পি এম ইণ্ডিয়া
মাননীয় প্ৰধানমন্ত্ৰী যোছেপ্পে কোন্তে মহোদয়, কেবিনেটৰ মোৰ সহযোগী ডঃ হৰ্ষবৰ্ধন মহোদয়, প্ৰযুক্তি সন্মিলনত উপস্থিত প্ৰযুক্তি জগতৰ সৈতে জড়িত ভাৰত আৰু ইটালীৰ সমূহ গণ্যমান্য ব্যক্তিসকল!
নমস্কাৰ !
চাও, কোমে সতাই!
ইটালীৰ পৰা ইয়ালৈ অহা সমূহ অতিথিক বিশেষ ৰূপত স্বাগতম জনাইছোঁ৷
বেনবেনুতো ইন ইণ্ডিয়া!
বন্ধুসকল,
এয়া ২৪তম প্ৰযুক্তি সন্মিলন৷ এই সন্মিলনত সহযোগী ৰাষ্ট্ৰৰ ৰূপত ইটালীৰ সহযোগিতা আৰু লগতে প্ৰধানমন্ত্ৰী কোন্তে মহোদয়ৰ গৰিমাময় উপস্থিতি, এয়া আমাৰ বাবে গৌৰৱৰ বিষয়৷
ইয়ালৈ অহাৰ পূৰ্বে আমাৰ অধিকাৰিক সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী কোন্তে মহোদয়ৰ সৈতে এই সন্দৰ্ভত মই বিস্তাৰিত ভাবে চৰ্চা কৰিছোঁ৷ ভাৰতৰ সৈতে সম্বন্ধৰ প্ৰতি তেওঁৰ উৎসাহ আৰু তেওঁৰ প্ৰতিশ্ৰুতি মই বাৰুকৈয়ে অনুভৱ কৰিছোঁ৷
এই বৰ্ষটো আমাৰ বাবে এইকাৰণেই গুৰুত্বপূৰ্ণ কিয়নো এয়া ভাৰত আৰু ইটালীৰ কূটনৈতিক সম্বন্ধৰ ৭০তম বৰ্ষ৷ এই বৰ্ষতেই বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ সহযোগিতাৰ ৪০টা বৰ্ষ সম্পূৰ্ণ হৈছে৷ এই শুভ মুহূৰ্তত প্ৰধানমন্ত্ৰী কোন্তে মহোদয়ৰ ভাৰত যাত্ৰাই এক বিশেষ তাৎপৰ্য বহন কৰিছে৷
বন্ধুসকল,
এয়া এনে সময় যে আমি প্ৰযুক্তি অবিহনে জীৱনৰ কল্পনা কৰাও অসম্ভৱ৷ আজি প্ৰায় প্ৰতিজন ব্যক্তিৰ জীৱন প্ৰযুক্তিৰ সৈতে কোনোবা নহয় কোনোবাটো দিশত জড়িত হৈ আছে৷ বিগত কিছু বৰ্ষত প্ৰযুক্তি ক্ষেত্ৰত আমূল পৰিৱৰ্তন হৈছে৷ ইয়াৰ গতিবেগ ইমানেই ক্ষীপ্ৰ যে প্ৰযুক্তিৰ প্ৰভাৱে সমাজৰ আটাইতকৈ শেষৰ মানুহজনক স্পৰ্শ কৰিবলৈ নাপাওঁতেই আকৌ নতুন এটা প্ৰযুক্তিৰ সৃষ্টি হয়৷ এইক্ষেত্ৰত সকলো দেশে পৰিৱৰ্তিত প্ৰযুক্তিৰ সৈতে চলিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও ইয়াত ন ন অৱকাশৰো সৃষ্টি হৈছে৷
ভাৰতে প্ৰযুক্তিক সামাজিক ন্যায়, সৱলীকৰণ, সমাবেশ, সক্ষম চৰকাৰী তন্ত্ৰ আৰু পাৰদৰ্শিতাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে৷ চৰকাৰী সেৱাক কাৰ্যকৰী লাষ্ট মাইল ডেলিভাৰীৰ মাধ্যমক প্ৰযুক্তিৰ মাধ্যমৰ জৰিয়তে সুনিশ্চিত কৰা হৈছে৷ বিশেষ ৰূপত ডিজিটেল প্ৰযুক্তিৰ এক ব্যাপক আন্তঃগাঁথনি বিকশিত কৰা হৈছে যাতে জনসাধাৰণে সহজে ইয়াৰ সুবিধা লাভ কৰিব পাৰে৷ প্ৰযুক্তিক আমি ইজ অব্ লিভিঙৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে বিবেচিত কৰোঁ৷
বন্ধুসকল,
