Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়তে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ১৮ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী মহামান্য ড০ আবি আহমেদ আলীৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন বিষয়ত আলোচনা কৰে। তেওঁলোকে অৰ্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা আৰু নিৰাপত্তা অংশীদাৰিত্ব তথা সক্ষমতা বিকাশকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত হোৱা অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে।

২০২৫ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবালৈ কৰা ঐতিহাসিক ভ্ৰমণৰ আধাৰত এই বৈঠকে দুয়োখন দেশৰ মাজৰ সহযোগিতাক অধিক আগুৱাই লৈ যায়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ বিষয়েও মত-বিনিময় কৰে।

বহুপাক্ষিক মঞ্চসমূহত ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰখাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ১৮ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত ইথিওপিয়াৰ অংশগ্ৰহণৰ বাবে দেশখনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে উল্লেখ কৰে যে ইথিওপিয়াৰ উপস্থিতিয়ে গ্ল’বেল ছাউথ অৰ্থাৎ বিশ্বৰ উন্নয়নশীল দেশসমূহৰ সামূহিক কণ্ঠস্বৰক অধিক শক্তিশালী কৰাত সহায় কৰিছে।

 

*****

MJPS/SS/ST/DM