প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ‘ কনফাৰেন্সৰ জৰিয়তে দিল্লী মেট্ৰ‘ৰ মেজেণ্টা লাইনত ভাৰতৰ প্ৰথমখন চালকবিহীন ট্ৰেইন পৰিচালন ব্যৱস্থা উদ্বোধন কৰে। আজি দিল্লী মেট্ৰ‘ৰ এয়াৰপ‘ৰ্ট এক্সপ্ৰেছ লাইনত ৰাষ্ট্ৰীয় কমন ম’বিলিটি কাৰ্ডৰ সুবিধা আৰম্ভ কৰা হয়, যিটো যোৱা বছৰ আহমেদাবাদত আৰম্ভ কৰা হৈছিল। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ পুৰী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰী অৰবিন্দ কেজৰিৱাল উপস্থিত আছিল।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীয়ে আজিৰ এই আয়োজন নগৰ উন্নয়নৰ ক্ষেত্রত সময়ৰ সৈতে খোজ মিলাই চলাৰ এক প্ৰচেষ্টা বুলি অভিহিত কৰে।তেওঁ কয়, ভবিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে দেশক প্রস্তুত কৰাটো প্রশাসনৰ এক অত্যন্ত গুৰুত্বপূর্ণ দায়িত্ব। কেইবা দশক পূৰ্বে যেতিয়া নগৰায়নৰ চাহিদা অনুভূত হৈছিল তেতিয়া এই বিষয়ত বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল বুলি তেওঁ ক্ষোভ প্রকাশ কৰে। সেই সময়ৰ কামসমূহত আন্তৰিকতা নাছিল আৰু বিভ্রান্তিকৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল। প্রধানমন্ত্রীয়ে কয়, আধুনিক চিন্তা-ভাৱনাত নগৰায়নক প্ৰত্যাহ্বান হিচাপে চোৱা নহয়, বৰং দেশৰ উন্নত আন্তঃগাঁথনি গঢ়ি তোলাৰ এক সুযোগ হিচাপে এইসমূহক কামত লগোৱা হয়। ইয়াৰ জৰিয়তে আমাৰ জীৱনযাত্রা সহজতৰ কৰি তুলিব পাৰি। তেওঁ কয় যে চিন্তাৰ এই পাৰ্থক্য এতিয়া নগৰায়নৰ প্ৰতিটো ক্ষেত্ৰতে দেখা গৈছে। তেওঁ লগতে কয় যে ২০১৪ চনত মাত্ৰ ৫ খন চহৰত মেট্ৰ‘ ৰে‘ল আছিল আৰু আজি ১৮ খন চহৰত মেট্ৰ‘ ৰে‘ল উপলব্ধ। ২০২৫ চনৰ ভিতৰত আমি ইয়াক ২৫ৰো অধিক চহৰলৈ সম্প্ৰসাৰিত কৰিব পাৰিম। ২০১৪ চনত দেশত কেৱল ২৪৮ কিলোমিটাৰ মেট্ৰ‘ লাইন কাৰ্যক্ষম আছিল আৰু আজি ই প্ৰায় তিনিগুণ, ৭০০ কিলোমিটাৰতকৈ অধিক। ২০২৫ চনৰ ভিতৰত আমি ইয়াক ১৭০০ কিমিলৈ সম্প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰি আছোঁ। তেওঁ কয়, এইবোৰ কেৱল অংক নহয়, ইয়াৰ জৰিয়তে কোটি কোটি ভাৰতীয়ৰ সহজ জীৱন যাত্ৰাৰ প্ৰমাণ পোৱা যায়। এইবোৰ কেৱল ইটা আৰু শিল, কংক্ৰিট আৰু লোৰে নিৰ্মিত আন্তঃগাঁথনি নহয়, এইবোৰ দেশৰ মধ্যবিত্ত শ্ৰেণীসহ সমগ্ৰ দেশৰ নাগৰিকৰ আকাংক্ষা পূৰণৰ উদাহৰণ।