আজি বিশ্বৰ সবাতোকৈ বৃহৎ প্ৰত্যক্ষ লাভ আঁচনি ভাৰতত প্ৰণয়ন কৰা হৈছে৷ চৰকাৰী সাহায্য প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হৈছে৷ জন্মৰ স্বীকৃতিপত্ৰৰ পৰা আৰম্ভ কৰি বৃদ্ধাৱস্থাৰ পেঞ্চন পৰ্যন্ত অনেক সুবিধা আজি অনলাইন কৰা হৈছে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ৩০০ত কৈও অধিত সেৱা উমংগ এপৰ জৰিয়তে এটা প্লেটফ’ৰ্মলৈ অনা হৈছে৷
ডিজিটেল পে’মেণ্ট আজিকালি প্ৰায় প্ৰতিমাহে আঢ়ৈশ কোটি লেনদেনৰ দ্ৰুতিৰে আগবাঢ়িছে৷ সমগ্ৰ দেশতে ৩ লাখতকৈও অধিক সাধাৰণ সেৱা কেন্দ্ৰৰ জৰিয়তে গাঁৱে-গাঁৱে অনলাইন সেৱা প্ৰদান কৰা হৈছে৷ বিগত চাৰিটা বৰ্ষত ভাৰতত এক জিবি ডাটাৰ মূল্য ৯০ শতাংশতকৈও কম হৈছে৷ ভাৰতত এই কম খৰচী ডাটা, দেশৰ প্ৰতিজন ব্যক্তিলৈ ডিজিটেল প্ৰযুক্তি প্ৰেৰণ কৰাৰ কাৰ্যকৰী মাধ্যম হিচাপে পৰিগণিত হৈছে৷
বন্ধুসকল,
ভাৰতে এতিয়া তথ্য প্ৰযুক্তিৰ শক্তিক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ বাবে অগ্ৰসৰ হৈছে৷ আমি ভাৰতত Scientific Temperৰ দ্বাৰা Technological Temperament লৈ বিকশিত কৰাত গুৰুত্ব প্ৰদান কৰিছোঁ৷
দেশত অটল টিংকাৰিং লেবৰ জৰিয়তে বিদ্যালয়সমূহত উদ্ভাৱনৰ বাবে, ভৱিষ্যতৰ প্ৰযুক্তিৰ বাবে Temperament বিকশিত কৰা হৈছে৷ অটল উদ্ভাৱন অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে তৰুণ প্ৰজন্মৰ এনে নেটৱৰ্ক গঠন কৰা হৈছে যে ই চতুৰ্থ ঔদ্যোগিক অভিযানৰ এক শক্তিশালী স্তম্ভস্বৰূপ হ’ব৷
চৰকাৰ এনে প্ৰয়াসসমূহৰ ফলতেই World Intellectual Property Organisation, WIPO ৰ বিশ্বজনীন উদ্ভাৱন মূল্যাংকনত আমি ২১টা স্থান আগুৱাব পাৰিছোঁ৷ ইয়াৰোপৰি আজি বিশ্বৰ সকলোতকৈ বৃহৎ ষ্টাৰ্ট-আপৰ পৰিবেশতন্ত্ৰ ভাৰততেই আছে৷
ভাৰতত যি উদ্ভাৱন হ’বলৈ ধৰিছে তাত গুণগতমানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷ ভাৰতৰ মহাকাশ কাৰ্যসূচী ইয়াৰ এক উত্তম উদাহৰণ আৰু ইয়াৰ সফলতা ইটালীয়েও অনুভৱ কৰিছে৷
আজি ভাৰতে ইটালীসহিতে বিশ্বৰ অনেক দেশৰ উপগ্ৰহ অতি কম খৰচতে মহাকাশলৈ প্ৰেৰণ কৰিছে৷ এই উপগ্ৰহই প্ৰযুক্তিৰ লাভ ঘৰে ঘৰে প্ৰদান কৰাত উপযোগী বিবেচিত হৈছে৷
বন্ধুসকল, আজি যেতিয়া বিশ্বই উদ্যোগ ৪.০ৰ আলোচনা কৰি আছে তেতিয়া ভাৰত আৰু ইটালীৰ প্ৰাচীন সভ্যতাৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ সহযোগিতাক শক্তিশালী কৰাৰ নতুন অৱকাশৰ সৃষ্টি হোৱাৰ লগতে প্ৰত্যাহ্বানৰ মুখামুখিও কাৰ্যকৰী ৰূপত কৰিব পৰা হ’ব৷
বন্ধুসকল,
আজি ভাৰত বিশ্বৰ সবাতোকৈ দ্ৰুত গতিত উত্থান হোৱা অৰ্থব্যৱস্থাসমূহৰ ভিতৰত অন্যতম দেশ হিচাপে পৰিগণিত হৈছে৷ ভাৰতৰ বিশাল ঘৰুৱা বজাৰ, যুৱ প্ৰজন্ম, প্ৰযুক্তি আৰু উদ্ভাৱনৰ পৰিবেশতন্ত্ৰই বিশ্বৰ উত্তৰণৰ এক শক্তিশালী ইঞ্জিন হিচাপে পৰিগণিত হ’ব৷
