Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে উগাণ্ডাৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ  ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে উগাণ্ডাৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে উগাণ্ডা গণৰাজ্যৰ উপ-ৰাষ্ট্ৰপতি জেছিকা ৰ’জ এপেল আলুপ’ৰ সৈতে সৌহাদ্যপূৰ্ণ আৰু ফলপ্ৰসূ দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

দুয়োগৰাকী নেতাই ভাৰত আৰু উগাণ্ডাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত প্ৰযুক্তি অংশীদাৰিত্ব, ক্ষমতা নিৰ্মাণ, জ্ঞানৰ আদান-প্ৰদান, বিনিয়োগৰ সুবিধা আৰু ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ জৰিয়তে গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে উল্লেখ কৰে যে ভাৰত আৰু উগাণ্ডাৰ মাজত উন্নয়নমূলক অংশীদাৰিত্ব দুয়োখন দেশৰ বাবে শক্তিৰ উৎস। প্ৰধানমন্ত্ৰীয়ে এক পৰিৱৰ্তিত আৰু সমৃদ্ধিশালী উগাণ্ডাৰ বাবে উগাণ্ডাৰ ‘ভিজন ২০৪০’ ৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ নিশ্চিত কৰে। তেওঁলোকে লগতে গুৰুত্ব আৰোপ কৰে যে জনসাধাৰণৰ মাজত ঘনিষ্ঠ সম্পৰ্কই অংশীদাৰিত্বক দৃঢ়তা প্ৰদান কৰি আহিছে।

দুয়োগৰাকী নেতাই গ্ল’বেল চাউথৰ কণ্ঠক বিজয়ী কৰিবলৈ ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

 

*********

MJPS/SS/ST/MK