Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিল্লীত ৰাজ্যিক অতিথিশালা নিৰ্মাণৰ উদ্দেশ্যে মধ্যপ্ৰদেশ চৰকাৰক ভূমি আৱণ্টনত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নতুন দিল্লীৰ যীশু আৰু মেৰী মাৰ্গৰ টি-জংচনৰ পৰা চানক্যপুৰী ড০ ৰাধাকৃষ্ণণ মাৰ্গৰ দাগ নং. ২৯-চি আৰু ২৯-ডিত ১.৪৭৮ একৰ অৰ্থাৎ ৫৮৮২.৯৬ বৰ্গমিটাৰ ভূমি নিন্মেলিখিত দৰত মধ্যপ্ৰদেশ চৰকাৰক ৰাজ্যিক অতিথিশালা নিৰ্মাণৰ বাবে প্ৰদানত অনুমোদন জনায়:-

(i) আৱন্টিত ভূমিত ৰাজ্যিক অতিথিশালা নির্মাণৰ কাম সম্পূর্ণ হ’লে ২নং গোপীনাথ বৰদলৈ মার্গত অৱস্থিত ০.৮৯ একৰ ভূমি মধ্যপ্রদেশ চৰকাৰে কেন্দ্রীয় গৃহ আৰু নগৰীয়া দাৰিদ্র্য দূৰীকৰণ মন্ত্রালয়ক হস্তান্তৰ কৰিব লাগিব।

(ii) মধ্যপ্ৰদেশ চৰকাৰে চলিত মুল্যত ০.৫৯ একৰ ভূমি কেন্দ্ৰীয় চৰকাৰক দিব লাগিব।

মন্ত্রিসভাৰ বৈঠকত ভূমি হস্তান্তৰ সম্পর্কীয় সিদ্ধান্ত গ্রহণৰ ফলত বিভিন্ন সুযোগ-সুবিধা সম্বলিত এটি আধুনিক অতিথিশালা গঢ়ি তুলিব পাৰিব ৰাজ্য চৰকাৰে। সেই অতিথিশালা নির্মাণৰ বাবে অন্য কোনো কামত এই ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব।

*****

AKT/VBA/SH /DB