Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশৰ প্ৰথম চীফ অফ ডিফেন্স ষ্টাফ হিচাপে দায়িত্ব গ্ৰহণ কৰা জেনেৰেল বিপিন ৰাৱাটক অভিনন্দন প্ৰধানমন্ত্রীৰ


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম চীফ অফ ডিফেন্স ষ্টাফৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে জেনেৰেল বিপিন ৰাৱাটক অভিনন্দন জনায়৷

এক শুভেচ্ছা বার্তাত প্ৰধানমন্ত্রীয়ে কয়, “মই অতিশয় আনন্দিত, নতুন বছৰ আৰু নতুন দশকৰ শুভাৰম্ভণিতে ভাৰতে জেনেৰেল বিপিন ৰাৱাটক প্ৰথম চীফ অফ ডিফেন্স ষ্টাফ হিচাপে পালে৷ মই তেওঁক অভিনন্দন জনাইছো৷ আশা কৰো এই কামৰ দায়িত্ব তেওঁ যথাযথভাবে পালন কৰিব৷ তেওঁ অদম্য উৎসাহেৰে দেশৰ সেৱা কৰিছে৷

প্ৰথম চীফ অফ ডিফেন্স ষ্টাফ হিচাপে দায়িত্ব গ্ৰহণ অনুষ্ঠানৰ মাজতে আমাৰ জাতিৰ বাবে যিসকলে নিজৰ জীৱন উৎসর্গা কৰিলে, তেওঁলোকৰ প্ৰতিও শ্ৰদ্ধা জনাইছো৷ কার্গিলত যিসকল বীৰ সেনানীয়ে যুদ্ধ কৰিছিল, তেওঁলোককো সুঁৱৰিছো৷ ইয়াৰ পাছতে আমাৰ সেনাবাহিনীৰ সংস্কাৰৰ সন্দৰ্ভত কেতবোৰ আলোচনা হয়। সেই সূত্রে আজিৰ এই ঐতিহাসিক সিদ্ধান্তত উপনীত হ’বলৈ সক্ষম হৈছে৷

২০১৯ৰ ১৫ আগষ্টত লালকিল্লাৰ আৱেষ্টনীৰ পৰা মই ঘোষণা কৰিছিলো ভাৰতৰ এগৰাকী চীফ অফ ডিফেন্স ষ্টাফ থাকিব৷ আমাৰ প্ৰতিষ্ঠানে সেনাবাহিনীৰ আধুনিকীকৰণৰ কামত গুৰুদায়িত্ব পালন কৰিছে। দেশৰ ১৩০ কোটি লোকৰ আশা-আকাঙ্ক্ষাও ইয়াৰ দ্বাৰই প্ৰতিফলিত হ’ব৷

প্ৰতিৰক্ষা পৰিক্ৰমা বিভাগ গঠনৰ লগতে সামৰিক বাহিনীত বিশেষজ্ঞ তথা চীফ অফ ডিফেন্স ষ্টাফ প্ৰতিষ্ঠানিকতা কৰাটো অতি গুৰুত্বপূর্ণ। ইয়াৰ ফলত আধুনিক যুদ্ধ ৰীতি-নীতিৰ যিবোৰ পৰিৱৰ্তন দেশৰ সন্মুখলৈ আহিছে, তাৰো মোকাবিলা কৰাৰ ক্ষেত্ৰত সুবিধা হ’ব৷”

*****

VRRK/KP/DB