সেই বিজ্ঞান আৰু প্ৰযুক্তি ইটালীৰ ওচৰতো আছে৷ নিৰ্মাণ খণ্ডত ইটালীৰ নাম উত্তম গুণগতমানৰ বাবে প্ৰসিদ্ধ৷ সেইবাবে ভাৰত আৰু ইটালীয়ে একত্ৰিতভাৱে উচ্চ গুণগতমানৰ গৱেষণাত নিজৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰিব পাৰে৷ এই সহযোগিতাৰ জৰিয়তে আমি বিশ্বজনীন প্ৰত্যাহ্বানৰ সমাধানৰ বাবে সহযোগিতা প্ৰযুক্তিগত সমাধান প্ৰস্তুত কৰিব পাৰোঁ৷
এয়াই একমাত্ৰ কাৰণ যে দুয়োখন দেশৰ জনসাধাৰণৰ জীৱন বিকশিত কৰিবলৈ, পৰিবেশ স্বচ্ছ কৰিবলৈ, মানৱ কল্যাণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিত সহযোগিতা শক্তিশালী কৰিবলৈ ইয়াৰ অধিক আৱশ্যক৷ মই এই কথাত সুখী হৈছোঁ যে দুয়োখন দেশৰ বৈজ্ঞানিক সমাজ আৰু ব্যৱসায়িত নেতৃত্বই একত্ৰিত হৈ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি আছে৷ নৱীকৰণযোগ্য শক্তি, পৰিবেশ বিজ্ঞান, নিউৰ’ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ দৰে ক্ষেত্ৰত আমাৰ সহযোগিতা ব্যাপক হৈছে৷
বন্ধুসকল,
সহযোগিতাৰ এই পথক সৱলীকৰণ কৰাৰ লগতে আমাৰ লক্ষ্য এয়া সুনিশ্চিত কৰা যে গৱেষণা আৰু বিকাশৰ পৰিণাম যাতে গৱেষণাগাৰতেই সীমিত নাথাকে, ইয়াৰ লাভ যাতে সমাজ আৰু জনতাইও লাভ কৰিব পাৰে৷ সেইবাবে মই সদায়েই কওঁ, ‘‘বিজ্ঞান বিশ্বজনীন, প্ৰযুক্তি স্থানীয়ভিত্তিক হ’ব লাগে৷’’
ভাৰতত আমি নিজৰ ঐতিহাসিক ঐতিহ্যৰ সংৰক্ষণৰ বাবে Science and Heritage Research Initiative অৰ্থাৎ SHRI ৰ আৰম্ভ কৰিছোঁ৷ ইয়াৰ উদ্দেশ্য ঐতিহাসিক স্মাৰকৰ সংৰক্ষণ আৰু পুনৰ স্থাপনৰ বাবে প্ৰযুক্তিৰ সৈতে জড়িত সমাধান সন্ধান কৰা৷ প্ৰযুক্তি, পৰ্যটন আৰু ইতিহাস- তিনিওটাৰে সংগম এই পদক্ষেপত পৰিলক্ষিত হৈছে৷
মোৰ বিশ্বাস যে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনক অগ্ৰগতি প্ৰদান কৰি বিকাশৰ নতুন গতি সুনিশ্চিত হ’ব৷ আমাৰ দ্বিপাক্ষিক সম্বন্ধৰ বিকাশতো ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব৷ এয়াই এই প্ৰযুক্তি সন্মিলন উদ্দেশ্য৷
মোৰ বিশ্বাস যে বিগত দুদিনৰ সন্মিলনত হোৱা আলোচনাসমূহৰ দ্বাৰা দুয়োখন দেশৰ মাজত প্ৰযুক্তি স্থানান্তৰণ, যৌথ অভিযান আৰু বজাৰ অভিগমন বৃদ্ধি কৰাত সহায় হ’ব৷ এই সন্মিলনে আমাৰ ভৱিষ্যতৰ সহযোগিতা আলোচনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷
বন্ধুসকল,
