Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দ্বৈত কৰ ব্যৱস্থাৰ পৰিহাৰ আৰু আয় কৰৰ ক্ষেত্রত ৰাজহ ফাঁকি প্রতিৰোধৰ লক্ষ্যৰে ভাৰত আৰু কিৰ্গিজস্তানৰ মাজত চুক্তিৰ প্রট’কলৰ সংশোধনীত কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত দ্বৈত কৰ ব্যৱস্থাৰ পৰিহাৰ আৰু আয় কৰৰ ক্ষেত্রত ৰাজহ ফাঁকি প্রতিৰোধৰ লক্ষ্যৰে ভাৰত আৰু কিৰ্গিজস্তানৰ মাজত স্বাক্ষৰিত চুক্তিৰ প্রট’কলৰ সংশোধনীত অনুমোদন জনোৱা হয়।

দ্বৈত কৰৰ ব্যৱস্থা পৰিহাৰ (ডিটিএএ) চুক্তি’ৰ প্রট’কল সংশোধনীৰ লক্ষ্য হৈছে ডিটিএএ’ৰ ২৬ নং অনুচ্ছেদক(তথ্য আদান-প্রদান কৰা) আন্তর্জাতিক মানলৈ উন্নীত কৰা। ইয়াৰ ফলত তথ্য আদান-প্রদানৰ সম্ভাব্য সর্বাধিক ক্ষেত্ত প্রস্তুত কৰা হ’ব। ২৬ নং অনুচ্ছেদৰ ভিতৰত ৪ আৰু ৫ নং ধাৰাৰে যুক্ত হ’ব। ইয়াৰ দ্বাৰা যি তথ্য বিচৰা হ’ব, সেই ক্ষেত্রত দেশীয় কৰনীয় অথবা সেয়া কোনো বেংক অথবা অর্থনৈতিক সংস্থাৰ পৰা বিচৰা ইত্যাদি যুক্তি দেখুৱাই তথ্য প্রদানত নকৰাকৈ থাকিব নোৱাৰিব।

পটভূমিঃ

ভাৰত আৰু কিৰ্গিস্তানৰ মাজত ২০০১ চনৰ ০৭ ফেব্রুৱাৰীত চলিত ডিটিএএ চুক্তিৰ জাননী জাৰী কৰা হৈছিল। এই সংশোধনীয়ে দুয়োদেশত কৰ ফাঁকি তথা দ্বৈত কৰ পৰিহাৰত যথেষ্ট ফলপ্ৰসূ ভূমিকা পালন পাৰে।

*****

AKT/VBA/SH /DB