আফ্ৰিকা জোহানেছবাৰ্গত হোৱা দশম ব্ৰিকছ সন্মিলনৰ পৰিকল্পনা অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


সন্মানীয় ৰাষ্ট্ৰপতি মহোদয় চাইৰিল ৰামাফছা,

ৰাষ্ট্ৰপতি টেমাৰ,

ৰাষ্ট্ৰপতি পুটিন,

ৰাষ্ট্ৰপতি ছি জিনপিং,

আজি পৃথিৱী বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ দুৱাৰডলিত উপস্থিত হৈছে৷ নতুন ঔদ্যোগিক প্ৰযুক্তি আৰু ডিজিটেল ইণ্টাৰফেচে যি বিশ্ব নিৰ্মাণ কৰি আছে তাতে সুবিধাও আছে, প্ৰত্যাহ্বানো আছে৷ নতুন প্ৰণালী আৰু উৎপাদনৰ দ্বাৰা আৰ্থিক প্ৰগতি নতুন পথ মুকলি হ’ব৷ বিকাশ আৰু প্ৰগতিৰ কেন্দ্ৰত সদায়েই জনতা আৰু মানৱীয় মূল্য সকলোতকৈ গুৰুত্বপূৰ্ণ৷ সেইবাবে প্ৰযুক্তিৰ জগতত চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ সেই পৰিণামসমূহৰ ওপৰতো আমি গুৰুত্বসহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন যিয়ে আমাৰ দৰে দেশৰ জনতা আৰু অৰ্থব্যৱস্থাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷

উদ্যোগ ৪.০ (চাৰি দশমিক শূন্য)ৰ এক স্বাগত যোগ্য পৰিণাম হ’ব অধিক কাষৰীয়া সম্পৰ্ক৷ যিয়ে ইয়াৰ লাভ উঠাব পাৰিব সিয়েই প্ৰগতি লাভ কৰিব৷ অনেক বঞ্চিত শ্ৰেণীয়ে প্ৰযুক্তি আৰু বিকাশৰ বিভিন্ন ব্যৱস্থাৰ কাষ চাপি আহিব পাৰিব৷ কিন্তু বৰ্ধিত অসমতা আৰু ক্ষীপ্ৰ পৰিৱৰ্তনসমূহে সমাজত আৰু মানৱীয় মূল্যত কি প্ৰভাৱ পেলাব সেয়া কোৱাটো কঠিন৷ চতুৰ্থ ঔদ্যোগিক নৱজাগৰণত পুঁজিতকৈ অধিক গুৰুত্ব প্ৰতিভাৰ হ’ব৷ উচ্চ দক্ষতা কিন্তু অস্থায়ী কৰ্ম নিয়োজনৰ নতুন ৰূপ প্ৰত্যক্ষ হ’ব৷ ঔদ্যোগিক উৎপাদন, ডিজাইন আৰু নিৰ্মাণত মৌলিক পৰিৱৰ্তন হ’ব৷ ডিজিটেল প্লেটফ’ৰ্ম, অট’মেচন আৰু ডাটা ফ্ল’ৰ দ্বাৰা ভৌগোলিক দূৰত্বৰ প্ৰাধান্য হ্ৰাস হ’ব৷ ডিজিটেল প্লেটফ’ৰ্ম, ই-বাণিজ্য আৰু মাৰ্কেটপ্লেচ যেতিয়া এনেকুৱা প্ৰযুক্তিৰ সৈতে সংবদ্ধ হ’ব তেতিয়া এক নতুন প্ৰকাৰৰ উদ্যোগ আৰু ব্যৱসায়িক নেতৃত্ব আমাৰ সন্মুখলৈ আহিব৷ তেওঁলোকে যিদৰে আৰু যিমান ক্ষীপ্ৰতাৰে যিমান সম্পত্তি, সংসাধন আৰু বিচাৰধাৰাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰে অথবা নিয়ন্ত্ৰণ হেৰুৱাব পাৰে, সেয়া মানৱ ইতিহাসত পূৰ্বতে কেতিয়াও সম্ভৱ নাছিল৷ আমি এয়া নাজানো যে ইয়াৰ পৰিণাম কি হ’ব কিন্তু এয়া স্পষ্ট যে যি হ’ব সেয়া গভীৰ আৰু গম্ভীৰ হ’ব৷ এই ক্ষেত্ৰত মই মানো যে ব্ৰিকছ পৰিকাঠামোত আমাৰ আলোচনাই আমাক চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ বাবে প্ৰস্তুত হোৱাত সহায় কৰিব৷ আমি এই কথা আলোচনা কৰিব লাগে যে অনাগত সময়ত আমি নিজকে কিদৰে প্ৰস্তুত কৰিব পাৰোঁ৷ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নিয়োজনৰ প্ৰকাৰ আৰু সুবিধাৰ প্ৰতিও উত্থাপিত হ’ব৷ য’ত আমি দেখা পাঁও, পৰম্পৰাগত নিৰ্মাণ আমাৰ যুৱ প্ৰজন্মৰ বাবে নিয়োজনৰ এক মুখ্য কাৰক হিচাপে বিবেচিত হ’ব পাৰে৷ দ্বিতীয়তে আমাৰ কৰ্মীসকলৰ বাবে এয়া অত্যন্ত আৱশ্যক যে তেওঁলোকে নিজৰ দক্ষতালৈ পৰিৱৰ্তন আনক৷ সেইবাবে শিক্ষা আৰু কৌশল বিকাশৰ বাবে আমাৰ দৃষ্টিভংগী আৰু নীতিত ক্ষীপ্ৰ পৰিৱৰ্তন অনাটো প্ৰয়োজন হ’ব৷ বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ এনেদৰে প্ৰস্তুত কৰিব লাগিব যে যাৰ দ্বাৰা আমাৰ যুৱপ্ৰজন্মৰ ভৱিষ্যত নিৰ্মাণ হয়৷ আমি অতিশয় সজাগ হৈ থাকিব লাগিব যে অনাগত সময়ত ক্ষীপ্ৰ পৰিৱৰ্তনে যাতে সেই পাঠ্যক্ৰমৰ স্থান স্পৰ্শ কৰিব পাৰে৷ ভাৰতত এই উদ্দেশ্যে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযানৰ আৰম্ভ কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হ’ল আমাৰ যুৱসমাজক প্ৰাসংগিক প্ৰযুক্তি আৰু কাৰিকৰী দক্ষতা প্ৰদান কৰা৷ আমাৰ চৰকাৰে মহিলা, পুৰুষ আৰু সমাজৰ সকলো শ্ৰেণীলৈ সমান ৰূপত ব্যয়সাধ্য আৰু গুণগত প্ৰযুক্তি, কাৰিকৰী তথা উচ্চ শিক্ষা যাতে প্ৰদান কৰা হয় সেয়া সুনিশ্চিত কৰাত গুৰুত্ব প্ৰদান কৰিছে৷