প্রধানমন্ত্রীয়ে কয়, চৰকাৰে প্রথমবাৰৰ বাবে মেট্ৰ‘ নীতি প্ৰস্তুত কৰিছে আৰু ইয়াক সকলোধৰণৰ বিষয় বিবেচনা কৰি বাস্তৱায়িত কৰা হৈছে। স্থানীয় চাহিদা, আঞ্চলিক মানদণ্ড ৰক্ষা কৰা, মেক ইন ইণ্ডিয়া কর্মসূচীৰ প্রসাৰ আৰু আধুনিক প্রযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি কাম কৰা হৈছে। তেওঁ কয় যে মেট্ৰ‘ৰ সম্প্ৰসাৰণ, পৰিবহনৰ আধুনিক প্ৰকাৰবোৰ চহৰৰ লোকসকলৰ প্ৰয়োজনীয়তা আৰু ইয়াত থকা বৃত্তিগত জীৱনশৈলী অনুসৰি ব্যৱহাৰ কৰিব লাগে। এই বাবেই বিভিন্ন চহৰত বিভিন্ন প্ৰকাৰৰ মেট্ৰ‘ ৰে‘ল নিৰ্মাণৰ কাম কৰা হৈছে।
প্রধানমন্ত্রীয়ে অনুষ্ঠানত বিভিন্ন ধৰণৰ মেট্ৰ‘ ৰেলৰ কামৰ তালিকা দাঙি ধৰে। তেওঁ কয়, দিল্লী আৰু মীৰাটৰ মাজত আঞ্চলিক ৰেপিড ট্ৰেনজিট ছিষ্টেম (আৰআৰটিএছ)ৰ জৰিয়তে দিল্লী আৰু মীৰাটৰ মাজৰ দূৰত্ব ১ ঘন্টাতকৈ কম হব। তেওঁ কয় যে যিবোৰ চহৰত যাত্ৰীৰ সংখ্যা কম তাত মেট্ৰ‘লাইট সেৱাৰ ব্যৱস্থা কৰা হৈছে। মেট্ৰ‘লাইট নির্মাণত সাধাৰণ মেট্ৰ‘ৰ ৪০ শতাংশ অর্থ ব্যয় হয়। শ্রী মোদীয়ে আৰু কয়, যিসমূহ চহৰত কম মেট্ৰ‘ চলাচল কৰিব, তাত মেট্ৰ‘নিঅ‘ নির্মাণ কৰা হৈছে – যি নির্মাণত সাধাৰণ মেট্র‘ৰ মাত্র ২৫ শতাংশ অর্থ ব্যয় হয়। একেদৰে, ৱাটাৰ মেট্র‘ক লৈও চিন্তা-চৰ্চা চলিছে। যিসমূহ চহৰত ডাঙৰ ডাঙৰ জলাশয় আছে, তাত ৱাটাৰ মেট্র‘ গঢ়াৰ কাম কৰি থকা হৈছে। ইয়াৰ ফলত, দ্বীপত বাস কৰা লোকসকলৰ সৈতে যোগাযোগ ব্যৱস্থা আৰু ভালদৰে গঢ়ি উঠিব।
প্রধানমন্ত্রীয়ে কয়, মেট্ৰ‘ সেৱা আজি কেৱল ৰাজহুৱা পৰিবহনৰ মাধ্যম নহয়,ই প্ৰদূষণ হ্ৰাস কৰাৰো এক মহান উপায়। মেট্ৰ‘ সেৱাৰ বাবে হাজাৰ হাজাৰ বাহনৰ পথত চলাচল বন্ধ হোৱাত প্ৰদূষণ আৰু যান-জঁট দুয়োটাই হ্ৰাস পাইছে।
প্রধানমন্ত্রীয়ে কয়, মেট্ৰ‘ সেৱা সম্প্রসাৰণৰ বাবে মেক ইন ইণ্ডিয়া অভিযান গুৰুত্বপূর্ণ। ব্যয় হ্রাস, বিদেশী মুদ্রা সঞ্চয় আৰু দেশৰ জনসাধাৰণৰ কর্মসংস্থাপনৰ সুযোগ মেক ইন ইণ্ডিয়াৰ জৰিয়তে নিশ্চিত হয়। বিভিন্ন প্রকল্পৰ মান নির্ধাৰণৰ ফলত বর্তমান মেট্ৰ‘ ৰেলৰ দবাৰ দাম ১২ কোটিৰ পৰা হ্ৰাস পাই ৮ কোটি হৈছে। আজি দেশত চাৰিটা ডাঙৰ ডাঙৰ কোম্পানীয়ে মেট্ৰ‘ দবা নির্মাণ কৰিছে আৰু বহু কোম্পানীয়ে মেট্ৰ‘ৰ যন্ত্রাংশ নিৰ্মাণ কৰিছে। ইয়ে মেক ইন ইণ্ডিয়াৰ লগতে স্ব–নিৰ্ভৰশীল ভাৰতৰ বাবে অভিযানত সহায় কৰি আছে।
প্রধানমন্ত্রীয়ে কয়, চালক বিহীন মেট্ৰ‘ ৰেলৰ সফলতা প্ৰাপ্তিৰে বিশ্বৰ নিৰ্বাচিত দেশ য‘ত এনে সুবিধা উপলব্ধ সেইসমূহৰ সৈতে ভাৰতো এই তালিকাত সংযুক্ত হ’ল। তেওঁ কয়, ট্রেইনত ব্রেক ব্যৱস্থা প্রয়োগৰ সময়ত উৎপাদিত ৫০ শতাংশ শক্তি গ্রীডলৈ উভতি যায়। আজি মেট্ৰ‘ ৰে‘লত ১৩০ মেগাৱাট সৌৰ শক্তি ব্যৱহাৰ কৰা হৈছে, যাক ৬০০ মেগাৱাটলৈ বৃদ্ধি কৰা হ‘ব।
