Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশৰ আশাকৰ্মীৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

দেশৰ আশাকৰ্মীৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

দেশৰ আশাকৰ্মীৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

দেশৰ আশাকৰ্মীৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক


দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা প্রায় ৯০গৰাকী আশাকৰ্মীৰ এটি প্রতিনিধি দলে আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি শেহতীয়াকৈ তেওঁলোকৰ ভাট্টা বৃদ্ধি আৰু বীমাৰ সুবিধা প্রদান সম্পৰ্কে কৰা ঘোষণাৰ বাবে সন্তোষ প্রকাশ কৰাৰ লগতে প্রধানমন্ত্রীক ধন্যবাদ জনায়।

প্রধানমন্ত্রীয়ে কিছুদিন পূৰ্বে সমগ্ৰ দেশৰ আশা আৰু অংগনৱাড়ী কর্মীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কৰা বাৰ্তালাপৰ কথা দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপৰ সময়ত আশা কর্মীসকলে তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা তেওঁৰ সৈতে ভাগ-বতৰা কৰা বিষয় সন্দৰ্ভত প্রশংসা কৰি কয় যে এই অভিজ্ঞতাবোৰে নিশ্চিতভাবে বহু লোকক প্রেৰণাদায়ক যোগাব।

আজি আশা কর্মীসকলে কিদৰে তেওঁলোকে সময়মতে প্রয়োজনীয় পদক্ষেপ লৈ দুখীয়া মাতৃ আৰু শিশুসকলৰ জীৱন ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, সেই বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে।

আশা কর্মীসকলৰ দক্ষতা আৰু নিষ্ঠাৰ প্রশংসা কৰি কালাজ্বৰৰ দৰে ৰোগ দূৰীকৰণত বিল আৰু মেলিন্দা গেট্‌ছৰ দৰে ব্যক্তিসকলেও তেওঁলোকৰ প্রচেষ্টাৰ প্রশংসা কৰিছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

গাওঁসমূহত জীৱনযাপনৰ মান উন্নয়নত বিভিন্ন চৰকাৰী সংস্থাৰ সৈতে সমন্বয় বৰ্তাই ৰাখি কাম কৰাৰ বাবে প্রধানমন্ত্রীয়ে আশা কর্মীসকলক আৰু অধিক নিষ্ঠাবান হোৱাৰ পৰামর্শ আগবঢ়ায়। দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজত দুখীয়া লোকসকলৰ সবলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা চৰকাৰী আঁচনিসমূহৰ উদ্দেশ্যৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

এই উপলক্ষে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী শ্রী জে. পি. নড্ডাও উপস্থিত থাকে।

***

AKT/VJ/AK/DB