মহোদয়সকল,

নতুন সুবিধাৰ উচিত উপযোগিতা নিয়োজন প্ৰাৰ্থীসকলক নিয়োজন প্ৰদানকৰ্তাই প্ৰদান কৰিব পাৰে৷ দ্বিতীয়তে নিবনুৱা লোকসকলৰ বাবে সামাজিক সুৰক্ষাৰ শক্তিশালী ব্যৱস্থা অনিবাৰ্য হ’ব৷ সামাজিক সুৰক্ষা লাভৰ প’ৰ্টেবিলিটীৰ দ্বাৰা ডিজিটেল যুগত দক্ষতা কৰ্মীসকলৰ ম’বিলিটী সুনিশ্চিত কৰা হ’ব৷

মহোদয়সকল,

উন্নত সেৱা প্ৰদান, উৎপাদন পৰ্যায় বৃদ্ধি কৰা আৰু শ্ৰমিক সমস্যাৰ উন্নত ব্যৱস্থাপনাৰ বাবে প্ৰযুক্তিগত উদ্ভাৱনে সহায় কৰিব পাৰে৷ ভাৰতত আমাৰ অনুভৱ এই সন্দৰ্ভত অধিক ধনাত্মক হৈছে৷ শ্ৰম আইনৰ পালন, সামাজিক সুৰক্ষা, স্বাস্থ্য বীমা আৰু অনেক চৰকাৰী যোজনাৰ লাভ প্ৰত্যক্ষভাৱে প্ৰদান, প্ৰযুক্তিৰ দ্বাৰা উন্নত প্ৰদানৰ উদাহৰণ হিচাপে বিবেচিত হৈছে৷ আজিৰ সময়ত প্ৰযুক্তি সবাতোকৈ বিঘিনি হিচাপে পৰিচিত হৈছে৷ উদ্যোগ ৪.০ (চাৰি দশমিক শূন্য)ৰ পৰিণাম কল্পনা কৰাও কঠিন৷ এই ধৰণৰ বিঘিনিৰ দ্বাৰা বিশ্বজনীন আৰু পৰিব্ৰজনক উন্নত সমন্বয় আৰু সহযোগিতাৰ সৈতে পৰিচালনা কৰিব লাগিব৷ বিশেষকৈ অসংগঠিত খণ্ডত দক্ষ, অৰ্ধ-দক্ষ আৰু দক্ষতাবিহীন, সকলো কৰ্মীক সামাজিক সুৰক্ষা উপলব্ধ কৰোৱাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব৷ চাইবাৰ সুৰক্ষাৰ প্ৰত্যাহ্বানৰ দ্বাৰা আৰু সেইসমূহক মোকাবিলা কৰিবলৈ একগোট হৈ কাম কৰাৰ গুৰুত্ব সম্পৰ্কে আমি সকলোৱে অৱগত৷ উদ্যোগ ৪.০ (চাৰি দশমিক শূন্য)য়ে এই প্ৰত্যাহ্বান আৰু প্ৰয়োজনীয়তা আৰু অধিক বৃদ্ধি কৰিব৷ ভাৰতে চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ বিষয়ত ব্ৰিকছ দেশৰ সৈতে লগ হৈ কাম কৰিব বিচাৰে৷ এই সম্বন্ধত আমি একগোট হৈ উন্নত অভ্যাস আৰু নিয়মাৱলী প্ৰণয়ন কৰিব লাগে৷ আজিকালি হৈ থকা আৰু ভৱিষ্যতত হ’বলগীয়া প্ৰযুক্তিৰ পৰিৱৰ্তন ব্ৰিকছ দেশ আৰু সমগ্ৰী বিশ্বৰ বাবে এই গুৰুত্বক ধ্যান দি মই এই প্ৰস্তাৱ দিবলৈ বিচাৰিম যে আমাৰ মন্ত্ৰীসকলে এই বিষয়ত আৰু অধিক বিস্তাৰিত ৰূপত চিন্তা-চৰ্চা কৰক৷ আৰু আৱশ্যক অনুসাৰে বিশেষজ্ঞৰ মতামতো গ্ৰহণ কৰক৷

আপোনালোক সকলোকে ধন্যবাদ৷

***

AKT/SH/SK/MANN