কমন ম‘বিলিটি কাৰ্ডৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একে মানদণ্ড আৰু সুবিধা প্ৰদান কৰাটো আধুনিকীকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় পৰ্য্যায়ত কমন ম‘বিলিটি কাৰ্ড হৈছে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই এখন কাৰ্ড ব্যৱহাৰ কৰি যাত্ৰীসকলে যিকোনো স্থানত ৰাজহুৱা পৰিবহনত যাতায়াত কৰিব পাৰিব।
কমন ম‘বিলিটি কার্ডৰ বিষয়টি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, সকলোক্ষেত্রতে এই সুযোগ গঢ়ি তোলাৰ বাবে কাম কৰি থকা হৈছে। প্ৰণালীৰ এনে একত্ৰিকৰণৰ জৰিয়তে দেশৰ শক্তি অধিক সমন্বিত আৰু দক্ষ ধৰণে ব্যৱহাৰ কৰা হৈছে। তেওঁ কয়, “এক ৰাষ্ট্ৰ, এক ম‘বিলিটি কার্ডৰ দৰে আমাৰ চৰকাৰে দেশৰ প্ৰণালীসমূহ একত্ৰীকৰণৰ বাবে বিগত বছৰসমূহত নানান উদ্যোগ গ্রহণ কৰিছে।”
এক ৰাষ্ট্ৰ, এক ফাষ্টেগৰ জৰিয়তে সমগ্ৰ দেশজুৰি পথত বাধাহীনভাৱে ভ্ৰমণ সম্ভৱ হৈছে। ইয়াৰ ফলত যাত্রীসকলে যান-জঁট আৰু পলম নোহোৱাকৈয়ে এটা স্থানৰ পৰা আন এক স্থানলৈ যাব পাৰে। ‘এক দেশ এক কৰ ব্যৱস্থা’ অর্থাৎ জি এছ টি–য়ে কৰ প্ৰণালীৰ জটিলতাবোৰ সমাপ্ত কৰিছে আৰু পৰোক্ষ কৰ প্ৰণালীত সমতা আনিছে। এক দেশ, এক পাৱাৰ গ্ৰীডে দেশৰ প্ৰতিটো অংশত পৰ্যাপ্ত আৰু নিৰন্তৰ বিদ্যুৎ উপলব্ধতা নিশ্চিত কৰি আছে। ইয়াৰ ফলত বিদ্যুতৰ অপচয় হ্রাস পাইছে।
‘এক দেশ, এক গেছ গ্রীডৰ জৰিয়তে গেছ সেৱাৰ নিৰৱচ্ছিন্ন সৰবৰাহ নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত আগেয়ে য‘ত গেছ ভিত্তিক জীৱন আৰু অর্থনীতি এক সপোন আছিল সেয়া আজি বাস্তৱায়িত হৈছে। এক দেশ, এক স্বাস্থ্য বীমা আঁচনি অৰ্থাৎ আয়ুষ্মাণ ভাৰত যাৰ জৰিয়তে ভাৰতৰ লাখ লাখ লোকে দেশৰ যিকোনো স্থানত সুবিধা গ্ৰহণ কৰি আছে। এক স্থানৰ পৰা আন স্থানলৈ যোৱা নাগৰিকসকলে এক দেশ, এক ৰেচন কাৰ্ডৰ জৰিয়তে নতুন ৰেচন কাৰ্ড তৈয়াৰ কৰাৰ সমস্যাৰ পৰা স্বাধীনতা লাভ কৰিছে, একেদৰে, নতুন কৃষি সংস্কাৰ আৰু ই–নামৰ দৰে ব্যৱস্থাৰ বাবে দেশখন এক দেশ, এক কৃষি বজাৰৰ দিশত গতি কৰি আছে।
**********
DS/AK/KG
Next-generation infrastructure for Delhi. Watch. https://t.co/LK789BkE3x
— Narendra Modi (@narendramodi) December 28, 2020
कुछ दशक पहले जब urbanisation का असर और urbanisation का भविष्य, दोनों ही बिल्कुल साफ था तो उस समय एक अलग ही रवैया देश ने देखा।