আজি ভাৰত-ইটালী দ্বিপাক্ষিক ঔদ্যোগিক গৱেষণা আৰু বিকাশ সহযোগিতাৰ কাৰ্যসূচীৰ পৰৱৰ্তী পৰ্যায়ৰ আৰম্ভণিৰ ঘোষণা কৰি মই সন্তোষ লাভ কৰিছোঁ৷ ইয়াৰ দ্বাৰা আমাৰ উদ্যোগ আৰু গৱেষণা সংস্থাই বিনা বাধাই নতুন উৎপাদন আৰু প্ৰ’ট’টাইপ বিকশিত কৰিব পাৰিব৷ “Know how” সময়ৰ আৱশ্যকতা অনুসৰি “Show how” লৈ পৰিৱৰ্তিত কৰিব লাগে৷
দুয়োখন দেশৰ আৰ্থিক সম্বন্ধ আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি এই কথাতো সহমত প্ৰকাশ কৰিছোঁ যে অৰ্থনৈতিক সহযোগিতাৰ যুঁটীয়া আয়োগ, জেচিইচিৰ পথ প্ৰদৰ্শনৰ বাবে এক চিইঅ’ ফ’ৰামৰ গঠন কৰা হওক৷ ইয়াৰ লগতে, দুয়োখন দেশৰ দ্বিপাক্ষিক বিনিয়োগ বৃদ্ধি কৰাৰ বাবে, ব্যৱসায়ত সন্মুখীন হোৱা জটিলতাসমূহৰ দূৰ কৰাৰ বাবে এক ফাষ্ট ট্ৰেক প্ৰণালী প্ৰণয়নতো সহমত প্ৰকাশ কৰা হৈছে৷
মই এই কথাত সন্তোষ পাইছোঁ যে ভাৰত আৰু ইটালীয়ে, এলইডি অৰ্থাৎ Life Style Accessories Design ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত সহমত প্ৰকাশ কৰিছে৷ ইয়াৰ দ্বাৰা চামৰা ক্ষেত্ৰ, পৰিবহণ আৰু অট’ম’বাইল ডিজাইন অৰ্থাৎ টিএডিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব৷
লগতে মই কথা ঘোষণা কৰিও প্ৰসন্নতা লাভ কৰিছোঁ যে দুয়োখন দেশে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, পুনৰ নৱীকৰণ শক্তি, জীৱন বিজ্ঞান আৰু ভৌগোলিক বিপত্তিৰ দৰে নিৰ্বাচিত ক্ষেত্ৰসমূহত কৌশলৰ ওপৰত আধাৰিত Indo-Italian Centres of Excellence ৰ স্থাপন কৰিব৷ ইয়াৰ দ্বাৰা কেৱল উচ্চ শ্ৰেণীৰ বিশ্ববিদ্যালয়, অনুসন্ধান সংস্থা আৰু উদ্যোগসমূহে পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত হোৱাৰ লগতে অনাগত প্ৰত্যাহ্বানসমূহৰ প্ৰযুক্তিগত সমাধানো উলিয়াবলৈ সমৰ্থ হ’ব৷
বন্ধুসকল,
প্ৰযুক্তি সন্মিলনৰ সাফল্যৰ বাবে মই সকলো আয়োজকক হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ মই ইটালী চৰকাৰকো হৃদয়েৰে ধন্যবাদ প্ৰদান কৰিছোঁ যে তেওঁলোকে এক সহযোগী দেশৰ ৰূপত জড়িত হোৱাৰ আমাৰ নিমন্ত্ৰণক সঁহাৰি জনালে৷ প্ৰযুক্তি সন্মিলনৰ সকলো অংশগ্ৰহণকাৰীকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আপোনালোক সকলোৰে যোগদান আৰু উপস্থিতি এই সন্মিলনৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ৷
মই পুনৰবাৰ প্ৰধানমন্ত্ৰী কোন্তে মহোদয়ক এই কাৰ্যসূচীৰ শোভা বৰ্ধন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এয়াই নহয়, তেওঁ ভাৰত-ইটালীৰ নতুন সহযোগিতাৰ নৱনিৰ্মাণক নিজৰ ব্যক্তিগত পথ প্ৰদৰ্শন, দৃষ্টিকোণ আৰু প্ৰতিবদ্ধতাৰ জৰিয়তে এক অনন্য মাত্ৰাও প্ৰদান কৰিছে৷
গ্ৰাস্তিয়ে মিললে!
