Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিল্লী মেট্ৰ’ৰ পৰ্যায়-৪ প্ৰকল্পত কেবিনেটৰ অনুমোদন প্ৰদান


 

মুঠ ৬১.৬৭ কিলোমিটাৰৰ ৩টা কৰিডৰৰ ১৭টা আণ্ডাৰগ্ৰাউণ্ড আৰু ২৯টা এলিভেটেড ষ্টেচন

এৰচিটীৰ পৰা তোগলকবাদলৈ ১৫টা ষ্টেচন

আৰ কে আশ্ৰমৰ পৰা জনকপুৰী পশ্চিমলৈ ২৫টা ষ্টেচন

মৌজপুৰ আৰু মুকুন্দপুৰৰ মাজত ৬টা ষ্টেচন

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ৩ টা অগ্ৰাধিকাৰযুক্ত কৰিডৰৰ সৈতে দিল্লী মেট্ৰৰ পৰ্যায়৪ প্ৰকল্পত অনুমোদন প্ৰদান কৰিছে৷ এই ৩টা কৰিডৰৰ মুঠ দৈৰ্ঘ হব ৬১.৬৭৯ কিলোমিটাৰ৷ ৬১.৬৭৯ কিলোমিটাৰৰ ২২.৩৫৯ কিলোমিটাৰ হব আণ্ডাৰগ্ৰাউণ্ড আৰু ৩৯.৩২০ কিলোমিটাৰ হব এলিভেটেড৷ এই কৰিডৰত থাকিব ৪৬টা ষ্টেচন থাকিব যত ১৭টা ষ্টেচন হব আণ্ডাৰগ্ৰাউণ্ড আৰু বাকী ২৯টা এলিভেটেড ষ্টেচন হিচাপে নিৰ্মাণ কৰা হব৷

এই তিনিটা মেট্ৰকৰিডৰৰ মুঠ ব্যয় হভ ২৪,৯৪৮.৬৫ কোটি টকা৷ এই প্ৰকল্প দিল্লী মেট্ৰৰেল কৰ্পৰেচন লিমিটেডে সম্পূৰ্ণ কৰিব৷

উল্লেখযোগ্য সংযোগসমূহঃ

. এৰচিটীৰ পৰা তোগলকবাদ১৫টা ষ্টেচন (এৰচিটী, মহীপালপুৰ, বসন্তকুঞ্জ অংশডি, মাছুদপুৰ, কিসানগঞ্জ, মেহৰাউলি, লাডু চৰাই, ছাকেট, ছাকেট জি ব্ল, আম্বেদকাৰ নগৰ, খানপুৰ, তিগ্ৰী, আনন্দময়ী মাৰ্গ জংচন, তোগলকবাদ ৰেলৱে কলনী, তোগলকবাদ)

. আৰ কে আশ্ৰমৰ পৰা জনকপুৰ পশ্চিম২৫টা ষ্টেচন (আৰ কে আশ্ৰম, মতিয়াখান, ছাদৰ বজাৰ, পুলবানগছ, ঘণ্টাঘৰ/চব্জিমণ্ডী, ৰাজপুৰা, দেৰাৱাল নগৰ, অশোক বিহাৰ, আজাদপুৰ, মুকুন্দপুৰ, ভালশ্বা, মুকাৰবা চ, বাদলিম, উত্তৰ পিতামপুৰা, প্ৰশান্ত বিহাৰ, মধুবন চ, দীপালী চ, পুষ্পাঞ্জলি এনক্লেভ, পশ্চিম এনক্লেভ, মংগলপুৰি, পীৰাগাড়ী চ, পশ্চিম বিহাৰ, মীৰাবাগ, কেশুপুৰস কিসান পাৰ্ক এক্সটেনচন, জনকপুৰি পশ্চিম)

. মৌজপুৰমুকুন্দপুৰ৬টা ষ্টেচন (যমুনা বিহাৰ, ভজনপুৰা, খাজুৰিখাছ, সুৰঘাট, জগতপুৰ গাঁও, বুৰাৰি)

 

প্ৰভাৱঃ

এই পৰ্যায়৪ প্ৰকল্পৰ কৰিডৰসমূহে মেট্ৰনেটৱৰ্কৰ বিস্তৃতি বৃদ্ধি কৰিব আৰু ৰাষ্ট্ৰ ৰাজধানীৰ সৈতে যোগাযোগৰ সুবিধা বৃদ্ধি কৰিব৷ এই কৰিডৰ কেইটা সম্পূৰ্ণ হোৱাৰ পিছত মেট্ৰযাত্ৰীসকলে অধিক ইণ্টাৰচেঞ্জ ষ্টেচন লাভ কৰিব৷ ৬১.৬৭৯ কিলোমিটাৰ নেটৱৰ্কৰ সংযোজনৰ দ্বাৰা পথসমূহত ভীৰ কম হোৱাৰ লগতে প্ৰদূষণৰ মাত্ৰাও হ্ৰাস হব৷ তোগলকপুৰএৰচিটী কৰিডৰৰ দ্বাৰা বিমানবন্দৰৰ যোগাযোগ উন্নত হব৷ এই কৰিডৰসমূহ সম্পূৰ্ণ হোৱাৰ পিছত দিল্লী মেট্ৰৰ মুঠ নেটৱৰ্ক দৈৰ্ঘ ৪০০ কিলোমিটাৰ অতিক্ৰম কৰিব৷ 

*****

AKT/SH/MANN