— PMO India (@PMOIndia) December 28, 2020
भविष्य की जरुरतों को लेकर उतना ध्यान नहीं था, आधे-अधूरे मन से काम होता था, भ्रम की स्थिति बनी रहती थी: PM
इस सोच से अलग, आधुनिक सोच ये कहती है शहरीकरण को चुनौती ना मानकर एक अवसर की तरह इस्तेमाल किया जाए।
— PMO India (@PMOIndia) December 28, 2020
एक ऐसा अवसर जिसमें हम देश में बेहतर इंफ्रास्ट्रक्चर बना सकते हैं।
एक ऐसा अवसर जिससे हम Ease of Living बढ़ा सकते हैं।
सोच का ये अंतर शहरीकरण के हर आयाम में दिखता है: PM
साल 2014 में देश में सिर्फ 248 किलोमीटर मेट्रो लाइन्स आपरेशनल थीं।
— PMO India (@PMOIndia) December 28, 2020
आज ये करीब तीन गुनी यानी सात सौ किलोमीटर से ज्यादा है।
वर्ष 2025 तक हम इसका विस्तार 1700 किलोमीटर तक करने का प्रयास कर रहे हैं: PM
2014 में सिर्फ 5 शहरों में मेट्रो रेल थी।
— PMO India (@PMOIndia) December 28, 2020
आज 18 शहरों में मेट्रो रेल की सेवा है।
वर्ष 2025 तक हम इसे 25 से ज्यादा शहरों तक विस्तार देने वाले हैं: PM#MetroRevolution
ये सिर्फ आंकड़े नहीं हैं ये करोड़ों भारतीयों के जीवन में आ रही Ease of Living के प्रमाण हैं।
— PMO India (@PMOIndia) December 28, 2020
ये सिर्फ ईंट पत्थर, कंक्रीट और लोहे से बने इंफ्रास्ट्रक्चर नहीं हैं बल्कि देश के नागरिकों, देश के मिडिल क्लास की आकांक्षा पूरा होने के साक्ष्य हैं: PM
हमारी सरकार ने मेट्रो पॉलिसी बनाई और उसे चौतरफा रणनीति के साथ लागू भी किया।
— PMO India (@PMOIndia) December 28, 2020
हमने जोर दिया स्थानीय मांग के हिसाब से काम करने पर,
हमने जोर दिया स्थानीय मानकों को बढ़ावा देने पर,
हमने जोर दिया मेक इन इंडिया विस्तार पर,
हमने जोर दिया आधुनिक टेक्नोलॉजी के उपयोग पर: PM
हमने ध्यान दिया कि मेट्रो का विस्तार, ट्रांसपोर्ट के आधुनिक तौर-तरीकों का इस्तेमाल शहर के लोगों की जरुरतों और वहां की प्रोफेशनल लाइफस्टाइल के हिसाब से ही होना चाहिए।
— PMO India (@PMOIndia) December 28, 2020
यही वजह है कि अलग अलग शहरो में अलग अलग तरह की मेट्रो रेल पर काम हो रहा है: PM
मेट्रो नियो - जिन शहरों में सवारियां और भी कम है वहां पर मेट्रो नियो पर काम हो रहा है। ये सामान्य मेट्रो की 25 प्रतिशत लागत से ही तैयार हो जाती है।
— PMO India (@PMOIndia) December 28, 2020
इसी तरह है वॉटर मेट्रो- ये भी आउट ऑफ द बॉक्स सोच का उदाहरण है: PM