অশেষ ধন্যবাদ!
***
अतुल कुमार तिवारी/शाहबाज़ हसीबी/बाल्मीकि महतो/MANN
More technology for greater progress. Addressing the India-Italy Technology Summit. https://t.co/Tqn285Hevs
— Narendra Modi (@narendramodi) October 30, 2018
भारत ने तो टेक्नॉलॉजी को सामाजिक न्याय, सशक्तिकरण, समावेश, सक्षम सरकारी तंत्र और पारदर्शिता का माध्यम बनाया है।
— PMO India (@PMOIndia) October 30, 2018
सरकारी सेवाओं की प्रभावी Last Mile Delivery को टेक्नॉलॉजी के माध्यम से सुनिश्चित किया जा रहा है: PM
बर्थ सर्टिफिकेट से लेकर बुढ़ापे की पेंशन तक की अनेक सुविधाएं आज ऑनलाइन हैं।
— PMO India (@PMOIndia) October 30, 2018
300 से अधिक केंद्र और राज्य सरकार की सेवाओं को उमंग App के माध्यम से एक प्लेटफॉर्म पर लाया गया है।
देशभर में 3 लाख से अधिक कॉमन सर्विस सेंटर्स से गांव-गांव में ऑनलाइन सेवाएं दी जा रही हैं: PM
भारत अब IT Software Power की अपनी पहचान को Next Level पर ले जाने के लिए आगे बढ़ रहा है।
— PMO India (@PMOIndia) October 30, 2018
हम भारत में Scientific Temper से Technological Temperament विकसित करने पर जोर दे रहे हैं।
अटल Innovation Mission के माध्यम से देश भर में ऐसे युवाओं का नेटवर्क तैयार किया जा रहा है: PM
भारत में जो Innovation हो रहे हैं उसमें Quality पर भी जोर दिया जा रहा है।
— PMO India (@PMOIndia) October 30, 2018
भारत का स्पेस प्रोग्राम इसका बेहतरीन उदाहरण है और इसकी सफलता तो इटली ने भी महसूस की है।
आज भारत इटली समेत दुनिया के अनेक देशों के सैटलाइट बहुत कम खर्च पर अंतरिक्ष में भेज रहा है: PM
भारत-इटली द्विपक्षीय Industrial Research and Development Cooperation कार्यक्रम के अगले चरण की शुरूआत की घोषणा करते हुए मुझे खुशी हो रही है।
— PMO India (@PMOIndia) October 30, 2018
इससे हमारे उद्योग और रिसर्च संस्थान बिना किसी बाधा के नए उत्पाद विकसित कर सकेंगे।
'Know how', Show how' में परिवर्तित हो सकेंगे: PM
मुझे इस बात की भी प्रसन्नता है कि भारत और इटली LAD यानि
— PMO India (@PMOIndia) October 30, 2018
Life Style Accessories Design के क्षेत्र में सहयोग बढ़ाने पर सहमत हुए हैं।
इसमें भी लेदर सेक्टर, Transportation & Automobile Design यानि TAD पर विशेष फोकस किया जाएगा: PM
India is delighted to host PM @GiuseppeConteIT.
— Narendra Modi (@narendramodi) October 30, 2018
I am glad he took part in the Technology Summit as well.
During our talks earlier today, we reviewed the full range of the India-Italy partnership, particularly in advancing cooperation in trade, technology and culture. pic.twitter.com/zGOoZBCJZ9
In order to give an impetus to enhanced economic cooperation between India and Italy, it was decided to set up a CEO forum guided by a Joint Commission on Economic Cooperation.
— Narendra Modi (@narendramodi) October 30, 2018
To increase two-way investments, we have decided to create a fast-track mechanism. @GiuseppeConteIT pic.twitter.com/Bg1wxknKP4
India and Italy have decided to boost ties in key sectors such as lifestyle accessories design, transportation and automobile design, energy, life sciences etc. Such extensive engagement will benefit the citizens of our nations. @GiuseppeConteIT
— Narendra Modi (@narendramodi) October 30, 2018