Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দন্ত চিকিৎসকৰ সংশোধন বিল, ২০১৭ লৈ কেবিনেটৰ অনুমোদন 


প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত দন্ত চিকিৎসকৰ সংশোধন বিল, ২০১৭ ক সংস্কাৰ তথা ১৯৪৮ চনৰ দন্ত চিকিৎসকৰ আইন অনুসৰি সাল-সলনি কৰিবৰ বাবে অনুমোদন জনোৱা হয়। এই সংশোধনৰ ফলত নিবনুৱা দন্ত চিকিৎসকৰ সংখ্যা  হ্ৰাস পাব বুলি আশা কৰা হৈছে।

১৯৪৮ চনৰ দন্ত চিকিৎসকৰ আইন অনুসৰি সাল-সলনি ঘটাবলগীয়া কথাবোৰ হ’লঃ

 ১৯৪৮ চনৰ দন্ত চিকিৎসকৰ আইনৰ ৩য় ধাৰাৰ(চ) দফা অনুসৰি ভাৰতীয় দন্ত চিকিৎসক পৰিষদৰ সদস্যভৰ্ত্তি আৰু

উক্ত আইনৰ ২১ নং ধাৰাৰ(খ) দফা আৰু ২৩ নং ধাৰাৰ(খ) দফা অনুসৰি ৰাজ্যিক আৰু সংযুক্ত ৰাজ্যিক দন্ত চিকিৎসক পৰিষদৰ সদস্যভৰ্ত্তি।

পটভূমিঃ

  1. ইতিমধ্যে থকা আইন অনুসৰি ভাৰতীয় দন্ত চিকিৎসক পৰিষদৰ সদস্য হোৱা প্ৰয়োজন।অৱশ্যে ইয়াৰ প্ৰয়োজনীয়তা দিনে দিনে হ্ৰাস পাই আহিছে।নিবনুৱা দন্ত চিকিৎসকৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থা নোহোৱা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

*****

AKT/VBA/SH/PRK