RRTS- दिल्ली मेरठ RRTS का शानदार मॉडल दिल्ली और मेरठ की दूरी को घटाकर एक घंटे से भी कम कर देगा।
— PMO India (@PMOIndia) December 28, 2020
मेट्रोलाइट- उन शहरों में जहां यात्री संख्या कम है वहां मेट्रोलाइट वर्जन पर काम हो रहा है। ये सामान्य मेट्रो की 40 प्रतिशत लागत से ही तैयार हो जाती है: PM
मेट्रो सर्विसेस के विस्तार के लिए, मेक इन इंडिया महत्वपूर्ण है।
— PMO India (@PMOIndia) December 28, 2020
मेक इन इंडिया से लागत कम होती है, विदेशी मुद्रा बचती है, और देश में ही लोगों को ज्यादा से ज्यादा रोजगार मिलता है।
रोलिंग स्टॉक के मानकीकरण से हर कोच की लागत अब 12 करोड़ से घटकर 8 करोड़ पहुंच गयी है: PM
आज चार बड़ी कंपनियां देश में ही मेट्रो कोच का निर्माण कर रही हैं।
— PMO India (@PMOIndia) December 28, 2020
दर्जनों कंपनिया मेट्रो कंपोनेंट्स के निर्माण में जुटी हैं।
इससे Make in India के साथ ही, आत्मनिर्भर भारत के अभियान को मदद मिल रही है: PM
अभी मुझे बिना ड्राइवर के चलनी वाले मेट्रो रेल का उद्घाटन करने का अवसर मिला है।
— PMO India (@PMOIndia) December 28, 2020
आज इस उपलब्धि के साथ ही हमारा देश दुनिया के उन चुनिंदा देशों में शामिल हो गया है जहां इस तरह की सुविधा हैं: PM#MetroRevolution
हम ऐसे ब्रेकिंग सिस्टम का भी प्रयोग कर रहे हैं जिनमें ब्रेक लगाने पर 50 प्रतिशत उर्जा वापस ग्रिड में चली जाती है।
— PMO India (@PMOIndia) December 28, 2020
आज मेट्रो रेल में 130 मेगावाट सोलर पावर का इस्तेमाल किया जा रहा है, जिसे बढ़ाकर 600 मेगावाट तक ले जाया जाएगा: PM#MetroRevolution
आधुनिकीकरण के लिए एक ही तरह के मानक और सुविधाएं उपलब्ध कराना बहुत जरूरी है।
— PMO India (@PMOIndia) December 28, 2020
राष्ट्रीय स्तर पर कॉमन मोबिलिटी कार्ड इसी दिशा में एक बड़ा कदम है।
आप जहां कहीं से भी यात्रा करें, आप जिस भी public transport से यात्रा करें, ये एक कार्ड आपको integrated access देगा: PM
आज तमाम व्यवस्थाओं को एकीकृत करके देश की ताकत को बढ़ाया जा रहा है, एक भारत-श्रेष्ठ भारत को मजबूत किया जा रहा है।
— PMO India (@PMOIndia) December 28, 2020
वन नेशन, वन मोबिलिटी कार्ड की तरह ही बीते वर्षों में हमारी सरकार ने देश की व्यवस्थाओं का एकीकरण करने के लिए अनेक काम किए हैं: PM
वन नेशन, वन Fastag से देशभर के हाइवे पर ट्रैवल सीमलेस हुआ है।
