Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিল্লীৰ বেআইনী কলনিসমূহত বসবাস কৰা ৪০ লাখ লোকক মর্টগেজ বা হস্তান্তৰ অথবা বসবাসৰ স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱত কেবিনেট অনুমোদন


কেন্দ্রীয় কেবিনেটৰ আজি অনুষ্ঠিত বৈঠকত দিল্লীৰ বেআইনী কলনিসমূহক বসবাস কৰা ৪০ লাখ লোকক মর্টগেজ বা হস্তান্তৰ অথবা বসবাসৰ স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে৷ কেবিনেটৰ এই প্ৰস্তাৱ কার্যকৰী কৰাৰ বাবে সংসদৰ পৰৱৰ্তী অধিৱেশনত এই বিধেয়কখন উত্থাপন কৰা হ’ব৷

দিল্লীৰ বেআইনী কলনিসমূহত বসবাস কৰা লোকসকলৰ ক্ষেত্ৰত পৰিবলগীয়া প্ৰভাৱ আৰু সুবিধাসমূহঃ

• কেবিনেটৰ আজিৰ এই সিদ্ধান্তৰ ফলত দিল্লীৰ বেআইনী কলনিসমূহত বসবাস কৰা ৪০ লাখ লোক উপকৃত হ’ব৷ দিল্লীৰ প্রায় ১৭৫ বর্গ কিলোমিটাৰ এলেকাত এই ধৰণৰ কলনি আছে৷ এই সিদ্ধান্তই এনে অঞ্চলসমূহৰ উন্নয়ন বা পুনৰুত্থানত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ ইয়াৰ ফলত কলনিসমূহৰ বাস্তৱ পৰিৱেশৰ সলনি হৈ এক পৰিস্কাৰ-পৰিচ্ছন্ন, নিৰাপদ আৰু স্বাস্থ্যসন্মত বাসপযোগী এলেকাত পৰিণত হ’ব৷

• বেআইনি কলনিসমূহৰ বাসিন্দাসকলৰ মৌলিক আন্তঃগাঁথনি তথা বুনিয়াদী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে যিবোৰ বৃহৎ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, সেইবোৰ দূৰ কৰা সম্ভৱ হ’ব৷.

• এই বিধেয়কখন কার্যকৰী হ’লে, সম্পত্তিৰ নথিপত্রৰ স্বীকৃতি লাভৰ ফলত এই ধৰণৰ কলনিসমূহৰ সম্পত্তিৰ মালিকসলে বৈধ সম্পত্তি লেনদেনৰ অধিকাৰ লাভ কৰিব৷ সম্পত্তিৰ আইনী স্বীকৃত লাভ কৰাৰ ফলত সম্পত্তিৰ মালিকসকলে এফালে যেনেকৈ উপযুক্ত বাসস্থান নির্মাণত ব্যয় কৰিব পাৰিব আনফালে, তেনেকৈ কলনিসমূহত বসবাসৰ উপযোগী পৰিৱেশো গঢ় লৈ উঠিব৷

• কেবিনেটৰ এই সিদ্ধান্ত দিল্লীৰ চিনাক্তকৰণ কৰা ১,৭৯৭টা বেআইনি কলনিত বসবাস কৰা লোকসকলৰ ক্ষেত্রত প্ৰযোজ্য হ’ব। এই ধৰণৰ কলনিত নিম্ন আয়ৰ লোকসকল বসবাস কৰে৷ অৱশ্যে, দিল্লী উন্নয়ন প্ৰাধিকৰণে পৃথকে সৈনিক ফাৰ্ম, মহেন্দ্ৰ এনক্লেভ আৰু অনন্ত ৰাম দুগ্ধপামকে ধৰি যি ৬৯টা কলনিক চিহ্নিত কৰিছে, কেবিনেটৰ আজিৰ সিদ্ধান্ত সেইবোৰৰ ক্ষেত্রত প্ৰযোজ্য নহয়৷

• বাসস্থানৰ অধিকাৰ সংক্রান্তত কেবিনেটৰ এই সিদ্ধান্তৰ ফলত কার্পেট এলেকাৰ ভিত্তিত ভূমিৰ মূল্য স্থিৰ কৰা হ’ব৷.

• কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা আন এক সিদ্ধান্ত অনুসৰি বেআইনি কলনিৰ বাসিন্দাসকলৰ সুবিধার্থে ভূমিৰ জেনেৰেল পাৱাৰ অৱ এটর্নি, উইল, ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় স্বীকৃতিৰ বাবে এখন বিধেয়ক সংসদৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন কৰা হ’ব।

• এই বিধেয়কত ভূমি হস্তান্তৰৰ ক্ষেত্রত পঞ্জীয়ন মাচুল আৰু ষ্টাম্প ডিউটি সংগ্ৰহৰ ব্যৱস্থা আছে৷

• দিল্লী উন্নয়ন প্ৰাধিকৰণে সম্পত্তি পঞ্জীয়ন ইছ্যু কৰাৰ বাবে এক সহজ প্ৰক্রিয়া প্ৰণয়ন কৰিব৷

• বেআইনি কলনিসমূহৰ সীমা নির্ধাৰণৰ দায়িত্ব দিল্লী উন্নয়ন প্ৰাধীকৰণৰ হাতত আছে৷

• আনকি, কলনিৰ বাসিন্দাসকলৰ সুবিধার্থে কোনো জৰিমণা বা অতিৰিক্ত উন্নয়নমূলক মাচুল ধার্য কৰা হোৱা নাই৷.

*****

VRRK/SC/SH/DB