Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়তে ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়তে  সমাজবাদী গণৰাজ্য ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী লে মিন হাঙৰ সৈতে বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে অংশীদাৰ দেশ হিচাপে ব্ৰিকছ শীৰ্ষ সন্মিলনত ভিয়েটনামৰ অংশগ্ৰহণক আদৰণি জনায়।এই বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি পৰ্যালোচনা কৰে। ২০২৬ চনৰ মে’ মাহত ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক তথা  সমাজবাদী গণৰাজ্য ভিয়েটনামৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী টো লামে ভাৰত ভ্ৰমণ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক উন্নীত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত  হৈছিল।বৈঠকত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ সৈতে জড়িত বিভিন্ন আঞ্চলিক তথা  গোলকীয় বিষয়তো মত বিনিময় কৰে। লগতে দুয়োগৰাকী নেতাই ভাৰত আৰু ভিয়েটনামৰ মাজৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। ভাৰত আৰু ভিয়েটনামে এক উমৈহতীয়া সভ্যতামূলক ঐতিহ্য, পাৰস্পৰিক আস্থা আৰু বুজাবুজিৰ ভিত্তিত প্ৰতিষ্ঠিত দীৰ্ঘদিনীয়া বন্ধুত্ব ভাগ-বাটোৱাৰা কৰি আহিছে।ভিয়েটনাম ভাৰতৰ  ভাৰতৰ এক্ট ইষ্ট পলিচি(Act East Policy)ৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ বিস্তৃত সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ অংশীদাৰ।

 

*************

MJPS/SS/ST/DM