— PMO India (@PMOIndia) December 28, 2020
वन नेशन, वन टैक्स यानि GST से देशभर में टैक्स का जाल समाप्त हुआ है ।
वन नेशन, वन पावर ग्रिड, से देश के हर हिस्से में पर्याप्त और निरंतर बिजली की उपलब्धता सुनिश्चित हो रही है। बिजली का नुकसान कम हुआ है: PM
वन नेशन, वन गैस ग्रिड से, उन हिस्सों की Seamless Gas Connectivity सुनिश्चित हो रही है, जहां गैस आधारित जीवन और अर्थव्यवस्था पहले सपना हुआ करता था।
— PMO India (@PMOIndia) December 28, 2020
वन नेशन, वन हेल्थ एश्योरेंस स्कीम यानि आयुष्मान भारत से देश के करोड़ों लोग पूरे देश में कहीं भी इसका लाभ ले रहे हैं: PM
वन नेशन, वन राशनकार्ड, से एक स्थान से दूसरे स्थान जाने वाले नागरिकों को नया राशनकार्ड बनाने के चक्करों से मुक्ति मिली है।
— PMO India (@PMOIndia) December 28, 2020
इसी तरह नए कृषि सुधारों और e-NAM जैसी व्यवस्थाओं से वन नेशन, वन एग्रीकल्चर मार्केट की दिशा में देश आगे बढ़ रहा है: PM
Urbanisation is on the rise and we in India are fully prepared to ensure our cities have top quality infrastructure.
— Narendra Modi (@narendramodi) December 28, 2020
Increase in the number of cities with metro connectivity over the last 6 years will make you happy. #MetroRevolution pic.twitter.com/VMnfzZnpCw
Different cities have different infrastructural needs and we are catering to them, so that ‘Ease of Living’ is furthered. #MetroRevolution pic.twitter.com/PNwPFkcKsq
— Narendra Modi (@narendramodi) December 28, 2020
Furthering ‘Make in India’ and increasing the pace of progress. #MetroRevolution pic.twitter.com/lkuBo69lqs
— Narendra Modi (@narendramodi) December 28, 2020
The many advantages of a Common Mobility Card. #MetroRevolution pic.twitter.com/4AScFerm0j
— Narendra Modi (@narendramodi) December 28, 2020
Here is how a spirit of oneness is being furthered in various sectors. #MetroRevolution pic.twitter.com/BIWP8h4ems
— Narendra Modi (@narendramodi) December 28, 2020
We are committed to creating top quality infrastructure for our national capital. #MetroRevolution pic.twitter.com/8r417U5W47
— Narendra Modi (@narendramodi) December 28, 2020