Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশৰ ভিন্ন প্ৰান্তৰ উজ্জ্বলা যোজনাৰ উপভোক্তাৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ মোদীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ভিন্ন প্ৰান্তৰ উজ্জ্বলা যোজনাৰ উপভোক্তাসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে মত-বিনিময় কৰে৷

এই মত-বিনিময়ৰ বাবে দেশৰ বিভিন্ন স্থানত মুঠ ৬০০ কেন্দ্ৰত তিনিগৰাকীকৈ উপভোক্তা উপস্থিত থাকে৷

নৰেন্দ্ৰ মোদী এপ, বিভিন্ন টেলিভিচন নিউজ চেনেল আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰায় ১০ লাখ লোকে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান উপভোগ কৰে৷

উপভোক্তাসকলৰ সৈতে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উজ্জ্বলা আঁচনি প্ৰগতিৰ এক প্ৰতীক হৈ পৰিছে৷ ইয়ে উল্লেখনীয় সামাজিক পৰিৱৰ্তন কঢ়িয়াই আনিছে, যাৰ ফলস্বৰূপে দেশৰ সামগ্ৰিক উন্নয়ন সাধন হৈছে৷

উজ্জ্বলা যোজনাৰ অধীনত প্ৰায় ৪ কোটি মহিলাই ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে৷ ২০১৪ৰ পৰা যোৱা ৪ বছৰত মুঠ ১০ কোটি নতুন ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে৷ ইয়াৰ বিপৰীতে ১৯৫৫ৰ পৰা ২০১৪লৈ প্ৰায় ৬টা দশকত এই পৰিমাণ আছিল মাত্ৰ ১৩ কোটি৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উজ্জ্বলা যোজনাই উন্নত স্বাস্থ্য, বিষাক্ত ধোৱাৰ পৰা মুক্তিৰ জৰিয়তে দেশৰ মহিলাসকলক উপকৃত কৰিছে৷ ৰন্ধন প্ৰকৰণৰ সময় হ্ৰাস হোৱাত মহিলাসকলে অতিৰিক্ত আয় উপাৰ্জনৰ সুযোগ লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিত যাতে মধ্যভোগী জড়িত হ’ব নোৱাৰে আৰু উপভোক্তা চিনাক্তকৰণত সম্পূৰ্ণ স্বচ্ছতা অৱলম্বন কৰা হয়, তাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে৷

ভাৰতবৰ্ষৰ ৬৯শতাংশ গাঁৱত এতিয়া ১০০% লোকৰ এলপিজি সংযোগ আছে৷ ইয়াৰ বিপৰীতে ৮১ শতাংশতকৈ অধিক গাঁৱৰ ৭৫শতাংশ বাসিন্দাক ৰন্ধন গেছে সাঙুৰি লৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপত উপভোক্তাসকলে বিশ্লেষণ কৰে এলপিজি সংযোগে কিদৰে ৰন্ধন প্ৰকৰণৰ সময় হ্ৰাস কৰিছে আৰু গোটেই পৰিয়ালটোৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে৷

 ***

AKT/VJ/VK/MS